ETV Bharat / entertainment

মাতৃৰ গৰ্ভৱতী হোৱাৰ খবৰৰ মাজতে সিদ্ধু মুছেৱালাৰ পিতৃয়ে পোষ্ট শ্বেয়াৰ কৰি ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 3:11 PM IST

Balkaur Singh On Wife Pregnancy: পত্নীৰ গৰ্ভধাৰণৰ খবৰৰ মাজতে প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে শ্বেয়াৰ কৰিলে এটা ৰহস্যময় পোষ্ট ৷ য’ত পৰোক্ষভাৱে তেওঁ অস্বীকাৰ কৰিলে পত্নীৰ গৰ্ভধাৰণৰ খবৰ । সবিশেষ জানক এই প্ৰতিবেদনত ৷

Sidhu Moosewala's Father Breaks Silence Amid Reports On Wife Pregnancy
সিদ্ধু মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে শ্বেয়াৰ কৰিলে পোষ্ট

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: শেহতীয়াকৈ খবৰ ওলাইছিল যে প্ৰয়াত পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ মাতৃয়ে গৰ্ভধাৰণ কৰিছে । কেৱল ইমানেই নহয়, আইভিএফ প্ৰযুক্তিৰ সহায়ত ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃ গৰ্ভৱতী হোৱাৰ লগতে যমজ সন্তান জন্ম দিব পাৰে বুলি খবৰ ওলাইছিল । কিন্তু এতিয়া প্ৰয়াত গায়কগৰাকীৰ পিতৃ বালকৌৰ সিঙে এই সকলোবোৰ উৰাবাতৰিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি ইংগিত দিছে যে তেওঁৰ পত্নী চৰণ কৌৰ গৰ্ভৱতী নহয় আৰু সকলো খবৰ ভিত্তিহীন ।

মুছেৱালাৰ পিতৃয়ে নাকচ কৰিলে পত্নীৰ গৰ্ভধাৰণৰ খবৰ !

মঙলবাৰে সিদ্ধু মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছিল যে তেওঁৰ পৰিয়ালৰ বিষয়ে কেইবাটাও উৰাবাতৰিয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে । তেওঁ সকলোকে এনে উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনায় আৰু সময় আহিলে পৰিয়ালটোৱে সঁচা খবৰটো শ্বেয়াৰ কৰিব বুলিও যুক্তি আগবঢ়ায় ।

তেওঁ নিজৰ পোষ্টত পাঞ্জাবী ভাষাত লিখিছে, ‘‘আমাৰ পৰিয়ালক লৈ চিন্তিত সিদ্ধুৰ অনুৰাগীসকলৰ প্ৰতি আমি কৃতজ্ঞ । কিন্তু আমাৰ অনুৰোধ যে পৰিয়ালটোক লৈ ইমানবোৰ উৰাবাতৰি চলি আছে, এইবোৰক বিশ্বাস নকৰিব । যি খবৰ আছে, আমাৰ পৰিয়ালে আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰিব ।’’

মুছেৱালাৰ মাতৃৰ গৰ্ভধাৰণৰ খবৰ আহিছিল ফেব্ৰুৱাৰী মাহত

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্ধৃতি দি খবৰ আহিছিল যে প্ৰয়াত পাঞ্জাবী গায়ক সিদ্ধুৰ পিতৃ-মাতৃয়ে দ্বিতীয় সন্তানক আদৰিবলৈ সাজু হৈছে । খবৰ অনুসৰি প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ মাতৃৰ বয়স ৫৮ বছৰ আৰু পিতৃৰ বয়স ৬০ বছৰ । ১১ মাৰ্চত পঞ্জাৱ কেছাৰীৰ উদ্ধৃতি দি এটা খবৰ আহিছিল যে মুছেৱালাৰ মাতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁ যমজ সন্তান জন্ম দিব পাৰে । অৱশ্যে এই খবৰ এতিয়া পৰোক্ষভাৱে নাকচ কৰিছে সিদ্ধুৰ পিতৃয়ে ৷

২০২২ চনত সিদ্ধুক হত্যা কৰা হৈছিল

২০২২ চনত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটত মানছাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা সিদ্ধু মুছেৱালাক সেই বছৰৰ ২৯ মে’ত কৰুণভাৱে হত্যা কৰা হৈছিল । ২০২২ চনৰ ২৯ মে’ত মানছা জিলাৰ জৱাহৰকে গাঁৱত দুৰ্বৃত্তই তেওঁৰ গাড়ীত গুলীচালনা কৰি হত্যা কৰে । যদিও লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয় ।

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হ’ল প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.