ETV Bharat / entertainment

বিবাহ বিচ্ছেদৰ দুবছৰ : নৈশ আহাৰত সোহেইলৰ সৈতে অন্য নাৰী - Sohail Khan Dinner Date

author img

By ETV Bharat Entertainment Team

Published : Sep 10, 2024, 4:43 PM IST

Sohail Khan spotted on a dinner date: বিবাহ বিচ্ছেদৰ পিছত জীৱনত আগবাঢ়ি গ’ল নেকি সোহেইল খান ? বাহিৰত নৈশ আহাৰ গ্ৰহণ কৰিলে অন্য নাৰীৰ সৈতে ৷ ৰেস্তোঁৰা এখনৰ পৰা ডিনাৰ ডেটৰ পিছত ওলাই অহা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে-

Sohail Khan Spotted with mystery girl on dinner date after getting divorce WATCH
সোহেইলৰ সৈতে কোন এই নাৰী ? (ETV Bharat)

চিটাৰা ডেস্ক, 10 ছেপ্টেম্বৰ : বলীউড অভিনেতা সোহেইল খানক যোৱা নিশা মুম্বাইৰ এখন ৰেস্তোঁৰাৰ পৰা ওলাই অহা দেখা যায় ৷ সকলোৱে অনুমান কৰিছে যে তেওঁ নতুন প্ৰেমিকাৰ সৈতে ডিনাৰ ডেটলৈ গৈছিল । সোহেইলে 2022 চনত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল ৷ অভিনেতাজনে সীমা সচদেৱৰ সৈতে তেওঁৰ 24 বছৰীয়া বিবাহৰ সমাপ্তি ঘটায় । হয়তো এই বিচ্ছেদৰ পিছত প্ৰেমে তেওঁৰ জীৱনত পুনৰ প্ৰৱেশ কৰিছে ৷ তেওঁক যোৱানিশা অন্য এগৰাকী নাৰীৰ সৈতে দেখাৰ পিছৰে পৰা এই লৈয়ে জল্পনা-কল্পনা চলিছে ।

সোহেইলৰ সৈতে কোন এই নাৰী ? (ETV Bharat/ANI)

সোহেইলৰ জীৱনলৈ প্ৰেমৰ আগমন

মঙলবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে সোহেইল খানৰ এটা ভিডিঅ’, য’ত তেওঁক বান্দ্ৰাৰ এখন ৰেস্তোঁৰাৰ পৰা ওলাই অহা দেখা গৈছিল । সেই সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো আছিল তেওঁৰ গাড়ীৰ ভিতৰত বহি থকা এগৰাকী ৰহস্যময়ী নাৰী । দুয়োকে কেজুৱেল লুকত দেখা গৈছিল । সোহেইলে ধূসৰ ৰঙৰ টি-চাৰ্ট আৰু নীলা ৰঙৰ ডেনিম পিন্ধিছিল, আনহাতে চৰ্চা লাভ কৰা নাৰীগৰাকীয়ে ক’লা টি-চাৰ্ট আৰু বগা পেণ্ট পিন্ধিছিল । অৱশ্যে এই ৰহস্যময়ী নাৰীগৰাকী কোন এতিয়াও জানিব পৰা হোৱা নাই ।

বিবাহ বিচ্ছেদ সন্দৰ্ভত কি ক’লে সোহেইলে ?

বিবাহ বিচ্ছেদৰ কথা কওঁতে সোহেইলে এটা সাক্ষাৎকাৰত কৈছিল - “যেতিয়ালৈকে ই চলিব আৰু যেতিয়ালৈকে একেলগে সুখী হৈ আছে, সম্পৰ্কটো বজাই ৰাখক, নষ্ট নকৰিব । কাৰণ এই সময়তে আপোনাৰ ভিতৰত আনজনৰ প্ৰতি নেতিবাচক অনুভূতি আহি পৰে । সকলো বস্তুৰে ম্যাদ উকলি যোৱাৰ তাৰিখ থাকে ৷ আপুনি ঔষধ কিনিলেও, চকলেট কিনিলেও, খাদ্যৰ অৰ্ডাৰ কৰিলেও এটা সময়ৰ পাছত ম্যাদ উকলি যায় । সম্পৰ্কত সুখ হেৰুৱালে পাৰস্পৰিকভাৱে বিচ্ছেদ হোৱাটোৱেই ভাল ।”

সোহেইল খান আৰু সীমা সচদেৱৰ বিয়া 1998 চনত হৈছিল । নেটফ্লিক্সৰ ৰিয়েলিটী শ্ব’ ‘ফেবুলাছ লাইভছ অফ বলীউড ৱাইভছ’ৰ দ্বিতীয় ছিজনত সোহেইলৰ সৈতে বিবাহ বিচ্ছেদৰ কথা মুকলিকৈ কয় সীমাই । তেওঁলোকৰ নিৰ্ভান আৰু যোহান নামেৰে দুটা সন্তান আছে ।

লগতে পঢ়ক : অডিশ্যনৰ সময়ত মোক তেওঁক আকৰ্ষণ কৰিবলৈ কৈছিল : শিল্পা শিন্দে - Shilpa Shinde on Audition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.