ETV Bharat / entertainment

বিবাহ বিচ্ছেদৰ দিশে উৰ্মিলা মাটোণ্ডকাৰ-মহছিন আখতাৰ মীৰ - Urmila Matondkar Divorce

Urmila Matondkar Mohsin Akhtar : উৰ্মিলা মাটোণ্ডকাৰে বিবাহৰ আঠ বছৰৰ পিছত স্বামী মহছিন আখতাৰ মীৰৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আবেদন জনাইছে বুলি জানিব পৰা গৈছে । ইয়াৰ আঁৰৰ কাৰণসমূহৰ ভিতৰত তেওঁলোকৰ বয়সৰ ব্যৱধান, শিশুক লৈ পৰিয়ালৰ হেঁচা আৰু কথিত আৰ্থিক বিবাদ আদি অন্তৰ্ভুক্ত ।

Urmila Matondkar And Mohsin Akhtar Mir Headed For Divorce After 8 Years Of Marriage?
বিবাহ বিচ্ছেদৰ দিশে (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : Sep 25, 2024, 2:35 PM IST

চিটাৰা ডেস্ক, 25 ছেপ্টেম্বৰ : ৰংগীলা, সত্য, ভূত আৰু অন্যান্য চলচ্চিত্ৰৰ বাবে জনাজাত অভিনেত্ৰী আৰু ৰাজনীতিবিদ উৰ্মিলা মাটোণ্ডকাৰে বিবাহৰ আঠ বছৰৰ পিছত তেওঁৰ স্বামী মহছিন আখটাৰ মীৰৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আবেদন কৰিছে । বিবাহ বিচ্ছেদৰ কাৰণ সম্পৰ্কে বিভিন্ন বাতৰি বৰ্তমান ইণ্টাৰনেটত প্ৰচাৰ হৈ আছে । এটা সম্ভাৱ্য কাৰণ ইয়ো হ'ব পাৰে যে উৰ্মিলা আৰু মহছিনৰ মাজত বয়সৰ ব্যৱধান যথেষ্ট ৷ অভিনেত্ৰীগৰাকী তেওঁৰ তুলনাত 10 বছৰ ডাঙৰ আৰু লগতে 40 ৰ দশকত যথেষ্ট পলমকৈ তেওঁ বিবাহ পাশত আৱদ্ধ হৈছিল ।

সাধাৰণতে, বয়সৰ বেছি ব্যৱধানে বিবাহৰ সম্পৰ্কত জটিলতা আনে বুলি কোৱা হয় । পিছে এই কথাটো সম্পূৰ্ণকৈ দুজন ব্যক্তিৰ মনৰ ওপৰতহে নিৰ্ভৰ কৰে ৷ যদিও উৰ্মিলাৰ ক্ষেত্ৰত এনে নহ'বও পাৰে, বহুক্ষেত্ৰত এক নিৰ্দিষ্ট বয়সৰ পিছত বিয়া পাতিলে প্ৰায়ে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়, ইয়াৰ সমান্তৰালকৈ স্বামীৰ পৰিয়ালৰ ফালৰ পৰা অহা দাবীয়েও ঋণাত্মক প্ৰভাৱ পেলাই সম্পৰ্কত । বিচ্ছেদ সন্দৰ্ভত অনুমান কৰা আন এটা কাৰণ হ'ল বিত্তীয় বিষয়ত হোৱা বিবাদ যি তেওঁলোকৰ সম্পৰ্কক তিক্ত কৰি তুলিছিল ।

কন্টেন্ট এগ্ৰিগেশ্যন প্লেটফৰ্ম ৰেডিটৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে মহছিন আৰু তেওঁৰ পৰিয়ালে অভিনেত্ৰীগৰাকীক নিজৰ ব্যৱসায়ৰ বাবে তেওঁৰ সম্পত্তি বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই বিবাহ বিচ্ছেদ পাৰস্পৰিক নহয় ৷ চাৰিমাহ পূৰ্বে উৰ্মিলাই বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল । কাশ্মীৰৰ ব্যৱসায়ী আৰু মডেল মহছিনে লাক বাই চান্স, বি এ পাছ, মুম্বাই মষ্ট কলণ্ডাৰ আদি ছবিতো কাম কৰিছে ।

2014 চনত প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ভতিজীৰ বিয়াৰ সময়ত মহছিন আৰু উৰ্মিলা প্ৰথমবাৰৰ বাবে সংস্পৰ্শলৈ আহিছিল । প্ৰথম দৰ্শনতে মহছিনৰ প্ৰেম হৈছিল বুলি কোৱা হয় । তাৰ পিছত 2016 চনত দুয়ো বিবাহপাশত আৱদ্ধ হয় ৷ তেওঁলোকৰ অন্তৰংগ বিবাহত উপস্থিত থকা কেইজনমান ব্যক্তিৰ ভিতৰত মনীষো আছিল । উৰ্মিলা আৰু মহছিনে নিকাহ কৰি অমৃতসৰৰ গ’ল্ডেন টেম্পল ভ্ৰমণ কৰিছিল । (আইএএনএছ ইনপুটৰ সৈতে)

লগতে পঢ়ক : নিখুঁত দৃশ্য উপস্থাপনৰ বাবে মাদক দ্ৰব্য গ্ৰহণ কৰি শ্বুটিং কৰিছিল জিনাত আমানে - Zeenat Aman Recalls Smoking

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.