ETV Bharat / entertainment

বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মঞ্চৰ পৰা যুৱ পৰিচালক সুব্ৰত কাকতিৰ বাৰ্তা

Busan International Film Festival: 29 সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত হৈছে অসমৰ যুৱ-পৰিচালক সুব্ৰত কাকতি ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Busan International Film Festival
সুব্ৰত কাকতি (ETV Bharat Assam)

গুৱাহাটী, 9 অক্টোবৰ : অসমীয়া বোলছবি ‘ৰঘুপতি’ আৰু ‘বিদুৰভাই’ ৰ পৰিচালনাৰ জৰিয়তে প্ৰতিগৰাকী দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা সুব্ৰত কাকতি অসমত এতিয়া এটা চিনাকী নাম ৷ দৰ্শকক মনোৰঞ্জনৰ প্ৰকৃত সোৱাদ দিবলৈ সক্ষম হোৱা সুব্ৰত কাকতিক লৈ অসমীয়া দৰ্শকৰ আছে বহু আশা ৷ তেওঁৰ দ্বাৰা পৰিচালিত এই ছবি দুখনৰ অপাৰ সফলতাৰ পাছত যুৱ পৰিচালক সুব্ৰত কাকতিৰ নামত সংযোজন হৈছে আন এক সফলতা ।

দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হোৱা 29 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰত চৰকাৰৰ তৰফৰ পৰা অসমৰ হৈ প্ৰতিনিধিৰূপে অংশগ্ৰহণৰ বাবে মনোনীত হৈছে নৱ প্ৰজন্মৰ পৰিচালকগৰাকী । এই কথা ইতিমধ্যে তেওঁ সমাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে । বুধবাৰে এক ভিডিঅ’ বাৰ্তা যোগে নিজৰ অনুভৱ ব্যক্ত কৰে পৰিচালকগৰাকীয়ে ।

সুব্ৰত কাকতিৰ বাৰ্তা (ETV Bharat Assam)

বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত হোৱা সন্দৰ্ভত তেওঁ কয়, “ভাৰত চৰকাৰৰ Ministry of information and broadcasting আৰু National Film Development Corporation of India (NFDC) ৰ পৰা আমাক এই সুবিধা প্ৰদান কৰা হৈছে । মোৰ খুব ভাল লাগিছে যে আমাৰ নিচিনা নৱ-প্ৰজন্মৰ চলচিত্ৰ নিৰ্মাতাসকলক অভিজ্ঞতা এটা প্ৰদান কৰাৰ অৰ্থে আমাক এইদৰে লৈ অনা হৈছে ।” এই সুবিধা প্ৰদানৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে পৰিচালক গৰাকীয়ে ।

Suvrat kakoti
সুব্ৰত কাকতি (ETV Bharat Assam)

উল্লেখ্য যে, ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি) য়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুব্ৰত কাকতিক নিৰ্বাচিত কৰে । পৰিচালকগৰাকীৰ প্ৰতিভা আৰু অসমীয়া চলচ্চিত্ৰৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধাৰ ফলশ্ৰুতিত যি সফলতা তেওঁ লাভ কৰিছে, তাৰ বাবে সমগ্ৰ অসমবাসীৰ লগতে সাংস্কৃতিক জগতৰ সকলো লোক উৎসাহিত হৈ পৰিছে ।

লগতে পঢ়ক : BIFF ৰ মঞ্চত ভাৰতৰ পৰা একমাত্ৰ ফিছাৰ হিচাপে চিহ্নিত ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ 2" - Village Rockstars 2 in 29th BIFF

বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ পৰিচালক - Busan International Film Festival

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.