চিটাৰা ডেস্ক, 4 জুন: বিগত সোমবাৰে অৰ্থাৎ ৩ জুনত বৰুণ ধাৱন আৰু নাতাশা দলালে তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনায় ৷ অৱশেষত এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল বলীউডৰ এই দম্পতী ৷ ঘৰত নতুন সদস্যৰ আগমন হোৱাত এতিয়া সমগ্ৰ ধৱন-দলাল পৰিয়াল আনন্দত আত্মহাৰা হৈ পৰিছে ৷ পোনপ্ৰথমবাৰৰ বাবে পিতৃ হোৱাৰ মাত্ৰ কেইমিনিটমানৰ পিচতে বৰুণক প্ৰথমবাৰৰ বাবে চিকিৎসালয়ৰ বাহিৰত দেখা গ’ল ৷
তেওঁক লগ কৰিবলৈ অহা পিতৃ ডেভিদ ধাৱনক বিদায় দি থকা দেখা গৈছিল ৷ দুয়োৰে মুখত সুখ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল ৷ কণমানিগৰাকীক আদৰণি জনোৱাৰ খবৰ ওলোৱাৰ পিচত অনুৰাগীয়ে দম্পতীটোক অভিনন্দন জনাইছে ৷
উল্লেখ্য যে, বিগত ৩ জুনত মুম্বাইৰ হিন্দুজা হাস্পতালত নাতাশাই কন্যা সন্তানগৰাকীক জন্ম দিয়ে ৷ এই সুখবৰৰ কিছু সময়ৰ পিচতে চিকিৎসালয়ৰ বাহিৰৰ পৰা ধাৱন-দলাল পৰিয়ালৰ কিছু ভিডিঅ’ পোহৰলৈ আহিছে ৷ এটা ভিডিঅ’ত তেওঁক পিতৃ তথা চলচ্চিত্ৰ নিৰ্মাতা ডেভিদ ধাৱনৰ সৈতে খোজ কাঢ়ি থকা দেখা গৈছিল ৷ ক্লিপটোত তেওঁক নিজৰ বিলাসী বাহনলৈকে যোৱা দেখা গৈছিল ৷
ডেভিদ ধাৱনে গাড়ীত বহাৰ পিচত পাপাৰাজ্জীয়ে তেওঁক ঘেৰি ধৰে ৷ ঘৰলৈ যাবলৈ গাড়ীত বহাৰ লগে লগে পাপাৰাজ্জীয়ে খবৰ নিশ্চিত কৰিবলৈ তেওঁৰ ওচৰলৈ দৌৰি আহিল ৷ যেতিয়া তেওঁক সোধা হৈছিল, 'ছাৰ, ছোৱালী নেকি ?' তাৰ উত্তৰত তেওঁ কয় যে ‘হয়’ ৷ তেওঁ পাপাৰাজ্জীক নিশ্চিত কৰে যে তেওঁলোকৰ ঘৰত কন্যা সন্তানে জন্মগ্ৰহণ কৰিছে ৷
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত ডেভিদক হাঁহি থকা দেখা গৈছে ৷ ইয়াৰ পিচত পাপাৰাজ্জীয়ে তেওঁক ‘অভিনন্দন’ জনোৱাৰ পিচত সকলোকে এটা মিচিকীয়া হাঁহিৰে বুঢ়া আঙুলি দেখুৱাই ধন্যবাদ জ্ঞাপন কৰা দেখা গৈছে ৷ ইয়াৰ লগতে বৰুণৰ বৌৱেক আৰু মাতৃকো হাস্পতালৰ বাহিৰত দেখিবলৈ পোৱা যায় আৰু বৰুণৰ মাতৃয়ে সকলো পাপাৰাজ্জীকে ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে পঢ়ক: জন্মদিনটোতে নতুন প্ৰজেক্টৰ ইংগিত দিলে বৰুণে - Varun Dhawan birthday