ETV Bharat / entertainment

সোণাক্ষী-জাহীৰৰ বিবাহনুষ্ঠানত একেলগে বাজি উঠিল আজান-মন্ত্ৰৰ ধ্বনি - Sonakshi Sinha Zaheer Iqbal

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 3:56 PM IST

Sonakshi Sinha Zaheer Iqbal Wedding: সামাজিক মাধ্যমত সোণাক্ষী সিনহা-জাহীৰ ইকবালৰ এগৰাকী বন্ধুৰ বিশেষ পোষ্ট । এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ কয় যে, আজানৰ সৈতে মন্ত্ৰৰ মিলন পবিত্ৰ আছিল । ভিডিঅ'টো চাওক...

Sonakshi Sinha Zaheer Iqbal friend reveals, mantras amalgamating with azaan was holy watch
সোনাক্ষী জাহীৰৰ বিবাহনুষ্ঠানত একেলগে বাজি উঠিল আজান-মন্ত্ৰৰ ধ্বনি (ETV Bharat)

চিটাৰা ডেস্ক, 2 জুলাই: বলীউডৰ নৱবিবাহিত দম্পতী সোণাক্ষী সিনহা আৰু জাহীৰ ইকবালৰ বিবাহৰ খবৰ এতিয়াও বহু চৰ্চাত আছে ৷ দম্পতীটোৰ সাধাৰণ বিয়াখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । তেওঁলোকৰ বিবাহ এই বছৰটোৰ আটাইতকৈ চৰ্চিত বিবাহ হিচাপে পৰিগণিত হৈছে ৷

ঘৰুৱাভাৱে কৰা বিবাহনুষ্ঠানে হওক বা তেওঁলোকে পৰিধান কৰা কাপোৰ বা হিন্দু আৰু ইছলাম দুয়োটা সংস্কৃতিৰ মধুৰ সংমিশ্ৰণেই হওক নিশ্চিতভাৱে এই বিবাহ আটাইতকৈ ধুনীয়া বিবাহবোৰৰ ভিতৰত অন্যতম । ইফালে, দম্পতীটোৰ বিয়াৰ এসপ্তাহৰ পিচত তেওঁলোকৰ ভাল বন্ধু প্ৰাচী মিশ্ৰাই হৃদয়স্পৰ্শী কেপচনৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰে ।

মঙলবাৰে (২ জুলাই) প্ৰাচী মিশ্ৰাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত সোণাক্ষী-জাহীৰৰ বিবাহৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘এইটো যুগত য’ত সৰু-ডাঙৰ মুহূৰ্তবোৰ বহিৰাগত পক্ষক দিয়া হয় ৷ তেনে সময়তে আমি ভইচ মেচেজ আৰু ভিডিঅ’ কলযোগে এটা ছাৰপ্ৰাইজ লাভ কৰো যে অতিশীঘ্ৰেই সোণা আৰু জাহীৰ বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে ৷ বিবাহনুষ্ঠানখন আগৰ দিনবোৰৰ দৰেই ব্যক্তিগত আছিল ।

তেওঁ আৰু লিখিছে, ‘সংবাদ মাধ্যমে বহু উৰাবাতৰি বিয়পাইছিল, কিন্তু আমাৰ ব্লকবাষ্টাৰ দম্পতীৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল । তেওঁৰ সকলো আলহীয়ে যাতে ঘৰত থকাৰ দৰে অনুভৱ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল। বিয়াৰ আৰম্ভণিতে এক বিশেষ বিবাহ অনুষ্ঠিত কৰা হয়, তাৰ পিচত হিন্দুসকলৰ কন্যাদান (কইনাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যাক দৰাক দিয়া) কৰা হয় । এই জৰুৰী নিয়মটো আৰু অধিক পবিত্ৰ হৈ পৰিল যেতিয়া মন্ত্ৰৰ ধ্বনিৰ সৈতে মছজিদৰ পৰা আজানৰ শব্দৰ লগত মিলি গ’ল ৷

কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰাচীয়ে লগতে লিখিছে, ‘প্ৰেমে সকলোকে জয় কৰে’ ইয়াক কেৱল পঢ়া আৰু শুনা যায়, কিন্তু আপোনালোকক দেখি এই কথাৰ ওপৰত বিশ্বাস কৰিলো । ইয়াৰ অংশ হ’বলৈ পাই আমি কৃতজ্ঞ । আপোনালোক দুয়োৰে একেলগে অতি সুখী আৰু আনন্দময় জীৱনৰ কামনা কৰিলো । ভগৱানে তোমালোক দুয়োকে বেয়া নজৰৰ পৰা ৰক্ষা কৰক।

উল্লেখ্য যে, সোণাক্ষীয়ে ২৩ জুনত পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত দীৰ্ঘদিনীয়া প্ৰেমিক জাহীৰ ইকবালৰ সৈতে বিবাহ পঞ্জীয়ন কৰে । ইয়াৰ পিচত তেওঁ নিজৰ উদ্যোগৰ লোকসকলৰ বাবে এখন বিলাসী হোটেলত বিয়াৰ অভ্যৰ্থনাৰ আয়োজন কৰে, য’ত ছলমান খান, ৰেখা, কাজল, অনিল কাপুৰ, সোণাক্ষীৰ বেষ্ট ফ্ৰেণ্ড হুমা কুৰেশীকে ধৰি বহু বলীউডৰ তাৰকা উপস্থিত থাকে ।

লগতে পঢ়ক: কি কাৰণে ভনীয়েক সোনাক্ষীৰ বিয়াত উপস্থিত নাথাকিল ককায়েক লৱ সিন্হা; অৱশেষত ভংগ কৰিলে নীৰৱতা - Luv Sinha on Sonakshi Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.