ETV Bharat / entertainment

প্ৰথম ভেলেণ্টাইন ডে’ত শ্বাহৰুখে গৌৰীক দিছিল অতি বিশেষ উপহাৰ - শ্বাহৰুখ খানে গৌৰী খান

Valentine Day 2024: শ্বাহৰুখ খান আৰু গৌৰী খান বলীউডৰ আটাইতকৈ মৰমিয়াল দম্পতী । কিন্তু আপুনি জানেনে কিং খানে প্ৰথম ভেলেণ্টাইন ডে’ত গৌৰীক কি উপহাৰ দিছিল ? যদি নাজানে জানি লওক এই প্ৰতিবেদনত ৷

Valentine Day 2024, What was Shah Rukh Khan's first Valentine's Day gift to Gauri Khan?
কিং খানে প্ৰথম ভেলেণ্টাইন ডে’ত গৌৰীক কি উপহাৰ দিছিল
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 10:12 AM IST

চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী : বলীউডৰ ৰোমান্স কিং শ্বাহৰুখ খানে তিনি দশক ধৰি নিজৰ ছবিৰে দৰ্শকক মনোৰঞ্জন দি আহিছে । বিশেষকৈ অনুৰাগীয়ে শ্বাহৰুখৰ ৰোমান্টিক শৈলীটো খুব ভাল পায় ৷ অৱশ্যে ডাঙৰ পৰ্দাত নিজৰ ৰোমান্সেৰে দৰ্শকৰ হৃদয় জয় কৰা কিং খান বাস্তৱ জীৱনতো অতি ৰোমান্টিক ।

অভিনেতাগৰাকীয়ে নিজৰ পত্নী গৌৰী খানক বহুত ভাল পায় । কিন্তু আপুনি জানেনে যেতিয়া দুয়ো প্ৰেমিক-প্ৰেমিকা আছিল, তেতিয়া কিং খানে গৌৰি খানক প্ৰথম ভেলেণ্টাইন ডে’ত কি উপহাৰ দিছিল ?

প্ৰথম ভেলেণ্টাইনত গৌৰীক কি উপহাৰ দিছিল শ্বাহৰুখ খানে ?

উল্লেখ্য যে, শ্বাহৰুখ খানে প্ৰায়ে ছ’চিয়েল মিডিয়াত AskSRK session ৰ জৰিয়তে নিজৰ অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰে আৰু লগতে অনুৰাগীৰ সকলো প্ৰশ্নৰো উত্তৰ দিয়ে । ২০২৩ চনত কিং খানে তেওঁৰ AskSrk session ত অনুৰাগীৰ বহু প্ৰশ্নৰ মুকলিকৈ উত্তৰ দিছিল । সেই সময়চোৱাত অভিনেতাগৰাকীয়ে প্ৰথম ভেলেণ্টাইন ডে’ত তেওঁৰ মৰমৰ পত্নী গৌৰীক কি উপহাৰ দিছিল সেই কথাও প্ৰকাশ কৰিছিল ৷

আচলতে session ৰ সময়ত এজন অনুৰাগীয়ে শ্বাহৰুখ খানক সুধিছিল যে তেওঁৰ প্ৰথম ভেলেণ্টাইন ডে’ত গৌৰীক কি উপহাৰ দিছিল । এই সন্দৰ্ভত কিং খানে দিয়া উত্তৰে সকলোৰে মন জয় কৰিছিল । শ্বাহৰুখ খানে কয়, "যদি মোৰ স্পষ্টকৈ মনত আছে, তেন্তে ৩৪ বছৰ হ’ল...মই এযোৰ গোলাপী ৰঙৰ প্লাষ্টিকৰ কাণফুলি উপহাৰ দিছিলো’’ ৷

শ্বাহৰুখ খানে ১৯৯১ চনত গৌৰীক বিয়া কৰাইছিল

শ্বাহৰুখ আৰু গৌৰীয়ে প্ৰথম লগ পাইছিল দিল্লীৰ এটা ক্লাৱত । গৌৰীক দেখাৰ লগে লগে শ্বাহৰুখ খানে গৌৰীৰ প্ৰেমত পৰিছিল । অৱশ্যে গৌৰীক বিয়া কৰাবলৈ কিং খানে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ যদিও এই প্ৰেমিক যুগলে সকলো অসুবিধা অতিক্ৰম কৰি বিবাহপাশত আবদ্ধ হয় ।

১৯৯১ চনৰ ২৫ অক্টোবৰত শ্বাহৰুখ খানে তেওঁৰ প্ৰেমিকা গৌৰী খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় । শ্বাহৰুখ আৰু গৌৰী তিনি সন্তানৰ পিতৃ-মাতৃ । পুত্ৰ আৰিয়ান খান, কন্যা চুহানা খান আৰু সৰু পুত্ৰ অব্ৰাম ।

লগতে পঢ়ক : পত্নীৰ মৃত্যুৰ পিচত ৩৩ বছৰে অকলে থাকিল কাপুৰ পৰিয়ালৰ এইগৰাকী ছুপাৰষ্টাৰ, নাপাতিলে দ্বিতীয় বিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.