ETV Bharat / entertainment

বিবাহৰ পূৰ্বে কইনা সোণাক্ষীলৈ ‘মল্লিকাজান’ৰ ডাঙৰ উপহাৰ; চাওক ভিডিঅ’ - Sonakshi Zaheer Wedding

Sonakshi Sinha Zaheer Iqbal Wedding: বলীউডৰ মোহময়ী অভিনেত্ৰী সোণাক্ষী সিনহা আৰু অভিনেতা জাহীৰ ইকবালৰ বিবাহৰ খবৰেৰে সম্প্ৰতি ভৰি পৰিছে ছ’চিয়েল মিডিয়া । তাৰ মাজতে বিবাহৰ পূৰ্বে ‘হীৰামণ্ডীৰ’ অভিনেত্ৰী মনীষা কৈৰালাই তেওঁৰ সহ অভিনেতালৈ এটা ডাঙৰ উপহাৰ প্ৰেৰণ কৰিছে । ভিডিঅ'টো চাওক...

author img

By ETV Bharat Entertainment Team

Published : Jun 23, 2024, 12:11 PM IST

Sonakshi Sinha Zaheer Iqbal Wedding Manisha Koirala sent a gift for the bride-to-be watch
বিবাহৰ পূৰ্বে কইনা সোণাক্ষীলৈ ‘মল্লিকাজান’ৰ ডাঙৰ উপহাৰ; চাওক ভিডিঅ’ (INSTAGRAM)

চিটাৰা ডেস্ক, 23 জুন: সোণাক্ষী সিনহাৰ মুম্বাইৰ বাসগৃহ ‘ৰামায়ণ’ত এতিয়া আলহীৰ লানি নিচিগা শাৰী দেখিবলৈ পোৱা গৈছে ৷ বিগত শনিবাৰে (22 জুন) অভিনেত্ৰীগৰাকীৰ ঘৰত পূজাৰ আয়োজন কৰা হৈছিল ৷ মাতৃ পুনম সিনহাৰ সৈতে পূজাত অংশ লৈছিল সোণাক্ষী সিনহা ৷ ইফালে, হ’বলগীয়া কইনা সোণাক্ষী সিনহাৰ ‘হীৰামণ্ডী’ৰ সহ অভিনেত্ৰী মনীষা কৈৰালাক শুভেচ্ছা জনাবলৈ প্ৰেৰণ কৰে এটা ডাঙৰ উপহাৰ আৰু ফুল ৷

22 জুনত সোণাক্ষীৰ মাতৃ পুনম সিনহাই কন্যাৰ সৈতে পূজা কৰিছিল ৷ ইফালে, এজন ব্যক্তিয়ে এটা ডাঙৰ উপহাৰ আৰু এটা ধুনীয়া ফুলৰ থোপা লৈ মুম্বাইৰ সোণাক্ষীৰ ঘৰত উপস্থিত হয় ৷ সোণালী ৰঙৰ জিলিকি থকা গিফ্ট পেপাৰত মেৰিয়াই থোৱা গিফ্টটো দেখি জানিব পৰা গৈছে যে জাহীৰৰ হ’বলগীয়া কইনালৈ কিবা ডাঙৰ আৰু বহুমূলীয়া কিবা এটা পঠিওৱা হৈছে ৷

ইফালে, সোণাক্ষীৰ ঘৰত অনুষ্ঠিত হোৱা পূজাৰ ছবি সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ এই পবিত্ৰ অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে পিন্ধিছিল নীলা ৰঙৰ চুট ৷ তেওঁ মেচিং ডুপাটাৰ সৈতে যোৰা কৰি সাজযোগ পিন্ধা দেখা গৈছে ৷ অভিনেত্ৰীগৰাকীয়ে চুলিখিনি চাইনী টাইট বানত বান্ধিছিল ৷ ভিডিঅ’টোত জাহীৰৰ হ’বলগীয়া কইনাৰ মুখত স্পষ্ট উজ্বলতা দেখিবলৈ পোৱা গৈছিল ৷ মাতৃৰ সৈতে পূজাস্থলীত একেলগে দেখা গ’ল সোণাক্ষীক ৷ পাপাৰাজীৰ বাবেও এটা মৰমলগা পোজ দিয়ে তেওঁ ৷

সাত বছৰৰ ডেটিংৰ অন্তত দেওবাৰে সোণাক্ষী আৰু জাহীৰৰ বিয়া হ’বলৈ ওলাইছে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিবাহৰ পিচত এই দম্পতীটোৱে মুম্বাইৰ শিল্পা শ্বেট্টীৰ বিলাসী ৰেষ্টুৰেণ্ট বেষ্টিয়নত পাৰ্টী উদযাপন কৰিব ৷ এই উদযাপনত হুমা কুৰেশী, আয়ুষ শৰ্মা, হীৰামণ্ডীৰ শিল্পীসকলকে ধৰি বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিব পাৰে ৷

লগতে পঢ়ক: বিয়াৰ পিচত ধৰ্মান্তৰিত হ’ব নেকি সোণাক্ষী ? অনুৰাগীৰ মনত উৎকন্ঠা এই প্ৰশ্নক লৈ - Sonakshi Zaheer Marriage

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.