ETV Bharat / entertainment

শিহৰিত হৈ পৰিব আপুনি এই টিজাৰ দেখাৰ পিচত - Shraddha Kapoor Rajkummar Rao movie

Stree 2 Teaser : অনলাইন লিক হোৱাৰ পিচত শ্ৰদ্ধা কাপুৰ, ৰাজকুমাৰ ৰাও অভিনীত স্ত্ৰী 2 ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰিছে নিৰ্মাতাই ৷ শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাও অভিনীত বহু প্ৰত্যাশিত ছবি স্ত্ৰী 2ৰ টিজাৰ আজি মঙলবাৰে উন্মোচন কৰা হয় । চলিত বছৰৰে ১৫ আগষ্টত ছবিগৃহত মুক্তি পাব ছবিখন ।

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 3:10 PM IST

Stree 2 Teaser
স্ত্ৰী 2 ছবিখনৰ টিজাৰ মুকলি (ETV Bharat)

চিটাৰা ডেস্ক, 25 জুন : শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওক মুখ্য চৰিত্ৰত লৈ নিৰ্মাণ কৰা বহু প্ৰত্যাশিত ছবি স্ত্ৰী ২ৰ টিজাৰ মঙলবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হয় । একেখিনি তাৰকাকে লৈ ২০১৮ চনৰ হিট ছবি স্ত্ৰী ৰ ছিকুৱেল হিচাপে স্ত্ৰী 2 নিৰ্মাণ কৰা হৈছে ৷ ১৫ আগষ্টত ৰূপালী পৰ্দাত মুক্তি পাবলৈ সাজু হৈছে এই হৰৰ-কমেডী ছবিখন ৷

ভৌতিক-কৌতুক ছবি স্ত্ৰী ২ এ ৰাজকুমাৰ, শ্ৰদ্ধা আৰু পংকজ ত্ৰিপাঠীক পুনৰ একত্ৰিত কৰিছে । ছবিখনৰ টিজাৰটো অনলাইন মুক্তি দিয়াৰ আগতে নিৰ্মাতাই টিজাৰটো হৰৰ-কমেডী ফ্লিক মুঞ্জ্যাৰ শ্ব’সমূহৰ সৈতে সংলগ্ন কৰিছিল । কিন্তু এনে কৰাৰ পাচতে স্ত্ৰী 2ৰ টিজাৰ অনলাইনত ফাদিল হৈ পৰে ৷ এতিয়া অনলাইন লিক হোৱাৰ কিছুদিনৰ পিচতে নিৰ্মাতাই প্ৰডাকচন বেনাৰ মেডক ফিল্মছৰ অফিচিয়েল এক্স হেণ্ডেলত টিজাৰটো শ্বেয়াৰ কৰিছে ।

আজি মুক্তি দিয়া টিজাৰটো চাই অনুমান কৰিব পাৰি যে ছবিখনে দৰ্শকক ৰোমাঞ্চিত কৰি ৰাখিব । স্ত্ৰী ২ৰ টিজাৰটো মঙলবাৰে উন্মোচন কৰি কেপশ্যনত লিখা হয়, "ইছ বাৰ চান্দেৰী মে আজাদি কে দিন হোগা আতংক ! বিখ্যাত চৰিত্ৰটো ১৫ আগষ্টত এই স্বাধীনতা দিৱসত ঘূৰি আহিছে ! #Stree2 #SheIsBack #Stree2Teaser" মুক্তি পোৱা ভিডিঅ'টোত ৰাজকুমাৰ আৰু তেওঁৰ বন্ধু পংকজ ত্ৰিপাঠী, অপৰশক্তি খুৰানা আৰু অভিষেক বেনাৰ্জীক একেখন গাঁৱতে চিত্ৰিত কৰা হৈছে, যিয়ে ভূতৰ পুনৰ আবিৰ্ভাৱক প্ৰতিহত কৰে ।

ভিডিঅ'টো "দ্য লেজেণ্ড ইজ বেক" এইদৰে লিখিত ৰূপত আৰম্ভ হয়, তাৰ পিচত ৰাজকুমাৰে, "ইয়ে তো আ গয়ী সচ মে" বুলি চিঞৰি উঠে । ভিডিঅ'টোত পিচত বহুতো মুহূৰ্তৰ সংকলন কৰা হয় যিবোৰত সংগীত, বন্ধুবৰ্গৰ সৈতে ধেমালি আৰু উত্তেজনা দেখিবলৈ পোৱা যায় । শ্ৰদ্ধাক দুটা বেলেগ বেলেগ চৰিত্ৰত দেখা গৈছে ৷ ৰাজকুমাৰৰ সৈতে ৰোমান্টিক সম্পৰ্কও ফুটি উঠিছে টিজাৰটোত ৷

লগতে পঢ়ক : বক্স অফিচত হ’ব ধামাকা ! ’পুষ্পা 2’ৰ সৈতে মুখামুখি প্ৰতিযোগিতাত নামিব ‘স্ত্ৰী 2’ - Stree 2 vs Pushpa 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.