ETV Bharat / entertainment

বিগ বিৰ অভিনয়ত মুগ্ধ শ্ৰদ্ধা কাপুৰ; প্ৰশংসাত পঞ্চমুখ হৈ ক’লে এই কথা - Kalki 2898 AD

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 1:50 PM IST

Shraddha Kapoor on Amitabh Bachchan: বৰ্তমান হিন্দী চিনেমাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ নামে ধাৰাবাহিকভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আছে । কল্কি 2898 AD ছবিখনত তেওঁ অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰা ধৰণটোক সম্প্ৰতি সকলোৱে প্ৰশংসা কৰিছে । ইফালে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে বিগ বিৰ প্ৰশংসাত পঞ্চমুখ হৈ আবৃত্তি কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে এই পোষ্ট ।

Shraddha Kapoor calls Amitabh Bachchan cinematic universe after watching Kalki 2898 AD
বিগ বিৰ অভিনয়ত মুগ্ধ শ্ৰদ্ধা কাপুৰ; প্ৰশংসাত পঞ্চমুখ হৈ ক’লে এই কথা (INSTAGRAM)

চিটাৰা ডেস্ক, 29 জুন: বৰ্তমান সকলোৰে মুখে মুখে কেৱল এখন ছবিৰেই কথা আৰু সেয়া হৈছে কল্কি 2898 AD ৷ দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ উপৰিও হিন্দী চিনেমাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে এই চিনেমাখনত নিজৰ বলিষ্ঠ অভিনয়ৰ চাপ ৰাখিবলৈ সক্ষম হৈছে । অশ্বত্থামাৰ চৰিত্ৰত অভিনয়ৰ নতুন সংজ্ঞা নিৰ্ধাৰণ কৰিছে বিগ বিয়ে ।

কল্কি ছবিখন চাই সকলোৱে তেওঁৰ অভিনয়ত আপ্লুত হৈছে প্ৰশংসাৰে উপচাই তুলিছে সামাজিক মাধ্যম । ইফালে, ষ্ট্ৰী ২ ৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰেও অমিতাভ বচ্চনক প্ৰশংসা কৰি শেহতীয়া এটা ছ’চিয়েল মিডিয়া পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্ট সম্পৰ্কে বিতংভাৱে জানো আহক-

বিগ বিৰ অভিনয়ৰ অনুৰাগী হৈ পৰিল শ্ৰদ্ধা কাপুৰ

ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় শ্ৰদ্ধা কাপুৰৰ ধেমেলীয়া পোষ্টবোৰৰ বাবে প্ৰায়ে লাইমলাইটত থাকে । ইফালে, কল্কি 2898 AD ত অমিতাভ বচ্চনৰ অভিনয় চোৱাৰ পিচত অভিনেত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্টটোত শ্ৰদ্ধাই লিখিছে-

‘কি উত্তৰ, কি দক্ষিণ, কি পূব আৰু কি পশ্চিম, গোটেই চিনেমাখন এফালে আৰু অমিতাভ বচ্চন আনফালে । আপুনি নিজৰ মাজতে এক চিনেমেটিক ইউনিভাৰ্চ হয় ৷’

এইদৰে শ্ৰদ্ধা কাপুৰে অমিতাভ বচ্চনৰ প্ৰশংসাত কৰা পৰিলক্ষিত হয় । এয়া স্বাভাৱিক কাৰণ বিগ বিয়ে কল্কিত নিজৰ অভিনয়ৰ দক্ষতা যিদৰে প্ৰমাণ কৰিছে, তাৰ আন কোনো প্ৰতিযোগিতা হ’ব নোৱাৰে । শ্ৰদ্ধাৰ উপৰিও পৰিচালক অনিল শৰ্মা আৰু কেজিএফৰ তাৰকা যশেও অমিতাভৰ অভিনয়ৰ বাবে প্ৰশংসাৰে উপচাই তুলিছে ।

শ্ৰদ্ধা কাপুৰৰ ৱৰ্কফ্ৰণ্ট

অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে টু ঝুঠি ম্যে মক্কাৰৰ দৰে সফল ছবি দৰ্শকক উপহাৰ হিচাপে দি বহুসময় ধৰি অভিনয় জগতৰ পৰা আঁতৰি আহিছিল শ্ৰদ্ধা কাপুৰ । কিন্তু ১৫ আগষ্টত ডাঙৰ পৰ্দাত মুক্তি পাবলগীয়া হৰৰ কমেডী ছবি ষ্ট্ৰী ২ৰ জৰিয়তে শ্ৰদ্ধা পুনৰ ছবিজগতলৈ ঘূৰি আহিবলৈ সাজু হৈছে ।

কল্কি 2898 AD ৰ উপাৰ্জন

৬০০ কোটি টকাৰে নিৰ্মিত কল্কি 2898 AD মুক্তিৰ দিনটোতে বিশ্বজুৰি ১৯১.৫ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে ভাৰতৰ সকলো ভাষাতে ৯৫ কোটি আৰু হিন্দীত ২২ কোটি টকা সংগ্ৰহ কৰিছে ছবিখনে । কল্কি 2898 AD ছবিখনৰ দ্বিতীয় দিনৰ উপাৰ্জন জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

লগতে পঢ়ক: আনুমানিক 500 কোটি টকাৰ উইকেণ্ডৰ সীমা চুবগৈনে কল্কি 2898 এডিয়ে ? - Kalki 2898 AD day 2 collection

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.