ETV Bharat / entertainment

দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান শেখৰ সুমনৰ - Shekhar Suman joins BJP - SHEKHAR SUMAN JOINS BJP

Shekhar Suman joins BJP: হীৰামণ্ডীৰ অভিনেতা শেখৰ সুমনে আকৌ এবাৰ ৰাজনীতিত খোজ দিছে । আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা সময়তে তেওঁ আনুষ্ঠানিকভাবে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত ।

Shekhar Suman joins BJP at the party headquarters in Delhi
বিজেপিত যোগদান শেখৰ সুমনৰ (etv bharat hindi)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 3:26 PM IST

চিটাৰা ডেস্ক, 7 মে’ : ‘হীৰামণ্ডী’ অভিনেতা শেখৰ সুমনে আকৌ এবাৰ ৰাজনীতিত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ ওলাইছে । মঙলবাৰে তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । নতুন দিল্লীৰ দলৰ কাৰ্যালয়ত জ্যেষ্ঠ নেতাৰ উপস্থিতিত তেওঁ সদস্যপদ গ্ৰহণ কৰে ।

অভিনেতা শেখৰ সুমনে বিজেপিত যোগদান কৰাৰ পাছত সংবাদমেল অনুষ্ঠিত কৰে । সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয়, ‘কালিলৈকে মই নাজানিছিলো যে আজি মই ইয়াত বহি থাকিম কাৰণ জীৱনৰ বহু কথা জানি-বুজি বা অজানিতে ঘটে । কেতিয়াবা আপুনি আপোনাৰ ভাগ্যৰ বিষয়ে অজ্ঞাত হৈ থাকে আৰু তেনেকুৱাতে ওপৰৰ পৰা আদেশ আহে আৰু আপুনি সেই আদেশ অনুসৰণ কৰে । মই ইয়ালৈ এটা অতি ইতিবাচক মানসিকতাৰ সৈতে আহিছোঁ । প্ৰথমতে, মোক ইয়ালৈ আহিবলৈ অনুমতি দিয়াৰ বাবে মই ঈশ্বৰক ধন্যবাদ জনাইছো ।"

শেখৰে লগতে কয়, 'মই প্ৰধানমন্ত্ৰী মোদী, জে পি নাড্ডা আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলক ধন্যবাদ জনাম । 'হোইহি সোই যো ৰাম ৰচি ৰাখা', ৰামে যি ভাবিছে আপুনি কৰিব লাগিব । যেতিয়া আপুনি ভাল মন, ভাল চিন্তা লৈ আহে, তেতিয়াই ভাল হয় । গতিকে মোৰ মনত কোনো নেতিবাচক চিন্তা নাই । কেৱল দেশৰ বিষয়েহে চিন্তা আছে ।"

অভিনেতাজনে লগতে কয়, ‘মই বুজি পাওঁ যে মানুহ কি হয় সেয়া শব্দৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই শব্দৰ কোনো অৰ্থ নাথাকে কিছু সময়ৰ পাচত । কাৰণ কৰা আৰু কোৱাৰ মাজত পাৰ্থক্য আছে । মই ইচ্ছা কৰিলে গোটেই দিনটো বহি দীঘলীয়া ভাষণ দিব পাৰো আৰু বহুততকৈ বহুত ভালকৈ ভাষণ দিব পাৰো আৰু বহু সময় দিব পাৰো, যাৰ একো অৰ্থ নাই । মই যেতিয়া কিবা এটা কৰি দেখুৱাম তেতিয়াহে ইয়াৰ গুৰুত্ব থাকিব ।’

উল্লেখ্য যে, এইয়া প্ৰথমবাৰৰ বাবে নহয় যে শেখৰ সুমনে ৰাজনীতিত যোগদান কৰিছে । ইয়াৰ আগতে, তেওঁ ২০০৯ চনত ৰাজনীতিতো ভাগ্য পৰীক্ষা কৰিছিল । ২০০৯ চনৰ মে’ মাহত তেওঁ পাটনা চাহিবৰ পৰা কংগ্ৰেছৰ টিকটত লোকসভা নিৰ্বাচনত শত্ৰুঘ্ন সিন্হাৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিছিল । অৱশ্যে, তেওঁ এই নিৰ্বাচনত পৰাজিত হৈছিল আৰু তৃতীয় স্থান লাভ কৰিছিল ।

লগতে পঢ়ক : অনুপমা খ্যাত জনপ্ৰিয় তাৰকা ৰূপালী গাংগুলীৰ বিজেপিত যোগদান - Rupali Ganguly Joins BJP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.