ETV Bharat / entertainment

মুক্তি পালে অপৰাধ-ৰহস্য-থ্ৰিলাৰেৰে পৰিপূৰ্ণ 'দ্য বাকিংহাম মাৰ্ডাৰ্ছ'ৰ টিজাৰ - The Buckingham Murders Teaser

author img

By ETV Bharat Features Team

Published : Aug 20, 2024, 7:07 PM IST

The Buckingham Murders Teaser Out: কৰীণা কাপুৰৰ আগন্তুক ক্ৰাইম থ্ৰিলাৰ 'দ্য বাকিংহাম মাৰ্ডাৰ্ছ'ৰ টিজাৰ আজি অৰ্থাৎ 20 আগষ্টত মুক্তি পালে । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছবিগৃহত মুক্তি পাব এই ছবিখন । 'দ্য বাকিংহাম মাৰ্ডাৰ্ছ'ৰ আশ্চৰ্য্যজনক টিজাৰ চাওক…

The Buckingham Murders Teaser Out Now, Makers revealed Kareena Kapoor character in film
কৰীণা কাপুৰৰ আগন্তুক ক্ৰাইম থ্ৰিলাৰ (@mahana_films Instagram)

চিটাৰা ডেস্ক, 20 আগষ্ট : কৰীণা কাপুৰৰ আহিবলগীয়া ক্ৰাইম থ্ৰিলাৰ 'দ্য বাকিংহাম মাৰ্ডাৰ্ছ'ৰ অফিচিয়েল টিজাৰ আজি মুকলি কৰা হৈছে । টিজাৰ মুক্তিৰ পিচতে কৰীণা কাপুৰৰ অনুৰাগী আৰু দৰ্শকৰ মাজত ইয়াৰ কৌতূহল এক নতুন স্তৰত উপনীত হৈছে । হংসল মেহতাৰ দ্বাৰা পৰিচালিত আৰু কৰীণা কাপুৰ খান, শোভা কাপুৰ আৰু একতা কাপুৰৰ দ্বাৰা প্ৰযোজিত এই ছবিখন এই বছৰৰ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব । চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ যোৱা বছৰ জিঅ' মামি মহোৎসৱত হৈছিল ।

মঙলবাৰে মেকাৰসকলে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰামত ‘দ্য বাকিংহাম মাৰ্ডাৰ্ছ’ৰ অফিচিয়েল টিজাৰ শ্বেয়াৰ কৰে । ইয়াৰ মাজতে মেকাৰসকলে কৰীণা কাপুৰৰ চৰিত্ৰও প্ৰকাশ কৰে । মেকাৰসকলে কেপশ্যনত লিখিছে, ‘ডিটেক্টিভ চাৰ্জেণ্ট জছমীত ভামৰাক লগ কৰক । চাওক তেওঁ কেনেকৈ লুকাই থকা সত্যবোৰ প্ৰকাশ কৰে । ‘দ্য বাকিংহাম মাৰ্ডাৰ্ছ’ত কৰীণা কাপুৰে এগৰাকী ডিটেক্টিভ চাৰ্জেণ্টৰ চৰিত্ৰত অভিনয় কৰিব, যাৰ নাম জছমীত ভামৰা ।

'দ্য বাকিংহাম মাৰ্ডাৰ্ছ'ৰ টিজাৰত কি আছে ?

টিজাৰটো এটা হৃদয়বিদাৰক ঘটনাৰ সৈতে আৰম্ভ হয়, যিয়ে চৰিত্ৰটোক ন্যায়ৰ সন্ধানত লৈ যায় । অপৰাধ, ৰহস্য আৰু থ্ৰিলাৰৰ টিজাৰত, কৰীণা কাপুৰৰ চৰিত্ৰ 'জছমীত ভমৰা'য়ে তেওঁৰ সন্তান হেৰুৱায় । তেওঁ তেওঁৰ সন্তানক বিচাৰি উলিয়াবলৈ ডিটেকটিভ চাৰ্জেন্টৰ সৈতে যোগদান কৰে । এই সময়ছোৱাত, 'জছমীত ভমৰা'য়ে এনে বহুতো দৃশ্যৰ সন্মুখীন হ'ব লগা হয়, যি তেওঁক মাতৃ হিচাপে দুৰ্বল কৰে । টিজাৰটো এটা ৰক্তক্ষয়ী দৃশ্যৰ সৈতে শেষ হয় ।

‘দ্য বাকিংহাম মাৰ্ডাৰ্ছ’ৰ টিজাৰক লৈ অনুৰাগীৰ প্ৰতিক্ৰিয়া

কৰীণা কাপুৰেও নিজৰ আগন্তুক ছবিখনৰ টিজাৰ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কেপশ্যনত ছবিখনৰ মুক্তিৰ তাৰিখ 13 ছেপ্টেম্বৰ বুলি লিখিছে । কৰীণা কাপুৰৰ ছবিখনৰ টিজাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফেশ্বন ডিজাইনাৰ ৰিয়া কাপুৰ আৰু অনুৰাগীয়ে । ৰিয়াই পোষ্টটোৰ কমেণ্ট ছেকচনত ফায়াৰ ইম’জী দিছে । সমান্তৰালকৈ অনুৰাগীসকলে ‘দ্য বাকিংহাম মাৰ্ডাৰ্ছ’ৰ টিজাৰটো বহুত ভাল পাইছে । এজন অনুৰাগীয়ে লিখিছে, ‘মন জোকাৰি যোৱা টিজাৰ । আগ্ৰহেৰে ছবিখনৰ বাবে অপেক্ষা কৰি আছো ।’ আন এজন অনুৰাগীয়ে লিখিছে, ‘ৰাষ্ট্ৰীয় বঁটা লোডিং’। এজন অনুৰাগীয়ে লিখিছে, ‘এইখন হ’ব ব্লকবাষ্টাৰ’।

হংসল মেহতাৰ দ্বাৰা পৰিচালিত, "দ্য বাকিংহাম মাৰ্ডাৰ্ছ"ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কৰীণা কাপুৰ খান আৰু ৰণবীৰ ব্ৰাৰে । ইয়াৰ লগতে এছ টণ্ডন, আসাদ ৰাজা, প্ৰভলীন সান্ধু, সঞ্জীৱ মেহৰা, আদোৱা আকোটো, জৈন হুছেইনৰ দৰে শিল্পীসকলো আছে । ছবিখন 13 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক : আলিয়াৰ পিচত এইবাৰ লাপাতা লেডিজৰ প্ৰশংসাত পঞ্চমুখ কৰীণা কাপুৰ - Kareena Kapoor Khan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.