ETV Bharat / entertainment

চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৰজনীকান্তক, শীঘ্ৰেই শ্বুটিং আৰম্ভ কৰিব - Veteran Actor Rajinikanth

Rajinikanth health condition: দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে । ৰজনীকান্তৰ মূল ৰক্ত পৰিবাহী ধমনী ফুলি উঠিছিল ।

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

veteran actor rajinikanth discharged from apollo hospitals chennai
মেগাষ্টাৰ ৰজনীকান্ত (Photo : ANI)

চিটাৰা ডেস্ক, 4 অক্টোবৰ : দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্তৰ অনুৰাগীসকলৰ বাবে ভাল খবৰ । বৃহস্পতিবাৰে নিশা ৰজনীকান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় । শেহতীয়াকৈ থালাইভাক অসুস্থতাৰ বাবে চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

চেন্নাই আৰক্ষীয়ে জনোৱা অনুসৰি, ৰজনীকান্তক 3 অক্টোবৰত নিশা 11 বজাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় । 1 অক্টোবৰত, এপ’ল’ হাস্পতালে এখন বুলেটিন জাৰী কৰে । বুলেটিন অনুসৰি, ৰজনীকান্তৰ হৃদযন্ত্ৰৰ মূল ৰক্ত পৰিবাহী ধমনীত প্ৰদাহ হৈছিল, যাৰ অস্ত্ৰোপচাৰ নকৰি ট্ৰেন্সকেথেটাৰ পদ্ধতিৰে চিকিৎসা কৰা হৈছিল ।

জ্যেষ্ঠ ইন্টাৰভেনশ্যনেল কাৰ্ডিঅ’লজিষ্ট ডাঃ সাই সতীশে এই পদ্ধতি সম্পন্ন কৰিছিল, ফুলাটো বন্ধ কৰিবলৈ ষ্টেণ্ট স্থাপন কৰিছিল, যিটো কৌশল এণ্ড’ভেছকুলাৰ ৰিপেয়াৰ বুলি জনা যায় । স্বাস্থ্য আপডেটত লিখা আছিল, “আমি তেওঁৰ শুভাকাংক্ষী আৰু অনুৰাগীসকলক জনাব বিচাৰিছো যে পৰিকল্পনা অনুসৰি এই পদ্ধতি চলিছে । ৰজনীকান্তৰ অৱস্থা সুস্থিৰ আৰু স্বাস্থ্যও ভাল । তেওঁ দুদিনৰ পিছত ঘৰলৈ যাব পাৰিব ।”

লগতে পঢ়ক : মোক প্ৰশ্ন নুসুধিব, মই আগতেও কৈছো : এনেকৈ কিয় ক’লে ৰজনীকান্তে - Rajinikanth Vettaiyan Audio Launch

বৃহস্পতিবাৰে নিশা চেন্নাইৰ তিৰুভোত্তিয়ুৰ শ্ৰী বাদিবুদৈ আম্মান মন্দিৰত ৰজনীকান্তৰ কন্যা সৌন্দৰ্যই পিতৃৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে । সৌন্দৰ্যই মন্দিৰত এইদৰে গৈ প্ৰাৰ্থনা কৰাৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

ৰজনীকান্তৰ আহিবলগীয়া চলচ্চিত্ৰসমূহ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, থালাইভায়ে শীঘ্ৰেই তেওঁৰ আহিবলগীয়া ছবি কুলিৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব পাৰে । ইয়াৰ উপৰিও, ৰজনীকান্তক টি.জে. জ্ঞানৱেলৰ দ্বাৰা পৰিচালিত 'ভেট্টায়ান' চলচ্চিত্ৰত অমিতাভ বচ্চনৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যাব । শেহতীয়াকৈ, নিৰ্মাতাসকলে ভেট্টায়ানৰ ট্ৰেইলাৰ মুকলি কৰে, যি অনুৰাগী আৰু দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে । ছবিখনত ৰজনীকান্তৰ সৈতে অমিতাভ বচ্চনকো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব । ছবিখনত ৰাণা দগ্গুবাটি, ফাহাদ ফাচিল, মঞ্জু ৱাৰিয়াৰ, ঋতিকা সিং, ৰোহিনী, দুষাৰা বিজয়ন, ৰাও ৰমেশ আৰু ৰমেশ থিলাই সহ-তাৰকা হিচাপে অভিনয় কৰিছে ।

লগতে পঢ়ক : ৩৩ বছৰৰ পিচত পুৰণি বন্ধুক দেখি অমিতাভ বচ্চনৰ উষ্ম আলিংগন - Amitabh Bachchan and Rajinikanth

ফুলি উঠিছিল ৰজনীকান্তৰ মূল ৰক্ত পৰিবাহী ধমনী : এতিয়া সুস্থ, সোনকালে যাব পাৰিব ঘৰলৈও - Rajinikanth health condition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.