ETV Bharat / entertainment

মই আজিও তেওঁৰ উপস্থিতি অনুভৱ কৰো; ভাতৃৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে ভগ্নী শ্বেতা সিঙৰ আৱেগিক পোষ্ট - Sushant Singh Rajput

author img

By ETV Bharat Entertainment Team

Published : Jun 2, 2024, 1:04 PM IST

Sushant Singh Rajput Sister Shweta: ভাতৃৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে কেদাৰনাথত উপস্থিত হৈছে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং ৰাজপুত । উক্ত স্থানত উপস্থিত হৈ ভাতৃক সুঁৱৰি

Sushant Singh Rajput sister Shweta Singh Kirti visited Kedarnath ahead of her brother 4th death anniversary
মই আজিও তেওঁৰ উপস্থিতি অনুভৱ কৰো; ভাতৃৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে ভগ্নী শ্বেতা সিঙৰ আৱেগিক পোষ্ট (INSTAGRAM)

চিটাৰা ডেস্ক, 2 জুন: ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তি ৷ প্ৰায়ে আৱেগিক পোষ্টৰ জৰিয়তে প্ৰয়াত ভাতৃক তেওঁ স্মৰণ কৰা দেখা যায় ৷ এতিয়া ভাতৃৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে কেদাৰনাথৰ ওচৰ পাইছেগৈ ভগ্নী শ্বেতা সিং, সম্প্ৰতি তেওঁ সেই স্থানত উপস্থিত হৈ ভাতৃ সুশান্তৰ স্মৃতি সুঁৱৰি কিছু বিশেষ ছবি ছ’চিয়েল মিডিয়াযোগে ইতিমধ্যে শ্বেয়াৰ কৰিছে ৷

বিগত শনিবাৰে শ্বেতা সিং ৰাজপুতে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত প্ৰয়াত ভাতৃৰ সৈতে পুৰণি স্মৃতি সতেজ কৰি তুলিছিল ৷ এই ছবিবোৰৰ লগতে তেওঁ নিজৰ নতুন ছবিও সংযোজন কৰিছে ৷ শ্বেতা সিঙে কেপচনত লিখিছে এটা দীঘলীয়া আৱেগিক টোকা ৷ তেওঁ লিখিছে, ‘আজি ১ জুন আৰু চাৰি বছৰ আগতে এই মাহৰ ১৪ তাৰিখে আমি আমাৰ আটাইতকৈ মৰমৰ সুশান্তক হেৰুৱাইছিলোঁ ৷ আজিও আমি সেই কৰুণ দিনটোত কি হৈছিল তাৰ উত্তৰ বিচাৰিছো ৷ মই কেদাৰনাথলৈ আহিছিলো প্ৰাৰ্থনা কৰিবলৈ, তেওঁক স্মৰণ কৰিবলৈ আৰু সুশান্ত যে মোৰ সদায় কাষতে আছে তাকে অনুভৱ কৰিবলৈ ৷ কেদাৰনাথত অৱতৰণ কৰাৰ লগে লগে দিনটো মই বৰ আৱেগিক হৈ পৰিছিলো, চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে ৷’

তেওঁ লিখিছে, ‘মই আজিও তেওঁৰ উপস্থিতি অনুভৱ কৰো ৷ মোৰ বৰ মন গ’ল তাক সাৱটি ধৰিবলৈ ৷ মই বহি তাৰ ধ্যান কৰা ঠাইত ধ্যান কৰিবলৈ ধৰিলো ৷ সেই মুহূৰ্তবোৰত মই অনুভৱ কৰিছিলো যে সি এতিয়াও মোৰ লগত আছে, মোৰ ভিতৰত, মোৰ মাজত জীয়াই আছে ৷ এনে লাগিল যেন সি কেতিয়াও মোৰ মাজৰ পৰা আঁতৰি যোৱা নাই ৷

তেওঁ আৰু লিখিছে, ‘কালি ফাটাত ইণ্টাৰনেট সংযোগ নাছিল ৷ গাড়ীত বহি ইনষ্টাগ্ৰাম খুলি মোৰ ফিডত মাত্ৰ এটা পোষ্ট দেখিলোঁ: কেদাৰনাথত এজন সন্ন্যাসীৰ সৈতে মোৰ ভাইটিৰ ফটো ৷ মই জানিছিলোঁ যে সেই সাধুজনক লগ কৰিব লাগিব আৰু ভগৱানৰ কৃপাত মই তেওঁক লগ কৰিবলৈ সক্ষম হৈছিলো ৷ সেই ফটোখন ৰেফাৰেন্সৰ বাবে সংলগ্ন কৰিছো ৷ এইটো সম্ভৱ কৰি তোলাৰ বাবে ঈশ্বৰৰ ওচৰত মই কৃতজ্ঞ ৷

তেওঁ প্ৰয়াত ভাতৃৰ সৈতে মন্দিৰ চৌহদত ধ্যান কৰি থকা ছবি পোষ্ট কৰে, তাৰ পিছত অঘৰী সাধুজনৰ পৰা আশীৰ্বাদ লোৱাৰ আন এখন ছবি পোষ্ট কৰে ৷ এই ছবিখনে সুশান্ত সিং ৰাজপুতৰ পুৰণি দিনৰ কথা সোঁৱৰাই তোলে, যেতিয়া তেওঁ কেদাৰনাথলৈ গৈছিল ৷ লগতে অমিত ত্ৰিবেদীৰ নমো নমো গীতটোও বেকগ্ৰাউণ্ডত সংযোজন কৰিছে ৷

লগতে পঢ়ক: ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.