চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী: এইবাৰৰ ভেলেণ্টাইন ডে’ অতি বিশেষ হ’ব ৷ অৱশ্যে এয়া আমি কোৱা নাই, আচলতে শ্বাহৰুখ খানে এই প্ৰতিশ্ৰুতি দিছে । নেটফ্লিক্সে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কিং খানে নিজৰ অনুৰাগীক চাৰপ্ৰাইজ দিয়াৰ প্ৰতিশ্ৰুতি দিছে । কিং খানৰ এই ভিডিঅ’টোৰ পিচতে অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে ডাংকিৰ অ’টিটিৰ মুক্তিৰ তাৰিখ ঘোষণা হ’ব ।
আচলতে ভিডিঅ’টোত ছুপাৰষ্টাৰগৰাকীয়ে ইংগিত দিছে যে ১৪ ফেব্ৰুৱাৰীত ষ্ট্ৰীমিং প্লেটফৰ্মত বিশেষ কিবা এটা আহিব । ভিডিঅ’টোত তেওঁ কয়, “আজি ১৪ ফেব্ৰুৱাৰীত মই আপোনাৰ চিৰন্তন ভেলেণ্টাইনে আপোনালোকক ক’বলৈ আহিছো যে নেটফ্লিক্সত অতি বিশেষ কিবা এটা হ’ব, গতিকে লগ পাম । " কিং খানৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগতে নেটফ্লিক্সে কেপচনত লিখিছে, "বছৰৰ আটাইতকৈ ৰোমান্টিক দিনটোৱে ৰোমান্সৰ কিঙৰ পৰা কিবা এটা আচৰিত বস্তু লৈ আহিব ৷’’
অনুৰাগীৰ প্ৰতিক্ৰিয়া
কিং খানৰ এই ভিডিঅ’টোৰ পিচতে বহুতে দাবী কৰিছে যে এই ঘোষণা শ্বাহৰুখৰ শেষৰটো মুক্তি পোৱা ‘ডাংকি’ৰ সৈতে জড়িত । এজন অনুৰাগী লিখিছে, "ভাই...ডাংকি আ ৰহা হে ক্যায়া ?" আনহাতে আন এজনে লিখিছে, "ৰৈ থাকিব নোৱাৰি হিৰো ! আন এজন অনুৰাগীয়ে লিখিছে, “ডাংকি মুভি অ’টিটি ৰিলিজ ।”
ডাংকিৰ তাৰকা অভিনেতা
উল্লেখ্য যে, শ্বাহৰুখ খানে ৰাজকুমাৰ হিৰানীৰ সৈতে প্ৰথমবাৰৰ বাবে 'ডাংকি' ছবিখনত কাম কৰিছে । এই ছবিখনত শ্বাহৰুখ খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত তাপসী পান্নু, বিকি কৌশল আৰু বোমন ইৰাণীৰ দৰে প্ৰতিভাৱান তাৰকাসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
লগতে পঢ়ক: জয়াপ্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ নিৰ্দেশ, সপ্তমবাৰৰ বাবে জাৰি নন-বেইলেবল ৱাৰেণ্ট