ETV Bharat / entertainment

ৰাজনীতিত প্ৰৱেশ থালাপতী বিজয়ৰ, ঘোষণা কৰিলে দলৰ নাম

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 2:55 PM IST

Thalapathy Vijay In Politics: ছবিজগতৰ পৰা এইবাৰৰ ৰাজনীতিত প্ৰৱেশ কৰিছে দক্ষিণৰ তাৰকা থালাপতী বিজয়ে ৷ ঘোষণা কৰিছে নিজৰ দলৰ নাম ৷

Thalapathy Vijay announces his political party name
ৰাজনীতিত থালাপতী বিজয়ৰ এন্ট্ৰি

চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী: দক্ষিণৰ ছবিত নিজৰ উৎকৃষ্ট অভিনয়ৰে অনুৰাগীক মোহিত কৰা থালাপতী বিজয় সন্দৰ্ভত এটা ডাঙৰ খবৰ পোৱা গৈছে ৷ আচলতে অভিনয়ৰ জগতৰ পৰা ৰাজনীতিলৈ ঢাপলি মেলিছে থালাপতী বিজয়ে ৷ হয়, লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰিছে থালাপতী বিজয়ে । আনকি তেওঁ নিজৰ দলৰ নামো ঘোষণা কৰিছে । বিজয়ৰ দলৰ নাম হৈছে ‘তামিলাগা ভেত্ৰী কঝগম’ । ইয়াৰ সমান্তৰালকৈ বিজয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে আৰু এই নিৰ্বাচনত তেওঁ কোনো দলকো সমৰ্থন নকৰে । সাধাৰণ আৰু কাৰ্যবাহী পৰিষদৰ বৈঠকৰ বাবে এই সিদ্ধান্ত লৈছে বুলিও উল্লেখ কৰে ।

বিজয়ে নিজৰ বিবৃতিত কয়,‘‘ আমি আজি নিৰ্বাচন আয়োগত আবেদন কৰিছো আমাৰ দল 'তামিলাগা ভেত্ৰী কঝগম' পঞ্জীয়ন কৰিবলৈ । আমাৰ লক্ষ্য আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱা ৷ লগতে মৌলিক ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ, যিটো ৰাইজে বিচাৰে ।’’

দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়

দক্ষিণত বিজয়ৰ এক সুকীয়া পৰিচয় আছে । ৰজনীকান্তৰ পিচত বিজয় সেইজন অভিনেতা যাক মানুহে বহুত বেছি ভাল পায় ৷ বিজয়ে নিজৰ যিকোনো এখন ছবি ঘোষণা কৰাৰ লগে লগে অনুৰাগীৰ মাজত ইয়াৰ উন্মাদনা বাঢ়ি যায় । অনুৰাগীসকলে আগ্ৰহেৰে তেওঁৰ ছবিৰ বাবে অপেক্ষা কৰে । দীৰ্ঘদিন ধৰি বিজয়ে ছবিৰ জৰিয়তে মানুহক মনোৰঞ্জন দি আহিছে আৰু এতিয়া ৰাজনীতিত প্ৰৱেশ কৰি ৰাইজৰ বাবে কাম কৰাৰ মন মেলিছে ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে কিছুদিন পূৰ্বে বিজয়ে ঘোষণা কৰিছিল তেওঁৰ নতুন ছবি GOAT । প্ৰভুদেৱা, প্ৰশান্ত আৰু আজমলক তেওঁৰ সৈতে এই ছবিখনত দেখা যাব । শেহতীয়াকৈ বিজয়ে ছবিখনৰ নতুন পোষ্টাৰ মুকলি কৰিছিল ।

লগতে পঢ়ক: পুষ্পা ২ দ্য ৰুলৰ মুক্তিৰ কাউণ্টডাউন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.