ETV Bharat / entertainment

১৫ মাৰ্চত ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত' - New Assamese film Gobardhan Charit

Gobardhan Charit: কথাছবি ৰূপত আহি আছে জনপ্ৰিয় ৰেডিঅ' নাট গোবৰধন চৰিত Shadow of Life ৷ অহা ১৫ মাৰ্চত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তিলাভ কৰিব ছবি ৷

Interview with director of the new Assamese film Gobardhan Charit
১৫ মাৰ্চত ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত'
author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 3:55 PM IST

গোবৰধন চৰিতৰ পৰিচালক জয়ন্ত গোস্বামীৰ সৈতে বিশেষ সাখ্যাৎকাৰ

গুৱাহাটী, 8 মাৰ্চ: অনাতাঁৰ কেন্দ্রৰ জৰিয়তে সম্পচাৰিত হোৱা এখন জনপ্ৰিয় অনাতাঁৰ নাট 'গোবৰধন চৰিত' ৷ এসময়ৰ এই জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত' এইবাৰ কথাছবিৰ ৰূপত দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে ৷ অহা ১৫ মাৰ্চত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহত মুক্তিলাভ কৰিব গোবৰধন চৰিত Shadow of Life ৷ বিনাচ মুভি ট'নৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা জয়ন্ত গোস্বামীৰ ৷

আনহাতে, ছবিখনৰ গোবৰৰ চৰিত্রত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা লগতে মইনাৰ চৰিত্ৰত অভিনয় কৰিছে স্বাগতা ভৰালী ৷ আনহাতে, ছবিখনৰ অন্যান্য চৰিত্ৰ সমূহত অভিনয় কৰিছে সুজিত শৰ্মা, প্ৰতিভা চৌধুৰী, চেতনা দাস, পূৰ্ণদা শইকীয়া, নমিতা গোস্বামী, মধুমিতা কটকী, মালা বৰঠাকুৰ, কমলেশ শইকীয়া, মামণি দেৱ আদিকে ধৰি বহু অভিনেতা-অভিনেত্ৰীয়ে ৷ ছবিখনৰ আবাহ সংগীত দীপক শৰ্মা, চিত্ৰ গ্ৰহণ চন্দন সাগৰৰ ৷

ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ পৰিচালক জয়ন্ত গোস্বামীয়ে মন্তব্য কৰি কয়,' ছবিখনৰ পৰিকল্পনা মোৰ দীৰ্ঘদিনীয়া ৷ ছবিখন সম্পূর্ণ হৈছিল ২০১৯ চনতে ৷ ২০২০ চনৰ ২৯ মে'ত মুক্তিৰ কথা আছিল যদিও ক’ভিডৰ বাবে কৰিব পৰা নহ'ল ৷ ছবিখনৰ বিশেষ দর্শনীও ব্যৱস্থা কৰা হৈছিল জ্যোতি চিত্রবনত য’ত উপস্থিত আছিল প্রয়াত হোমেন বৰগোহাঁই, প্রয়াত দেবেন বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷

লগতে তেওঁ কয়' ‘‘গোবৰধন চৰিত এসময়ৰ জনপ্ৰিয় অনাতাঁৰ নাট আছিল ৷ কিন্তু বৰ্তমানৰ নৱপ্ৰজন্মই ইয়াৰ বিষয়ে ভালদৰে নাজানে ৷ ছবিখনৰ জৰিয়তে এতিয়া নৱপ্ৰজন্মই ইয়াৰ বিষয়ে অৱগত হ'ব আৰু ছবিখন আকোৱালি ল'ব বুলি মই আশাবাদী ৷’’

গাঁৱৰ কেঁচা মাটিৰ গোন্ধৰে আমোলমোল 'গোবৰধন চৰিত'ত ছবিখনৰ গীতটিৰ ৰচক আৰু সুৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু ছবিখনত কণ্ঠদান কৰিছে গায়ত্ৰী হাজৰিকাই ৷

লগতে পঢ়ক: জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.