ETV Bharat / entertainment

সোণাক্ষী-জাহীৰৰ বিয়াৰ আঁৰত ‘লৱ্ জেহাদ’ ! - Sonakshi Zaheer Wedding Love Zihad

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 8:13 PM IST

Sonakshi-Zaheer wedding love zihad: শত্ৰুঘ্ন সিন্হাৰ গৃহচহৰ পাটনাত সোণাক্ষী সিন্হা আৰু জাহীৰ ইকবালৰ বিবাহৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই এচামে ৷ লৱ্ জেহাদ আখ্যা দিয়ে এই বিবাহক তেওঁলোকে । উভতি ধৰিছে শত্ৰুঘ্ন সিন্হাই ৷

Shatrughan Sinha slams those who are calling Love Zihad to Sonakshi Sinha Zaheer Iqbal's Wedding
শত্ৰুঘ্ন সিন্হাই উভতি ধৰিলে সমালোচনাকাৰীক (ETV Bharat)

চিটাৰা ডেস্ক, 25 জুন : শত্ৰুঘ্ন সিন্হাই তেওঁৰ জীয়েক সোণাক্ষী সিন্হা আৰু জাহীৰ ইকবালৰ বিবাহৰ বিৰোধিতা কৰাসকলক লক্ষ্য কৰি লৈছে । ২৩ জুন, দেওবাৰে মুম্বাইত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হয় দুয়ো । তেওঁলোকৰ বিবাহৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচত শত্ৰুঘ্ন সিন্হাৰ গৃহভূমি পাটনাত এক প্ৰতিবাদী সমদল উলিয়াই এটা সংগঠনে । হিন্দু শিৱভৱানী সেনাৰ দ্বাৰা আয়োজিত, প্ৰান্তীয় সংগঠনটোৱে আন্তঃধৰ্মীয় বিবাহক 'লৱ্ জেহাদ' বুলি অভিহিত কৰে আৰু সোণাক্ষীক কেতিয়াও ৰাজ্যৰ ৰাজধানী ভ্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে ।

শত্ৰুঘ্ন সিন্হাই দিলে উপযুক্ত উত্তৰ

প্ৰতিবাদকাৰীসকলৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সোণাক্ষীৰ পিতৃ তথা অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা শত্ৰুঘ্ন সিন্হাই কয় যে তেওঁৰ ছোৱালীয়ে একো ভুল কৰা নাই বা তেওঁ অবৈধভাৱে একো কাম কৰা নাই । আনন্দ বক্সীয়ে এনে পেছাদাৰী প্ৰতিবাদকাৰীৰ বিষয়ে লিখিছে, 'মানুহে কথা ক’বই, কিয়নো কথা কোৱাটোৱে হৈছে মানুহৰ কাম ।’ ইয়াৰ সৈতে মই যোগ দিব বিচাৰো, 'কথা কোৱাসকলেই যদি অপ্ৰয়োজনীয় বা তেওঁলোকে অপ্ৰয়োজনীয় কাম কৰে তেন্তে কথা কোৱাটোৱে এটা কাম হৈ পৰে ।'

জীয়েক আৰু জোঁৱায়েকলৈ আশীৰ্বাদ শত্ৰুঘ্ন সিন্হাৰ

বিবাহ দুজন মানুহৰ মাজৰ এক অতি ব্যক্তিগত সিদ্ধান্ত । ইয়াত কোনো তৃতীয় ব্যক্তিৰ হস্তক্ষেপ বা মন্তব্য কৰাৰ অধিকাৰ নাই । শত্ৰুঘ্ন সিন্হাই প্ৰতিবাদকাৰীসকলক উদ্দেশ্য়ি কয়, ‘যাওক জীৱনত কিবা এটা ভাল কাম কৰক, মোৰ আৰু ক'বলগীয়া একো নাই ।’

ইয়াৰ পূৰ্বে শত্ৰুঘ্ন সিন্হাই সোণাক্ষী আৰু জাহীৰৰ বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । তেওঁ কৈছিল যে প্ৰতিজন পিতৃয়ে এই মুহূৰ্তলৈ অপেক্ষা কৰে ৷ তেওঁৰ কন্যাক জাহীৰৰ লগতে আটাইতকৈ সুখী যেন দেখে তেওঁ । দুয়ো সদায়ে সুখত থকাৰ কামনা কৰে তেওঁ ।

সোণাক্ষী সিন্হা 23 জুনত জাহীৰ ইকবালৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৷ বিয়াৰ পিচত সোণাক্ষী আৰু জাহীৰে চলচ্চিত্ৰ জগতৰ বন্ধু-বান্ধৱীৰ বাবে এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে ।

লগতে পঢ়ক : শক্তিশালী পিতৃও যিটো ক্ষণত আৱেগিক হৈ পৰে কন্যাৰ আগত - Sonakshi Sinha Kanyadaan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.