ETV Bharat / entertainment

কন্টেন্ট ক্ৰিয়েটৰ আনভী কামদাৰ ৰিল বনাই থাকোঁতে মৃত্যুমুখত পৰে - Content Creator Aanvi Kamdar

Influencer death while making reel: মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ কুম্ভে জলপ্ৰপাতত চিত্ৰগ্ৰহণৰ সময়ত ৩০০ ফুট দ’ খাৱৈত পৰি মৃত্যু হয় মুম্বাইৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট তথা জনপ্ৰিয় ট্ৰেভেল কন্টেন্ট ক্ৰিয়েটৰ ২৭ বছৰীয়া আনভী কামদাৰৰ । ছ’চিয়েল মিডিয়াত তেওঁৰ যথেষ্ট সংখ্যক অনুসৰণকাৰী আছিল আৰু তেওঁৰ ভ্ৰমণ কন্টেন্ট নিৰ্মাণ কৰাৰ বাবে পৰিচিত আছিল ।

Travel Content Creator Aanvi Kamdar Dies After Falling Into 300-Feet Deep Gorge While Making Reel
কন্টেন্ট ক্ৰিয়েটৰৰ মৃত্যু (Aanvi Kamdar - INSTAGRAM)
author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 2:21 PM IST

চিটাৰা ডেস্ক, 18 জুলাই: ভালপোৱা কামটোৱেই যেতিয়া জীৱন কাঢ়ি নিয়ে, তাতকৈ দুখৰ কথা কি হ’ব পাৰে ! মুম্বাইৰ 27 বছৰীয়া চাৰ্টাৰ্ড একাউণ্টেণ্ট আনভী কামদাৰে আকৰ্ষণীয় কন্টেন্ট সৃষ্টিৰ প্ৰতি থকা তেওঁৰ নিচাক অনুসৰণ কৰিয়ে জীৱন হেৰুৱাবলগীয়া হয় । মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত সংঘটিত হয় এই ঘটনা । কেবাগৰাকীও বন্ধু-বান্ধৱৰ সৈতে মনগাঁৱৰ কুম্ভে জলপ্ৰপাতটো পৰিদৰ্শন কৰিছিল কামদাৰে ৷ ইনষ্টাগ্ৰাম ৰীলছৰ বাবে ভিডিঅ’ত জলপ্ৰপাতটোৰ দৃশ্য বন্দী কৰি থকাৰ সময়তে কামদাৰ ভুলবশতঃ পিছলি ৩০০ ফুট দ খাৱৈত পৰি যায় ।

মনগাঁও আৰক্ষী থানাৰ বিষয়াই জনাইছে যে মুম্বাইৰ মুলুন্দৰ বাসিন্দা কামদাৰক তেওঁৰ বন্ধুসকলে কৰ্তৃপক্ষক অৱগত কৰাৰ পিচতে ততাতৈয়াকৈ ওচৰৰ মনগাঁও তালুকা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । দুৰ্ভাগ্যবশতঃ চিকিৎসাৰ সময়ত তেওঁ মৃত্যুবৰণ কৰে । আনভীৰ মৃত্যুৰ বাতৰিৱে সামাজিক মাধ্যম শোকাকুল কৰি তুলিছে, য'ত তেওঁ তেওঁৰ মনোমোহা ভ্ৰমণ সমলৰ বাবে জনাজাত আছিল ।

এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে, কামদাৰে এক বিশিষ্ট আইটি/টেকন'লজী পৰামৰ্শদাতা কোম্পানী ডেলইটৰ সৈতে কাম কৰিছিল । অৱশ্যে, কামদাৰক সকলোৱে কন্টেন্ট ক্ৰিয়েশ্যনৰ বাবেহে চিনি পাইছিল । ইনষ্টাগ্ৰামত 2 লাখ 65 হাজাৰৰো অধিক অনুগামীৰ সৈতে তেওঁ অনন্য ভ্ৰমণ অভিজ্ঞতা আৰু বাৰিষাৰ পৰ্যটনৰ উল্লেখযোগ্য দিশ দেখুৱাই দিয়াৰ বাবে পৰিচিত আছিল । ইনষ্টাগ্ৰাম বায়’ৱে তেওঁক "ভ্ৰমণ ডিটেকটিভ" হিচাপে সঠিকভাৱে বৰ্ণনা কৰিছিল, যিয়ে বিলাসী সন্ধান, কেফে, ভ্ৰমণসূচী আৰু ভ্ৰমণৰ পৰামৰ্শৰ ক্ষেত্ৰত তেওঁৰ বিশেষজ্ঞতা প্ৰদৰ্শন কৰিছিল ।

কামদাৰৰ ৰিল নিৰ্মাণ দক্ষতাই তেওঁক খ্যাতি আৰু প্ৰশংসা দিয়াইছিল, কিন্তু অৱশেষত এই কামেই কাল হ’লগৈ তেওঁৰ বাবে ৷ আনভীৰ কৰুণ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে এক প্ৰতিভাশালী আৰু দুঃসাহসিক ব্যক্তিত্বক হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : অতিমাত্ৰা সৌন্দৰ্যৰ বাবেও আহে প্ৰত্যাখ্যান ! - celebs rejected for good looks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.