ETV Bharat / entertainment

পুনৰ ছবিগৃহলৈ গদৰ-2, কিন্তু কিয় ? - Gadar 2 re release

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 6:01 PM IST

Gadar 2 Re Release: ছানী দেওল-আমিশা পেটেল অভিনীত গদৰ 2 পুনৰ ছবিগৃহলৈ আহি আছে ৷ ছবিগৃহত মুক্তি দিয়াৰ পিচত জোৰদাৰ গতিত চলা চিনেমাখন পুনৰ কিয় নিৰ্মাতাই ছবিগৃহলৈ আনিছে জানো আহক-

Sunny Deol Ameesha Patel starrer Gadar 2 to re release in theatre in sign language on 4 August
পুনৰ ছবিগৃহলৈ গদৰ 2 (Film Poster Instagram)

চিটাৰা ডেস্ক, 3 আগষ্ট : কিছুমান চিনেমাই দৰ্শকৰ মনত চিৰদিনৰ বাবে সাঁচ বহুৱাই যায় ৷ 2001 চনৰ 15 জুনত মুক্তিলাভ কৰা গদৰ তেনেকুৱা এখন চিনেমা ৷ গানৰ পৰা আৰম্ভ কৰি কাহিনীলৈকে সকলো পছন্দ কৰিছিল দৰ্শকে ৷ গদৰৰ ছিকুৱেল গদৰ-2 2023 চনৰ 11 আগষ্টত চিনেমাগৃহত মুক্তি পায় ৷ ছিকুৱেল ঘোষণাৰ পিচতে অনুৰাগীসকল উৎসাহিত হৈ পৰিছিল ৷

ছানী দেওল-আমীশা পেটেল অভিনীত ছবি গদৰ-2 বক্স অফিচত ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হয় । গদৰ-2 ৰ গানো যথেষ্ট জনপ্ৰিয় হয় ৷ এতিয়া নিৰ্মাতাসকলে গদৰ-2 আকৌ ছবিগৃহত মুক্তি দিয়াৰ সিদ্ধান্ত ল’লে, কিন্তু এটা টুইষ্টৰ সৈতে ।

ছানী দেওল আৰু আমিশা পেটেল অভিনীত গদৰ-2 2023 চনৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰসমূহৰ ভিতৰত এখন আছিল । এই ছবিখনে বক্স অফিচত ইতিহাস সৃষ্টি কৰে । এতিয়া এবছৰৰ পিচত ছবিখনৰ নিৰ্মাতাসকলে অনুৰাগীসকলৰ বাবে এক নতুন আপডেট আনিছে । প্ৰকৃততে, গদৰ-2 ৰ নিৰ্মাতাসকলে ছবিখনৰ প্ৰথম বাৰ্ষিকীত ছবিখন পুনৰ ছবিগৃহত মুক্তি দিবলৈ গৈ আছে । কিন্তু এইবাৰ ছবিখন বধিৰ দৰ্শকৰ বাবে সাংকেতিক ভাষাত মুক্তি দিয়া হ’ব । যোৱা বছৰ সমগ্ৰ দেশৰ লাখ লাখ লোকৰ হৃদয় আকৰ্ষণ কৰা আৰু সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হোৱা চুপাৰহিট ছিকুৱেলখন বধিৰ দৰ্শকৰ সুবিধাৰ বাবে ভাৰতীয় সাংকেতিক ভাষা (আইএছএল)ৰ সৈতে প্ৰদৰ্শিত হ'ব ।

উৎসাহিত ছানী দেওল

স্মৰণীয় চৰিত্ৰ তাৰা সিং হিচাপে প্ৰত্যাৱৰ্তন কৰা ছানী দেওলে ছবিখনৰ পুনৰ মুক্তিৰ বিষয়ে উত্তেজনা প্ৰকাশ কৰি কয়, ‘গদৰ-2 হৈছে এনে এখন চলচ্চিত্ৰ যিয়ে সদায় মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আহিছে । সেয়েহে, মুক্তিৰ এবছৰ পাচতো দৰ্শকৰ মৰম আৰু সমৰ্থন দেখি বৰ ভাল লাগিছে । এইবাৰ ইণ্ডিয়ান ছাইন লেংগুৱেজৰ সৈতে পুনৰ মুক্তি পোৱাৰ লগে লগে ছবিখনে আৰু অধিক দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব । মই আশা কৰো মানুহে ইয়াক এবছৰ আগৰ দৰেই মৰম দিব ।’

আমিশা পেটেলে প্ৰকাশ কৰিছে সুখ

ছাকিনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী আমিশা পেটেলে কয়, ‘গদৰ আৰু গদৰ-2 ৰ অংশ হোৱাটো মোৰ বাবে এক সুন্দৰ অভিজ্ঞতা । বিশেষ দৰ্শকৰ বাবে ছাকিনা আৰু তাৰা সিঙৰ কাহিনী ডাঙৰ পৰ্দাত মুকলি কৰিবলৈ ওলোৱাত বৰ ভাল লাগিছে । মই আশা কৰো যে এই পদক্ষেপে আন চলচ্চিত্ৰ নিৰ্মাতাসকলক বিভিন্ন খণ্ডৰ দৰ্শকৰ বাবে চিনেমা আৰু চলচ্চিত্ৰ মনোৰঞ্জনমূলক কৰি তুলিবলৈ অনুপ্ৰাণিত কৰিব ।"

1971 চনত ভাৰত-পাকিস্তানৰ তৃতীয় যুদ্ধৰ পটভূমিত নিৰ্মিত এই ছবিখনে তাৰা সিঙৰ (ছানী দেওল) দৃঢ়তা আৰু সাহস প্ৰদৰ্শন কৰে কিয়নো তেওঁ তেওঁৰ পুত্ৰ চৰণজিৎক (উৎকৰ্ষ শৰ্মা) বচাবলৈ সকলো প্ৰতিকূলতা অতিক্ৰম কৰে ।

লগতে পঢ়ক : 27 বছৰীয়া পুৰণি প্ৰতিশ্ৰুতিৰে অনুৰাগীৰ কাষত ছানী দেওল - Sunny Deol announces Border 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.