ETV Bharat / entertainment

মুক্তি পালে কণ্ঠশিল্পী ময়ুৰী দত্তৰ বাখৰ ২০২৪

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 12:21 PM IST

Bakhor 2024: মুক্তি পালে এইবর্ষৰ নতুন বিহুসুৰীয়া গীত ‘বাখৰ ২০২৪’ । গীতটিত ময়ুৰী দত্তৰ লগত কণ্ঠদান কৰিছে কণ্ঠশিল্পী তথা অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ।

Singer Mayuri Duttas song Bakhor 2024 out now
ময়ুৰী দত্তৰ বাখৰ ২০২৪
ময়ুৰী দত্তৰ বাখৰ ২০২৪

গুৱাহাটী, ৪ মাৰ্চ: হেঁপাহৰ ৰঙালীলৈ মাজত মাত্ৰ এটা মাহ বাকী আছে । ৰঙালী বিহুৰ পূৰ্বে মুক্তি লাভ কৰিলে কণ্ঠশিল্পী ময়ুৰী দত্তৰ এই বর্ষৰ নতুন বিহুসুৰীয়া গীত ‘বাখৰ ২০২৪’ । দেওবাৰে মহানগৰীৰ ৰাজগড়স্থিত জিৰো ডিবি ষ্টুডিঅ’ত মুক্তি দিয়া হয় গীতটি । গীতটিত ময়ুৰী দত্তৰ লগতে কণ্ঠদান কৰিছে কণ্ঠশিল্পী তথা অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ।

আনহাতে, MD production ৰ বেনাৰত নিৰ্মাণ কৰা এই গীতটিত অভিনয় কৰিছে ময়ুৰী দত্ত আৰু অংশুমান চুতিয়াই । গীতটিৰ নিৰ্দেশনা সোনাল হাজৰিকাৰ ।

গীতটিৰ সন্দৰ্ভত মন্তব্য কৰি কণ্ঠশিল্পী ময়ুৰী দত্তই কয়, ‘‘এইবর্ষৰ বাখৰ আপোনালোকৰ মাজলৈ আহিছে । এইবাৰৰ বাখৰ বহু বিশেষ । কাৰণ এইবাৰৰ বাখৰত মোৰ লগতে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ তথা কণ্ঠশিল্পী সীমান্ত শেখৰে কণ্ঠদান কৰিছে । যিহেতু বিহু আহি আছে বিহুৰ পূৰ্বে উপহাৰ হিচাপে আমি আপোনালোকলৈ আগবঢ়াইছো ‘বাখৰ ২০২৪’ ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে গীতটিৰ সন্দৰ্ভত মন্তব্য কৰি কণ্ঠশিল্পী সীমান্ত শেখৰে কয়, ‘‘বহুত দিনৰ পৰা বিহুনাম গোৱা নাই আৰু গোৱাৰ কোনো সুযোগো পোৱা নাই আচলতে এই ক্ষেত্ৰত বাখৰে অকমান বিহুনামটোক চুইছে । ইমান দিনৰ পৰা যিবোৰ বিহু আমি গাই আছোঁ বা বিভিন্ন জনপ্ৰিয় শিল্পীয়ে গাই আছে তেখেতসকলে বা আমি এটা বিহুসুৰীয়া গীত গাবলৈ বা শুনাবলৈ সক্ষম হৈছো । তেনেক্ষেত্ৰত বাখৰ অকমান পৃথক । বাখৰৰ যিটো সুৰ বা সংগীত ব্যৱস্থাপনা সেয়া বহুখনি বিহুনামক চুইছে । মোৰ ক্ষেত্ৰতো বহু বছৰৰ মূৰত এনেদৰে গান গোৱাটো এক সুযোগ বুলিয়ে ক’ব লাগিব । আশা কৰো গীতটি ৰাইজে আকোৱালি ল’ব ।

গীত মুকলি অনুষ্ঠানত মুখ্য অথিতি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: নতুন অসমীয়া ছবি সুন্দৰপুৰ কেঅ'ছ (গোঁসাইঘৰত আউল)'ৰ পোষ্টাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.