হায়দৰাবাদ : সাংস্কৃতিক ক্ষেত্ৰখন এনেকুৱা এটা ক্ষেত্ৰ য’ত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দেশ-বিদেশৰ সকলো শিল্পী কলা-কুশলী একেখন মঞ্চতে একত্ৰিত হ’ব পাৰে ৷ সাংস্কৃতিক ক্ষেত্ৰখনৰ শক্তি বহুত ৷ ই সমাজ গঢ়িবও পাৰে, ভাঙিবও পাৰে ৷ কলাৰ জৰিয়তে শিল্পীয়ে সমাজলৈ যি বাৰ্তা প্ৰেৰণ কৰে সেই বাৰ্তাই সমাজৰ গতানুগতিক যাত্ৰাত বহু প্ৰভাৱ পেলায় ৷ কিয়নো আমি প্ৰতিজনে নিজৰ নিজৰ প্ৰিয় শিল্পীসকলৰ বাৰ্তাসমূহ আমাৰ জীৱনত প্ৰয়োগ কৰিব বিচাৰো ৷
শিল্পীসত্তাটো এনে এক শক্তি যাৰ সন্মুখত দেশৰ-দহৰ বহু শীৰ্ষ ব্যক্তিত্বয়ো মূৰ দোঁৱাই থাকে ৷ ইয়াৰ আঁৰৰ কাৰণ ? কাৰণ এয়ে যে সহজেই সাধাৰণ জনতাৰ কাষ চাপিব পাৰে কেৱল এই শিল্পীসকলহে ৷ সেয়া লাগিলে গানৰ জৰিয়তেই হওক নাইবা বোলছবি-নাটক-থিয়েটাৰ-শিল্পকলাকে আদি কৰি বিভিন্ন কলাত্মক ধাৰাৰ মাধ্যমেৰেই হওক, একমাত্ৰ শিল্পীসকলহে হৈ পৰে শ্ৰোতা-দৰ্শকৰ অতিকৈ আপোন ৷ ব্যক্তিগতভাৱে সংস্পৰ্শলৈ নহাকৈয়ে শিল্পীসকলে সাধাৰণ জনতাৰ জীৱনক প্ৰভাৱিত কৰে ৷ কাৰোবাৰ অভিনয়ে অন্তৰ ভেদি যাব পাৰে, কাৰোবাৰ কণ্ঠই হিয়া শাঁত পেলাব পাৰে, কাৰোবাৰ চেহেৰাই দৃষ্টি আকৰ্ষণ কৰিব পাৰে, কাৰোবাৰ সাজ-পাৰ, খোজ-কাটলে প্ৰেমত পেলাব পাৰে ৷ এইদৰে বিভিন্ন কাৰকৰ মাজেৰে আমি আমাৰ প্ৰিয় তাৰকাক বিচাৰি পাওঁ ৷
সমূহ সাংস্কৃতিক ক্ষেত্ৰবোৰৰ ভিতৰত গান আৰু অভিনয়ৰ প্ৰভাৱ আমাৰ জীৱনত সবাতোকৈ বেছি বুলি ক’ব পাৰি ৷ এটাত আমি স্বচক্ষে পৰ্দাত আমাৰ প্ৰিয় তাৰকাক চাই সন্তুষ্টি লভিব পাৰো আৰু আনটোত আমি প্ৰিয় তাৰকাৰ সুমধুৰ কণ্ঠৰ মাজত নিজকে বিলীন কৰিব পাৰো ৷ অসমৰ সাংস্কৃতিক জগতখন বহু তাৰকাৰ সমাহাৰেৰে সমৃদ্ধিশালী ৷ সেই তেতিয়াৰ দিনতে ৰাজ্যৰ বাহিৰলৈ ওলাই গৈ পাৰ্ফৰ্মিং আৰ্টছ অধ্যয়ন কৰি বোলছবি নিৰ্মাণৰ লগতে কালজয়ী গীত সৃষ্টি কৰিছিল বহু চিৰ নমস্য মনিষীয়ে ৷ স্মৃতিৰ পাতত তেওঁলোকৰ নাম আজিও সোণালী আখৰেৰ লিপিৱদ্ধ হৈ আছে ৷ অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰি তোলাত তেওঁলোকৰ অৱদান সদায় অসমীয়াই মনত ৰাখিব ৷ সময় আগবাঢ়িছে, নতুন নতুন প্ৰতিভাসম্পন্ন শিল্পী ওলাই গৈ আছে ৷ এই প্ৰতিভাৱান শিল্পীসকলে আজি অসমক কেৱল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে নহয়, গোলকীয় মঞ্চতো সন্মান দিয়াইছে ৷
প্ৰতিভাৰ আকৰ এই শিল্পীসকলৰ মাজত বহুতো এনে শিল্পী আছে যি প্ৰকৃতাৰ্থত কষ্ট কৰি নিজকে অসমৰ বাহিৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ বহুতে স্বভূমিতে থাকি শিল্পকৰ্ম আগবঢ়াই গৈছে যদি আন বহুতে আকৌ বাহিৰত থাকি প্ৰতিভা বিকাশ কৰিছে ৷ বাহিৰত আছে বুলি বা জলীউডৰ পৰা গৈ বলীউডত স্থান পাইছে বুলি তেওঁলোকে যে অসমৰ ফালে পিঠি দিছে তেনেকুৱা কিন্তু নহয় ৷ সংগীতৰ ক্ষেত্ৰতে আমি তেনে কেবাগৰাকীও শিল্পীৰ কথা উল্লেখ কৰিব পাৰো ৷ হিন্দী বা অন্যান্য ভাষাৰ গান গোৱাৰ লগতে তেওঁলোকে অসমীয়া গানৰ চৰ্চাও সমানে চলাই গৈছে ৷ অসমৰ পৰা গৈ বাহিৰত থিতাপি লোৱা নিলোৎপল বৰা, জয় বৰুৱা, অংগৰাগ পাপন মহন্তক কোনে চিনি নাপায় ? অসমীয়া গানৰ লগতে হিন্দী গানটো তেওঁলোকে নিজৰ যাদুকৰী কণ্ঠেৰে শ্ৰোতাক মুহিবলৈ সক্ষম হৈছে ৷
অংগৰাগ পাপন মহন্ত :
বলীউডত পাপন বুলিয়ে জানে বহুতে তেওঁক ৷ পাপনৰ সংগীতৰ মায়া কেৱল দেশতে সীমাৱদ্ধ হৈ থকা নাই ৷ বিদেশতো আছে পাপন অনুৰাগী ৷ অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা পাপন আজি বলীউডত এটা বহু চৰ্চিত নাম ৷ মোহ মোহ কে ধাগে, বুলেয়া, কিউ না হম তুম, হমনৱাকে আদি কৰি ভালে সংখ্যক হিন্দী গীতত কণ্ঠদান কৰি পাপনে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে ৷
জয় বৰুৱা :
অসমৰ ডিগবৈত জন্মগ্ৰহণ কৰা বৰুৱাই বিজ্ঞাপনৰ জিংগল গাই জীৱন আৰম্ভ কৰিছিল ৷ পিছলৈ তেওঁ অসমীয়া, হিন্দী আৰু তেলুগু গীতটো কণ্ঠদান কৰে ৷ জয় বৰুৱাক প্ৰথমে মুম্বাইলৈ নিয়া মানুহজন আছিল জুবিন গাৰ্গ ৷ তেওঁ গানসমূহ যথেষ্ট অৰ্থবহ হয় ৷ 2018 চনৰ ছবি ‘লেইলা মজনু’ ৰ ‘অ’ মেৰী লেইলা’ শীৰ্ষক গীতটি বৰুৱাৰ জীৱনৰ এক উল্লেখনীয় অধ্যায় বুলি ক’ব পাৰি ৷ দিল ধড়কনে দো গানটোতে জয়ে শংকৰ মহাদেৱন আৰু সুৰজ জগনৰ সৈতে কণ্ঠদান কৰিছিল ৷ জয় বৰুৱা বিশষকৈ ফিউজনৰ বাবে জনাজাত ৷ বৰুৱাৰ ৰক, ছ’ল, জেজ, লোক সংগীত আৰু বিশ্ব সংগীতৰ উপাদান সন্নিৱিষ্ট কৰাৰ এক মিশ্ৰিত সংগীত শৈলী আছে ।
নীলোৎপল বৰা :
অসম সন্তান নীলোৎপল বৰা আজি এটা পৰিচিত নাম ৷ একেধাৰে গায়ক, সংগীত প্ৰযোজক, গীতিকাৰ, সুৰকাৰ নীলোৎপলৰ নামটো শুনিলেই প্ৰতিজন অসমীয়াৰে মনলৈ অহা শব্দটো হ’ল মাজুলী ৷ ‘ৰিণিকি ৰিণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে ঐ....’ গীতটোৰে সাংঘাতিক জনপ্ৰিয়তা অৰ্জন কৰে বৰাই ৷ কমনৱেল্থ গেমছ-2022 ত বাজি উঠিছিল নীলোৎপলৰ কণ্ঠত শ্বাবাছ গানটো ৷ নীলোৎপলৰ ইতিমধ্যেই বহু কেইটা হিন্দী গানে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ টিভিএফৰ য়ে মেৰী ফেমিলীৰ ‘ধাগা’, এছপিৰেণ্টছ: ছিজন ১ ৰ দে মৌকা জিন্দাগী, ট্ৰিপলিং: ছিজন ২ ৰ ইছক কা হাফিজ, চাছ বহু আচাৰ প্ৰা. লিমিটেডৰ বুন্দো কা ঝৰ্ণা এই গানসমূহ সংগীতৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিজন ব্যক্তিৰে প্লে লিষ্টত যোগ হৈ আছে ৷
উল্লেখ্য যে, এওঁলোকৰ বাহিৰেও অসমৰ আৰু বহু শিল্পী বলীউডৰ সৈতে জড়িত হৈ আছে ৷ মায়াবিনীৰ মায়াৰে মোহিত কৰি ৰখা জুবিনৰো কণ্ঠতো প্ৰাণ পাইছিল কেবাটাও হিন্দী গীতে ৷ জুবিনৰ কণ্ঠত গেংষ্টাৰ ছবিখনৰ ‘য়া আলী’ গীতটোৱে সেই সময়ত খলকনি তুলিছিল ৷ অসম লগতে উত্তৰ-পূবৰ শিল্পীসকল এইদৰেই আগবাঢ়ি যাওক, নিজৰ কৃষ্টি-সংস্কৃতিক বাহিৰৰ সৈতে পৰিচয় কৰাই দিয়ক, ফিউজনৰ মাজেৰে সমন্বয়ৰ সেতু গঢ়ি তোলক, সেয়াই আমাৰ কামনা ৷
লগতে পঢ়ক : ৰমেন বৰুৱাৰ সংগীত পৰিচালনাৰে কেইটিমান চিৰসেউজ গীত