ETV Bharat / entertainment

বৰ্ডাৰ 2ত বৰুণ ধৱন: নেটিজেনৰ মিশ্ৰিত প্ৰতিক্ৰিয়া - Sunny Deol Border 2

author img

By ETV Bharat Entertainment Team

Published : Aug 23, 2024, 5:19 PM IST

Varun Dhawan in Border 2: ‘ভেড়িয়া’ তাৰকা বৰুণ ধৱনে ছানী দেওল অভিনীত ছবি বৰ্ডাৰ 2 ত প্ৰৱেশ কৰিছে । নিৰ্মাতাসকলে এই কথা ঘোষণা কৰিছে ।

Varun Dhawan joins Sunny Deol Border 2 Netizens opposed Bhediya actor in film
বৰ্ডাৰ 2 ত বৰুণ ধৱন (IANS)

চিটাৰা ডেস্ক, 23 আগষ্ট : ছানী দেওলৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ছানী দেওল অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি ‘বৰ্ডাৰ 2’ৰ বাবে । 2026 চনত মুক্তি পাবলৈ গৈ আছে বৰ্ডাৰ 2 । ইয়াৰ আগতে Border 2 সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে । বলীউডৰ ভেড়িয়া বৰুণ ধৱনে বৰ্ডাৰ 2 টীমত প্ৰৱেশ কৰিছে । ছ’চিয়েল মিডিয়াত বৰ্ডাৰ 2ৰ নিৰ্মাতা ছানী দেওল আৰু বৰুণ ধৱনে নিজেই অনুৰাগীক এই খবৰ দিছে । লগতে এটা টিজাৰ মুকলি কৰিলে তেওঁলোকে ।

বৰ্ডাৰ 2 ৰ নিৰ্মাতাসকলে মুকলি কৰা ভিডিঅ'টোত বৰুণ ধৱনক ছবিখনলৈ স্বাগতম জনোৱা হৈছে । অনুৰাগ সিঙে বৰ্ডাৰ 2 চলচ্চিত্ৰখন পৰিচালনা কৰিব । বৰ্ডাৰ 2 ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ, জে পি দত্ত, নিধি দত্তৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে । ছবিখন 2026 চনৰ 23 জানুৱাৰীত ৰিপাব্লিক উইকেণ্ডত মুক্তি দিয়া হ'ব । ছানী আৰু বৰুণৰ বাহিৰে আন কোনো তাৰকা এতিয়ালৈকে ছবিখনত প্ৰৱেশ কৰা নাই । জানিব পৰা মতে, আয়ুষ্মান খুৰানাক প্ৰথমে কাষ্ট কৰা হৈছিল যদিও পিছত বৰুণ ধৱনক তেওঁৰ ঠাইত কাষ্ট কৰা হয় ।

নেটিজেনৰ প্ৰতিক্ৰিয়া

একে সময়তে বৰ্ডাৰ 2 ত বৰুণ ধৱনৰ প্ৰৱেশক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে । বৰুণ ধৱনৰ অনুৰাগীয়ে তেওঁক শুভেচ্ছা জনোৱাৰ বিপৰীতে বহু ইউজাৰে বৰুণ ধৱনক ছবিখনত লোৱাৰ বাবে বিৰোধিতা কৰিছে ।

ইয়াৰ আগতে, ছানী দেওলে 12 জুন, 2024 তাৰিখে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ শেহতীয়া পোষ্টত লিখিছিল, 'কাইলৈ এটা ৰোমাঞ্চকৰ ঘোষণা হ'ব, আপুনি ক'ব পাৰিবনে ?' এই পোষ্টটোত ছানীৰ অনুৰাগীসকলৰ হৃদস্পন্দন বৃদ্ধি পাই আৰু 13 জুনত বৰ্ডাৰ 2 চলচ্চিত্ৰৰ নাম ঘোষণা কৰা হয় ।

2023 চনৰ 11 আগষ্টত মুক্তি পোৱা ‘গদৰ 2’ ছবিখনে বক্স অফিচত 600 কোটি টকাৰ ব্যৱসায় কৰিছিল । ছানী দেওলৰ কেৰিয়াৰৰ আটাইতকৈ হিট আৰু লাভজনক ছবি ‘গদৰ 2’ ।

লগতে পঢ়ক : 27 বছৰীয়া পুৰণি প্ৰতিশ্ৰুতিৰে অনুৰাগীৰ কাষত ছানী দেওল - Sunny Deol announces Border 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.