ETV Bharat / entertainment

পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন সিদ্ধু মুছেৱালাৰ পিতৃৰ

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 11:53 AM IST

Sidhu Moosewala Father Punjab Govt: প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ মাতৃয়ে আইভিএফৰ জৰিয়তে দ্বিতীয় সন্তান জন্ম দিছে । এতিয়া গায়কজনৰ পিতৃয়ে চৰকাৰৰ বিৰুদ্ধে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

Sidhu Moosewala's father alleges harassment by Punjab government over newborn baby
চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন সিদ্ধু মুছেৱালাৰ পিতৃৰ

চিটাৰা ডেস্ক, ২০ মাৰ্চ: প্ৰয়াত পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃ বলকৌৰ সিং আৰু চৰণ সিঙে শেহতীয়াকৈ পুনৰ পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰিছে । শেহতীয়াকৈ সিদ্ধুৰ পিতৃ বলকৌৰ সিঙে প্ৰকাশ কৰিছিল যে তেওঁৰ পত্নীয়ে ভাটিণ্ডাৰ এখন চিকিৎসালয়ত আইভিএফৰ জৰিয়তে এটি পুত্ৰ সন্তান জন্ম দিছে । অৱশ্যে এই খবৰ প্ৰকাশ কৰাৰ পিচতে যেন বিপদ বৃদ্ধি পাইছে পৰিয়ালটোৰ বাবে ৷ দৰাচলতে শেহতীয়াকৈ বলকৌৰ সিঙে অভিযোগ উত্থাপন কৰিছে তেওঁৰ সন্তানৰ জন্ম সন্দৰ্ভত পঞ্জাৱ চৰকাৰে তেওঁলোকৰ পৰিয়ালটোক হাৰাশাস্তি কৰি আছে ।

নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰি বলকৌৰ সিঙে পঞ্জাৱ চৰকাৰে তেওঁৰ সন্তানক লৈ প্ৰশ্ন কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে । ভিডিঅ’টোত বলকৌৰে কৈছে, ‘‘ৱাহেগুৰুৰ আশীৰ্বাদত আমি আমাৰ শুভদীপক ঘূৰাই পালোঁ । কিন্তু চৰকাৰে পুৱাৰে পৰা মোক হাৰাশাস্তি কৰি আছে, শিশুটিৰ নথি-পত্ৰ দিবলৈ কৈ । ’’

সিদ্ধু মুছেৱালাৰ পিতৃয়ে লগতে কয়, ‘‘এই শিশুটি বৈধ বুলি প্ৰমাণ কৰিবলৈ মোক জেৰা কৰি আছে । চৰকাৰক বিশেষকৈ মুখ্যমন্ত্ৰী ভগৱন্ত মানক অনুৰোধ কৰিব বিচাৰিছো যে প্ৰথমে মোৰ পত্নীৰ সকলো চিকিৎসাৰ অন্ত পৰিবলৈ দিয়ক । মই ইয়াতে থকা মানুহ, আপোনালোকে মোক য’লৈকে মাতিব মই তালৈকে যাম আৰু মোৰ সন্তানৰ সকলো নথি-পত্ৰ জমা দিম ।’’

২০২২ চনত হত্যা কৰা হৈছিল সিদ্ধু মুছেৱালাক

উল্লেখ্য যে, ২০২২ চনৰ ২৯ মে’ত মানছা জিলাৰ জৱাহৰ গাঁৱত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক বাহনত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল । হত্যাৰ দুবছৰৰ পাচত এতিয়া মৃত গায়কজনৰ মাতৃয়ে আইভিএফৰ জৰিয়তে দ্বিতীয়টো সন্তান জন্ম দিছে । বলকৌৰ সিঙে নিজৰ সন্তানৰ সৈতে এখন ফটো শ্বেয়াৰ কৰাৰ সময়তে এই তথ্য শ্বেয়াৰ কৰিছিল ।

পুত্ৰৰ আভাস দেখুৱাইছিল বলকৌৰ সিঙে

বলকৌৰ সিঙে পোষ্টটোত লিখিছিল, ‘‘শুভদীপক ভালপোৱা লাখ লাখ আত্মাৰ আশীৰ্বাদৰ অনন্ত ভগৱানে শুভৰ সৰু ভায়েকক আমাৰ জীৱনলৈ পঠাইছে । ভগৱানৰ আশীৰ্বাদত পৰিয়ালটো সুস্থ হৈ উঠিছে আৰু সকলো শুভাকাংক্ষীৰ অপৰিসীম মৰমৰ বাবে মই কৃতজ্ঞ ।’’

লগতে পঢ়ক: পুনৰবাৰ মাতৃ হ’ল সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.