ETV Bharat / entertainment

কিং অফ ৰোমাঞ্চ চনু নিগমৰ জন্মদিনটো কেইটিমান ৰোমাণ্টিক গীতেৰে জীপাল কৰি তোলক - Sonu Nigam Birthday

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 7:24 PM IST

Sonu Nigam Romantic songs : গায়ক চনু নিগমে আজি তেওঁৰ ৫১ তম জন্মদিন উদযাপন কৰিছে। এই উপলক্ষে, আমি চনু নিগম আৰু শ্বাহৰুখ খানৰ যুটিৰ ৰোমাণ্টিক গানৰ তালিকা লৈ আহিছো ।

Sonu Nigam Birthday Singer Romantic Jukebox With Shah Rukh khan
চনু নিগম (ANI)

চিটাৰা ডেস্ক, 30 জুলাই : চনু নিগমৰ নামটো শুনিলেই এটা সুমধুৰ কণ্ঠৰ কথাই মনলৈ আহে ৷ চনু নিগম হৈছে 90 ৰ দশকৰ প্ৰথমগৰাকী গায়ক, যিয়ে সকলো ধৰণৰ গানতে কণ্ঠদান কৰিছিল ৷ বেদনাদায়ক, ৰোমান্টিক, পাৰ্টী থীম সকলোধৰণৰ গান গাই বিখ্যাত হৈ পৰিছিল চনু নিগম ।

বিশ্বজুৰি ভৰি আছে চনু নিগমৰ অনুৰাগী । আজিও হাজাৰ হাজাৰ অনুৰাগী তেওঁৰ সংগীতানুষ্ঠানৰ বাবে একত্ৰিত হয় । চনু নিগমে আজি 51 বছৰীয়া জন্মদিন উদযাপন কৰিছে । বিশেষ দিনটোত চাৰিওফালৰে পৰা অভিনন্দন লাভ কৰিছে তেওঁ । চনু নিগমৰ জন্মদিন উপলক্ষে, আমি শীৰ্ষ 10 টা ৰোমাণ্টিক গানৰ তালিকা আগবঢ়াইছো যি শাওণ মাহটো আৰু অধিক ৰোমান্টিক কৰি তুলিব ।

মে অগৰ কহু

ওম শান্তি ওম চলচ্চিত্ৰখনৰ 'মে অগৰ কহু' গানটো এটা বিশুদ্ধ ৰোমান্টিক গান, য’ত কণ্ঠদান কৰিছে চনু নিগমে । 'মে অগৰ কহু'ত শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে দীপিকাৰ সৈতে ৰোমাণ্টিক ষ্টাইলত কাম কৰে ।

তুমহি দেখ’ না

'কভি অলবিদা না কেহনা' ছবিখনৰ সকলো গীতেই ছুপাৰহিট । ছবিখনত ৰাণী মুখাৰ্জী আৰু শ্বাহৰুখ খানকলৈ চিত্ৰগ্ৰহণ কৰা তুমহি দেখ’ না গীতটো ইমান সুন্দৰকৈ গাইছে চনু নিগমে যে শুনিলে শুনি থাকিব মন যায় ৷

সূৰজ হুৱা মধ্যম

চনু নিগমৰ এই ৰোমান্টিক গীতটো সকলোৰে মুখে মুখে । কৰণ জোহৰৰ ছবি কভি খুশী কভি গমৰ সূৰজ হুৱা মধ্যম গানটো এটা চিৰসেউজ ৰোমাণ্টিক গীত । কুছ কুছ হোতা হে চলচ্চিত্ৰখনৰ পিচত শ্বাহৰুখ আৰু কাজলৰ ৰোমান্টিক যুটি চনু নিগমৰ এই গানটোত দেখা গৈছিল ।

সতৰংগী ৰে

চনু নিগম আৰু শ্বাহৰুখ খানে একেলগে কাম কৰা প্ৰতিটো ৰোমাণ্টিক গীতেই শ্ৰোতাৰ প্ৰিয় ৷ এই যুটি 90 ৰ দশকৰ পৰাই হিট । দিল ছে চলচ্চিত্ৰখনৰ 'সতৰংগী ৰে' গানটো যথেষ্ট জনপ্ৰিয় । চনু নিগমৰ কণ্ঠৰ লগতে শ্বাহৰুখ-মনীষা কৈৰালাৰ অভিনয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছিল ।

তুমছে মিলকে দিল কা

'মে হুঁ না' বোলছবিখনত চনু নিগমে শ্বাহৰুখ খানৰ বাবে 'তুমছে মিলকে দিল কা' গানটো গাইছিল, যিটো গান যথেষ্ট ৰোমান্টিক আৰু উদ্যমী । ফাৰাহ খানৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত শ্বাহৰুখ খানক প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেনৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছিল ।

এনে এগৰাকী মধুৰ কণ্ঠৰ অধিকাৰী চনু নিগমলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলো ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিক 2024 ত নীতা আম্বানীৰ নৃত্যই লাভ কৰিছে বিশেষ চৰ্চা - Nita Ambani Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.