ETV Bharat / entertainment

কিউকি চাছ ভি কভী বহু থী ৰে বিখ্যাত হোৱা টিভি তাৰকা বিকাশ শেঠীৰ 48 বছৰ বয়সত মৃত্যু - Vikas Sethi death reason

author img

By ETV Bharat Entertainment Team

Published : Sep 9, 2024, 12:26 PM IST

Vikas Sethi Passed Away : 20 দশকৰ জনপ্ৰিয় টিভি অনুষ্ঠান ‘‘কিউকি চাছ ভি কভী বহু থী’’ আৰু ‘‘কছৌটি জিন্দেগী কী’’ত তেওঁৰ চৰিত্ৰৰ বাবে জনাজাত অভিনেতা বিকাশ শেঠীৰ 8 ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তেওঁ 48 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত পত্নী জাহ্নৱী আৰু যমজ পুত্ৰক এৰি থৈ যায় ।

Vikas Sethi of Kyunki Saas Bhi Kabhi Bahu Thi Fame Dies at 48
টিভি তাৰকা বিকাশ শেঠী (Instagram)

চিটাৰা ডেস্ক, 9 ছেপ্টেম্বৰ : ‘‘কিউকি চাছ ভি কভী বহু থী’’ আৰু ‘‘কহী তো হোগা’’ৰ দৰে বহু জনপ্ৰিয় দৈনিক ধাৰাবাহিকত অভিনয় কৰি পৰিচিত হোৱা অভিনেতা বিকাশ শেঠীৰ 8 ছেপ্টেম্বৰ দেওবাৰে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 48 বছৰ । অভিনেতাজনৰ টোপনিতে মৃত্যু হয়, তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

হতাশাৰ সৈতে যুঁজি আছিল বিকাশ শেঠী

2021 চনত অভিনেতাগৰাকীয়ে ভৰিৰ অস্ত্ৰোপচাৰ কৰিছিল আৰু তাৰ এটা ভিডিঅ’ তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছিল । বিকাশে কৈছিল যে তেওঁ সোনকালে সুস্থ হৈ উঠিব । তেওঁ প্ৰায়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ফিটনেছ আৰু প্ৰেৰণাদায়ক ভিডিঅ’ শ্বেয়াৰ কৰিছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেতাগৰাকী ডিপ্ৰেছনৰ সৈতে যুঁজি আছিল আৰু আৰ্থিক সমস্যাৰো সন্মুখীন হৈছিল । শেহতীয়াকৈ তেওঁ চলচ্চিত্ৰ নিৰ্মাতা হিচাপেও কাম কৰি নিজাকৈ প্ৰডাকশ্যন হাউচ চি কে পিকচাৰ্ছ আৰম্ভ কৰিছিল ।

চিনেমাতো কৰিছে কাম

তেওঁৰ অন্তিম পোষ্টতো তেওঁৰ মাকৰ সৈতে আছিল । দুয়োকে একেলগে মাতৃ দিৱস উদযাপন কৰা দেখা গৈছিল । বিকাশে পোষ্টটোৰ শিৰোনাম দিছিল, ‘‘মাতৃ দিৱসৰ শুভেচ্ছা । মা তোমাক ভালপাওঁ ।’’ কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে, টিভি অনুষ্ঠানৰ উপৰিও, বিকাশে চলচ্চিত্ৰতো কাম কৰিছে আৰু উফ !, দিৱানাপন আৰু কভী খুশী কভী গমৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে ।

উল্লখ্য যে, আজিকালি কম বয়সীয়া লোকসকল হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ সঘনাই শুনিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : অডিশ্যনৰ সময়ত মোক তেওঁক আকৰ্ষণ কৰিবলৈ কৈছিল : শিল্পা শিন্দে - Shilpa Shinde on Audition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.