ETV Bharat / entertainment

প্ৰথমে ইঞ্জিনিয়াৰ তাৰ পিচত মডেল আৰু এতিয়া অভিনেত্ৰী - Taapsee Pannu Birthday

Taapsee Pannu Birthday: তাপসী পন্নুৱে 1 আগষ্টত 37 সংখ্যক জন্মদিন উদযাপন কৰিছে । এই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীৰ শিক্ষা, প্ৰাৰম্ভিক কেৰিয়াৰ, বলীউডত আত্মপ্ৰকাশ আৰু বৰ্তমান তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰৰ বিষয়ে সকলো জানি লওক-

author img

By ETV Bharat Entertainment Team

Published : Aug 1, 2024, 4:29 PM IST

Updated : Aug 1, 2024, 4:34 PM IST

Taapsee Pannu Birthday Top Movies upcoming projects and many more about Haseen Dilruba of bollywood
তাপসী পন্নু (ANI/ETV Bharat)

চিটাৰা ডেস্ক, 1 আগষ্ট : তাপসী পন্নুয়ে আজি জীৱনৰ 37 টা বছৰ সম্পূৰ্ণ কৰিলে । অভিনয় জগতৰ লগত সংযোগ নথকা তাপসীয়ে দক্ষিণৰ পৰা আহি বলীউডত নাম উজলাইছেহি । তাপসীয়ে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত এতিয়ালৈকে বহু ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে । ইয়াৰ ভিতৰত এগৰাকী সাধাৰণ ছোৱালীৰ পৰা আৰম্ভ কৰি সাহসী ভূমিকাও অন্তৰ্ভুক্ত । তাপসী তেওঁৰ স্পষ্টবাদী শৈলীৰ বাবেও পৰিচিত । আনহাতে পাপাৰাজ্জীৰ সৈতে তাপসীৰ সম্পৰ্কৰ বিষয়ো সকলোৱে জানে । পাপাৰাজ্জীক ফটো তোলাৰ পৰা আঁতৰাই ৰখাৰ বাবে তাপসীক দ্বিতীয় জয়া বচ্চন বুলিও কোৱা হয় । বিদেশী প্ৰেমিকৰ সৈতে নীৰৱে বিয়াত বহি তাপসীয়ে এতিয়া আহিবলগীয়া ছবি ‘ফিৰ আয়ী হাছিন দিলৰুবা’ৰ জৰিয়তে আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে ।

তাপসী পন্নুৰ বিষয়ে আমোদজনক তথ্য

তাপসীৰ শৈশৱৰ নাম ‘মেগী’, কাৰণ তেওঁৰ চুলিবোৰ সৰুৰে পৰাই কেকোঁৰা । দ্বাদশ শ্ৰেণীত তাপসীয়ে 90 শতাংশ নম্বৰ লাভ কৰিছিল । ইয়াৰ পিচত তাপসীয়ে কম্পিউটাৰ বিজ্ঞানত ইঞ্জিনিয়াৰিং কৰিছিল । তাপসী দিল্লীৰ বাসিন্দা আৰু তেগ বাহাদুৰ ইনষ্টিটিউট অফ টেকন’লজিৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল তেওঁ । সেই সময়তে তাপসীয়ে মন মেলে মডেলিঙৰ দুনীয়ালৈ ৷

2008 চনত তাপসীয়ে চেনেল ভিৰ টেলেণ্ট হাণ্ট শ্ব’ গৰ্জিয়াছত অডিশ্যন দিছিল । তাপসীৰ ভাগ্য ভাল আছিল আৰু তেওঁ নিৰ্বাচিত হৈছিল । 2008 চনতেই তাপসী পন্নুৱে মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । তাপসীয়ে 2 বছৰীয়া মডেলিঙৰ সময়ছোৱাত বহু কোম্পানীৰ বিজ্ঞাপনো কৰিছিল, য’ত আছিল পেন্টালুন, মটৰ’লা, কোকাকোলা আৰু ৰেড এফ এম অন্তৰ্ভুক্ত আছিল ।

লগতে পঢ়ক : টিভৰ পৰা বক্স অফিচত নিজৰ স্থিতি দৃঢ় কৰালৈকে মৃণালৰ যাত্ৰা সঁচাই প্ৰশংসনীয় - Mrunal Thakur Birthday

তাপসীৰ চলচ্চিত্ৰ কেৰিয়াৰ

তাপসীয়ে মডেলিঙৰ সময়ত পোনপটীয়াকৈ দক্ষিণ চলচ্চিত্ৰ উদ্যোগত অভিনয়ৰ চেষ্টা কৰিছিল । 2010 চনত, তেওঁ তেলুগু ছবি 'ঝুম্মাদি নাদম'ৰ দ্বাৰা আত্মপ্ৰকাশ কৰে । তাপসীয়ে হিন্দী, তেলুগু, তামিল আৰু মালায়ালম চলচ্চিত্ৰত অভিনয় কৰিছে । তেওঁ 2013 চনত চশমেবদ্দুৰ চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল, কিন্তু তাৰ আগতে তেওঁ 3 বছৰ দক্ষিণৰ চলচ্চিত্ৰত 10 খনতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল ।

তাপসীৰ চিনেমা

14 বছৰীয়া চলচ্চিত্ৰ জীৱনত এই পৰ্যন্ত 44 খন ছবিত কাম কৰিছে তাপসীয়ে । 3 খন দক্ষিণৰ ছবিত কেমিঅ’ চৰিত্ৰও ৰূপায়ন কৰিছে তেওঁ । তাপসীৰ হিট ছবিসমূহৰ ভিতৰত আছে পিংক, ডাংকি, হাছিন দিলৰুবা, থাপ্পড়, সান্দ কি আংখ, মিছন মংগল, নাম শ্বাবানা, বেবী ।

তাপসীৰ উপাৰ্জনৰ বিষয়ে ক'বলৈ গ'লে, প্ৰতিবেদন অনুসৰি, তেওঁ 45 কোটি টকাৰ গৰাকী । তাপসীয়ে এখন চলচ্চিত্ৰৰ বাবে 1 ৰ পৰা 2 কোটি টকা লয় । সমান্তৰালকৈ তেওঁ ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টৰ বাবে 2 কোটি টকা পাৰিশ্ৰমিক লয় ।

তাপসীৰ আগন্তুক প্ৰজেক্ট

তাপসী ফিৰ আয়ী হাছিন দিলৰুবাৰ বাবে সাজু হৈছে এতিয়া । অক্ষয় কুমাৰ, ফাৰদিন খান, এমি বিৰ্ক, আদিত্য শীল অভিনীত তেওঁৰ আন এখন কমেডি ছবি খেল খেল মে 15 আগষ্টত মুক্তি পাব । শেহতীয়াকৈ মুকলি কৰা হৈছে ফিৰ আয়ী হাছিন দিলৰুবা চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ । ইয়াৰ উপৰিও, তাপসীক 'ৱো লড়কী হে কহা' বোলছবিখনতো দেখিবলৈ পোৱা যাব । এই ছবিখনত তেওঁ এচিপি কোমল শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিব ।

লগতে পঢ়ক : দুজন পুৰুষৰ সৈতে প্ৰেম, এইবাৰ কঠোৰ জেৰাৰ মাজত ৰাণী - Phir Aayi Hasseen Dillruba Trailer

Last Updated : Aug 1, 2024, 4:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.