ETV Bharat / entertainment

শাল গছৰ ছাঁত... ! দেশৰ ভিন্ন প্ৰান্তৰ নাট্যশিল্পীৰে ভৰিব বাদুংদুপ্পা কলাকেন্দ্ৰ - THEATRE FESTIVAL AT BADUNGDUPPA

দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাদুংদুপ্পা কলাকেন্দ্ৰৰ “আণ্ডাৰ দ্য শাল ট্ৰী” নাট্য মহোৎসৱ । প্ৰদৰ্শন কৰা হ’ব ভাৰতৰ বিভিন্ন প্ৰান্তৰ নাট্যদলৰ চাৰিটা ভিন্ন ভাষাৰ নাট ।

Under the Sal Tree theatre festival at Badungduppa Kalakendra with a three-day programme
দেশৰ ভিন্ন প্ৰান্তৰ নাট্যকৰ্মীৰে ভৰিব বাদুংদুপ্পা কলাকেন্দ্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 6:24 PM IST

গুৱাহাটী: দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ ৰামপুৰত উদযাপন কৰা হ'ব বাদুংদুপ্পা কলাকেন্দ্ৰৰ “আণ্ডাৰ দ্য শাল ট্ৰী” নাট্য মহোৎসৱৰ ৰূপালী জয়ন্তী । ২৫ বছৰ সম্পূৰ্ণ কৰা বাদুংদুপ্পাৰ এই বছৰৰ নাট মহোৎসৱৰ বিষয়বস্তু সম্পৰ্কে বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিচালন সঞ্চালক মদন ৰাভাই কয়, “এয়া হৈছে ২৫ বছৰীয়া প্ৰত্যাহ্বান আৰু সাফল্যৰ এক যাত্ৰা । ৰাইজৰ মৰম আৰু সমৰ্থনেই আমাক আগুৱাই লৈ গৈছে ।"

কি কি নাটক মঞ্চস্থ হ'ব:

Under the Sal Tree theatre festival at Badungduppa Kalakendra with a three-day programme
প্ৰদৰ্শন কৰা হ’ব চাৰিটা ভিন্ন ভাষাৰ নাট (ETV Bharat Assam)

মদন ৰাভাই জনোৱা অনুসৰি,এই মহোৎসৱত এইবাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত নাট্যদলৰ দ্বাৰা চাৰিটা ভিন্ন ভাষাৰ নাট প্ৰদৰ্শন কৰা হ’ব । প্ৰখ্যাত চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মই ১৫ ডিচেম্বৰত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব । তাৰ পিছতে ধনঞ্জয় ৰাভাৰ পৰিচালনা আৰু নাট্যকাৰ মদন ৰাভাৰ দাদন ৰাজা (ৰাভা) নাটকখনি মঞ্চস্থ কৰা হ’ব । বিয়লি পবিত্ৰ ৰাভাৰ দ্বাৰা পৰিচালিত আৰু দাপোন দ্য মিৰ’ৰৰ দ্বাৰা মংগলী (বড়ো) নাটকখন মঞ্চস্থ কৰা হ’ব ।

চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মই ১৫ ডিচেম্বৰত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব (ETV Bharat Assam)

১৬ ডিচেম্বৰত চেন্নাইৰ পাৰ্চ থিয়েটাৰৰ ৰাজীৱ কৃষ্ণনৰ পৰিচালনাত তামিল নাট কিন্ধন চাৰিথিৰম মঞ্চস্থ হ’ব, তাৰ পিছত কলকাতাৰ অনুচিন্তন আৰ্ট চেণ্টাৰৰ ড° গৌৰৱ দাসৰ পৰিচালনাত কিষাণ ৰাজ (হিন্দী) মঞ্চস্থ হ’ব । অন্তিম দিনা, অৰ্থাৎ ১৭ ডিচেম্বৰত ৰাভা লোক-প্ৰদৰ্শনেৰে অনুষ্ঠান আৰম্ভ হ’ব আৰু বাদুংদুপ্পা কলাকেন্দ্ৰৰ ২৫ বছৰীয়া যাত্ৰাৰ ওপৰত এক মুকলি আলোচনাৰে অনুষ্ঠানৰ সামৰণি পৰিব ।

“আণ্ডাৰ দ্য শাল ট্ৰী” নাট্য মহোৎসৱৰ ৰূপালী জয়ন্তী (ETV Bharat Assam)

এই মহোৎসৱত শিল্প আৰু বহনক্ষমতাক একত্ৰিত কৰা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই প্ৰৱৰ্তন কৰা “পৰিচ্ছন্ন নাট”ৰ ধাৰণাকো স্মৰণ কৰা হ’ব । এই অনুষ্ঠানৰ অংশ হিচাপে বাদুংদুপ্পা প্ৰকাশনে নিজৰ এই যাত্ৰাৰ সম্পৰ্কে কেইবাখনো গ্ৰন্থ মুকলি কৰিব । সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়, অসম চৰকাৰ, আই অ’ চি এল আৰু বঙাইগাঁও শোধনাগাৰৰ সহযোগত এই নাট মহোৎসৱৰ আয়োজন কৰা হৈছে । বাদুংদুপ্পা কলাকেন্দ্ৰৰ সভাপতি চিনা ৰাভা, সম্পাদক লক্ষীকান্ত ৰাভা আৰু পৰিচালন সঞ্চালক মদন ৰাভাই নাট্যপ্ৰেমীসকলক এই মহত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ২০১৮ চনত মৃত্যুবৰণ কৰা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাইজক আহ্বান জনাইছে ।

এই নাট মহোৎসৱৰ বিশেষত্ব কি ?

এই নাট মহোৎসৱৰ বিশেষত্ব কি ? (ETV Bharat Assam)

প্ৰকৃতিৰ মাজত নাট্যচৰ্চাৰে এক নতুন ধাৰাৰ সৃষ্টি কৰি দেশে-বিদেশে সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা এই মহোৎসৱটি ১৯৯৮ চনত প্ৰয়াত নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰিছিল বাদুংদুপ্পা কলাকেন্দ্ৰত । এই মহোৎসৱ শিল্প আৰু প্ৰকৃতিৰ সহ-অস্তিত্বৰ পথ প্ৰদৰ্শক হৈ আহিছে । আয়োজকসকলে প্ৰতি বছৰে শাল গছৰ বাগিচাৰ মাজত অনুষ্ঠিত এই মহোৎসৱত বাঁহ আৰু খেৰ ব্যৱহাৰ কৰি মঞ্চ নিৰ্মাণ কৰাৰ লগতে দৰ্শকে বহি নাটক উপভোগ কৰাৰ বাবে বাঁহেৰে আসনৰ ব্যৱস্থা কৰে । তদুপৰি মাইক্ৰ’ফোন অবিহনে নাটক পৰিৱেশন কৰাটো ইয়াৰ এক অন্যতম বিশেষত্ব । ইয়াত কোনো কৃত্ৰিম যন্ত্ৰ ব্যৱহাৰ কৰা নহয় ।

পূৰ্বতে কোন কোন দেশৰ নাট্যদলে অংশগ্ৰহণ কৰিছিল এই মহোৎসৱত

যোৱা কেইবাবছৰো ধৰি এই মহোৎসৱত সমগ্ৰ ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, ব্ৰাজিল, পোলেণ্ড, শ্ৰীলংকা, বাংলাদেশৰ দৰে দেশৰ নাট্যগোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: বাদুংদুপ্পাত আৰম্ভ আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ ২০২৩ - Badungduppa Kala Kendra of Shukracharya Rabha

Badungduppa Kala Kendra: দেশী বিদেশী নাট্যপ্ৰেমীৰ ভিৰ শুক্ৰাচাৰ্য ৰাভাৰ ’আণ্ডাৰ দ্যা শাল ট্ৰি’ত - বাদুংদুপ্পা কলা কেন্দ্ৰই ভৰি থ’ব ৰূপালী জয়ন্তী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.