ETV Bharat / entertainment

ন-উদ্যমৰে ২০২৪-২৫ নাট্যবৰ্ষৰ আখৰা আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ - Theatre Bhagyadevi

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 10:25 PM IST

Theatre Bhagyadevi 2024-25: থিয়েটাৰ ভাগ্যদেৱীৰ ২০২৪-২৫ নাট্যবৰ্ষৰ আখৰা আৰম্ভ । মাংগলিক অনুষ্ঠানৰে নলবাৰীৰ মৰোৱাস্থিত আখৰাগৃহত শুভাৰম্ভ হয় তিনিখন ব্যয়বহুল নাটকৰ আখৰা । নতুন মুখ লগত লৈ নাট্যযাত্ৰাৰ বাবে আগবাঢ়িছে ভ্ৰাম্যমাণ নাট্যগোষ্ঠীটো ।

Theatre Bhagyadevi begins rehearsals for 2024-25 theatre year in Nalbari
আখৰা আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ (ETV Bharat Assam)

নলবাৰী,১৯ জুলাই: শুকুৰবাৰে পৰা শুভাৰম্ভ কৰা হয় নলবাৰীৰ থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা গৃহ । নলবাৰীৰ মৰোৱাস্থিত থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা শিবিৰত হোমযজ্ঞ, মাংগলিক অনুষ্ঠানেৰে ২০২৪-২৫ নাট্যবৰ্ষৰ তিনিখন ব্যয়বহুল নাটকৰ আখৰাৰ শুভাৰম্ভ কৰা হয় । থিয়েটাৰখনত জড়িত অভিনেতা-অভিনেত্ৰীৰ পৰা কলা-কুশলীলৈকে নতুন মুখক আগত লৈ ন-সাহসেৰে ৰাইজৰ মাজত আগবাঢ়িবলৈ সাজু হৈছে থিয়েটাৰ ভাগ্যদেৱীয়ে ।

শুকুৰবাৰে নাট্যগোষ্ঠীটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিত মৰোৱাৰ আখৰা শিবিৰত শুভ উদ্বোধন কৰা হয় থিয়েটাৰ ভাগ্যদেৱীৰ তিনিখনকৈ নাটকৰ আখৰাৰ । যশশ্ৰী নাট্যকাৰ জীতেন শৰ্মাৰ 'মৰুভূমিৰ নৈ', নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ 'মা তুমি ক'ত' আৰু তিলক বৈশ্যৰ 'মাজৰাতিৰ অতিথি' নামৰ তিনিখন ব্যয়বহুল নাটকৰ আখৰাৰে আৰম্ভ হয় এইবৰ্ষৰ থিয়েটাৰ ভাগ্যদেৱীৰ যাত্ৰা ।

উল্লেখযোগ্য যে যোৱাটো বৰ্ষত থিয়েটাৰখন অন্য এজন লোকক লীজত দিয়াৰ পিচত অভিনেতা, কলা-কুশলীক মাননী নিদিয়াৰ অভিযোগত আধাতে নাট্যযাত্ৰা স্তব্ধ হৈছিল থিয়েটাৰ ভাগ্যদেৱীৰ । এইবাৰ নাট্যগোষ্ঠীটোৰ প্ৰযোজক সুবোধ মজুমদাৰে ন-সাহসেৰে আকৌ ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস চলাব থিয়েটাৰ ভাগ্যদেৱীক । কিয়নো ৫৭ বৰ্ষত খোজ দিয়া নাট্যগোষ্ঠীটো বন্ধ হোৱাটো কোনেও কেতিয়াও নিবিচাৰে বুলি সদৰী কৰে প্ৰযোজক সুবোধ মজুমদাৰে ।

আনহাতে বিগত বৰ্ষটোত নাট্যগোষ্ঠীটোক আনৰ হাতত অৰ্পণ কৰাৰ বাবে যথেষ্ট দুখ অনুভৱ কৰে সুবোধ মজুমদাৰে । তেওঁ কয়, "পিতৃ প্ৰয়াত শৰৎ মজুমদাৰৰ সৃষ্টি এই মানৱ উদ্যোগটো কেতিয়াও বন্ধ হোৱাটো আমি নিবিচাৰো । পিতৃৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ যোৱাবছৰ যি ভুলৰ বাবে ভাগ্যদেৱী কলুষিত হ'ল তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো । এইবাৰ উত্তম নহ'লেও নতুন মুখ লগত লৈ ৰাইজৰ আগত নাট মঞ্চস্থ কৰিবলৈ ওলাইছো । লগতে ৰাইজৰ পৰা দিহা পৰামৰ্শৰ লগতে আশীৰ্বাদ বিচৰাৰ উপৰিও নটৰাজৰ ওচৰতো প্ৰাৰ্থনা জনাইছো ।" আনহাতে নাট্যকাৰ তিলক বৈশ্যয়ো প্ৰযোজকগৰাকীৰ সৈতে সম্পূৰ্ণ সহমত জনাই ৰাইজৰ আশীৰ্বাদ কামনা কৰে ।

উল্লেখযোগ্য যে এইবাৰো থিয়েটাৰখন সুবোধ মজুমদাৰৰ প্ৰযোজনাত যদিও থাকিব সম্পাদকৰ দায়িত্ব বিশিষ্ট অভিনেতা পংকজ কলিতাৰ ওপৰত চমজাই দিব বুলি সদৰী কৰে । ইপিনে উক্ত মাংগলিক অনুষ্ঠানৰ অন্তত সকলো অভিনেতা-অভিনেত্ৰী উপস্থিত থাকিব নোৱৰা বাবে নাট্যকাৰ তিলক বৈশ্যৰ প্ৰযোজনাত তিনিওখন নাটকৰে কিছু কিছু সংলাপেৰে এইবৰ্ষৰ নাট কেইখনৰ আখৰা শুভাৰম্ভ কৰা হয় । অহা ২২ জুলাইৰ পৰাহে সকলো কলা-কুশলীৰ উপস্থিতিত সম্পূৰ্ণ আখৰা আৰম্ভ হ'ব বুলি জনাই প্ৰযোজকগৰাকীয়ে ।

লগতে পঢ়ক: মুক্তি পালে 'মেডাম মেনকা' নাটৰ ৰোমান্টিক গীত "বেয়া নাপাবি দেই" - Abahan Theatre song released

দৰ্শকৰ মন হৰিবলৈ প্ৰস্তুতি চলোৱাত ব্যস্ত প্ৰস্তুতি পৰাশৰ - Abahan Theatre

তৰুণ-তৰুণীৰ সমাহাৰেৰে ২০২৪-২৫ বৰ্ষত ৰাইজৰ মাজলৈ আহিব হেঙুল - Interview With Sankalpajit Hazarika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.