ETV Bharat / entertainment

কোনে কাঢ়িলে শক্তি কাপুৰৰ কন্যাৰ টোপনি ? প্ৰেমপাশত আৱদ্ধ হোৱাৰ দিছে নেকি ইংগিত ? - Shraddha Kapoor Rumored Boyfriend

Shraddha Kapoor: বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ সৈতে চলচ্চিত্ৰ লেখক ৰাহুল মোদীৰ সম্পৰ্ক কি ? ‘ষ্ট্ৰী’ ৰ অভিনেত্ৰীগৰাকীয়ে উৰাবাতৰিৰ মাজতে ৰাহুলৰ সৈতে উঠা এখন চেলফি শ্বেয়াৰ কৰাক লৈ তীব্ৰ কৌতুহল সৃষ্টি হৈছে অনুৰাগীৰ মাজত ৷

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 12:00 PM IST

Shraddha Kapoor dropped a selfie with her rumored boyfriend Rahul Mody
‘মোৰ হৃদয়খন ৰাখি থওক’...কোনে কাঢ়িলে শক্তি কাপুৰৰ কন্যাৰ টোপনি...প্ৰেমৰ সম্পৰ্কত আহিল নেকি শ্ৰদ্ধা ? (INSTAGRAM)

চিটাৰা ডেস্ক, 19 জুন: ছ’চিয়েল মিডিয়াত প্ৰায়েই সক্ৰিয় হৈ থকা বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক লৈ অনুৰাগীৰ মাজত অন্ত নাই চৰ্চাৰ ৷ শ্ৰদ্ধাৰ মুক্তি লাভ কৰিবলগীয়া ছবি স্ত্ৰী 2 ক লৈ অনুৰাগীৰ মাজত দেখা গৈছে যথেষ্ঠ উচাহ ৷

Shraddha Kapoor dropped a selfie with her rumored boyfriend Rahul Mody
‘মোৰ হৃদয়খন ৰাখি থওক’...কোনে কাঢ়িলে শক্তি কাপুৰৰ কন্যাৰ টোপনি...প্ৰেমৰ সম্পৰ্কত আহিল নেকি শ্ৰদ্ধা ? (ETV Bharat)

অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ বিলাসী জীৱনশৈলীৰ বহু মুহূৰ্ত অনুৰাগীৰ আগত প্ৰকাশ কৰি থাকে ৷ শেহতীয়াকৈ চলচ্চিত্ৰ লেখক ৰাহুল মোদীৰ সৈতে শক্তি তনয়াই ডেট কৰি থকাতো অনুৰাগীয়ে লক্ষ্য কৰি আছে ৷ অৱশ্যে এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷

শ্ৰদ্ধাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ‘আৰ’ নামৰ এটি লকেট পৰিধান কৰাও দেখা গৈছিল ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এখন ছেলফি পোষ্ট কৰে, য’ৰ পৰা অনুমান কৰিব পাৰি যে ৰাহুল-শ্ৰদ্ধাই কোনো হিল ষ্টেচনত একেলগে অৱসৰৰ সময় উপভোগ কৰিছে ৷

লগতে পঢ়ক: গহনাৰ বিপণিত বিক্ৰেতা হিচাপে কৰ্মৰত শ্ৰদ্ধা কাপুৰ...চাওক ভিডিঅ’ - Shraddha Kapoor Sales Woman

ছেলফিখন শ্বেয়াৰ কৰাৰ সময়ত ৰাহুল মোদীক টেগ কৰি শ্ৰদ্ধাই কেপচনত হাঁহি আৰু ধেমেলীয়া ইম’জিৰ সৈতে লিখে যে, ‘‘মোৰ হৃদয়খন ৰাখি থৈ মোৰ টোপনি ঘূৰাই দিয়ক’’ ৷ পোষ্টটোৰ কেপচনৰ পৰা এনে লাগে যেন শ্ৰদ্ধাই আনুষ্ঠানিকভাৱে নিজৰ ৰুমাৰ্ড প্ৰেমিকৰ সৈতে থকা সম্পৰ্কৰ এটি ইংগিত প্ৰকাশ কৰিছে ।

শ্ৰদ্ধা কাপুৰৰ পৰৱৰ্তী ছবি

‘টিন পট্টি’ত এটা সৰু চৰিত্ৰৰে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল শ্ৰদ্ধাই । কিন্তু ২০১১ চনত তেওঁ অতি সোনকালেই ‘লাভ কা দি এণ্ড’ ত সুন্দৰ অভিনয় কৰি শ্ৰদ্ধা জনপ্ৰিয় হৈ পৰে । তেতিয়াৰ পৰাই ‘আশিকী ২’, ‘এক ভিলেইন’, ‘বাঘী’, ‘হাইদৰ’, ‘হাফ গাৰ্লফ্ৰেণ্ড’, ‘হাছিনা পাৰ্কাৰ’, ‘ষ্ট্ৰী’ আদি বহুকেইখন হিট ছবি আগবঢ়াইছে । বৰ্তমান তেওঁ ২০২৪ চনৰ ১৫ আগষ্টত ছবিগৃহত মুক্তি পাবলগীয়া তেওঁৰ পৰৱৰ্তী ছবি ষ্ট্ৰী ২ ৰ শ্বুটিঙক লৈ তেওঁ ব্যস্ত।

লগতে পঢ়ক: বক্স অফিচত হ’ব ধামাকা ! ’পুষ্পা 2’ৰ সৈতে মুখামুখি প্ৰতিযোগিতাত নামিব ‘স্ত্ৰী 2’ - Stree 2 vs Pushpa 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.