ETV Bharat / entertainment

IMDb ৰ জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাৰ শীৰ্ষত কোন ? - IMDb Popular Indian Celebrities

IMDb weekly Top 10 Popular Indian Celebrities: IMDb ৰ জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিছে নতুনকৈ খলকনি লগোৱা এইগৰাকী অভিনেত্ৰীয়ে ৷ একেৰাহে তৃতীয় সপ্তাহৰ বাবে আই এম ডি বিৰ জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাত শীৰ্ষস্থানত আছে তেওঁ ৷  মিৰ্জাপুৰ 3 ৰ তাৰকাও আছে অগ্ৰণী স্থানত ৷

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 4:20 PM IST

Sharvari Wagh Tops IMDb's Popular Indian Celebrities List For Third Week In A Row, Mirzapur 3 Stars In Leading Positions
শৰ্বাৰী ৱাগ (ANI Photo)

চিটাৰা ডেস্ক, 17 জুলাই : আই এম ডি বিৰ সাপ্তাহিক শীৰ্ষ 10 জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাত একেৰাহে তৃতীয় সপ্তাহৰ বাবে শৰ্বাৰী ৱাগ শীৰ্ষ স্থানত আছে । দ্বিতীয় স্থানত আছে ইশা তালৱাৰ ৷ মিৰ্জাপুৰ 3ৰ কেইবাগৰাকীও সহ-অভিনেতাইয়ো এই তালিকাত স্থান লাভ কৰিছে । অন্যান্য উল্লেখযোগ্য চেলেব্ৰিটীৰ লগতে লক্ষ্যয়ো আই এম ডি বিৰ শীৰ্ষ 10 জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাত স্থান লাভ কৰিছে ।

প্ৰখ্যাত আৰু বিশ্বাসী অনলাইন প্লেটফৰ্ম আই এম ডি বিয়ে এই সপ্তাহৰ শীৰ্ষ 10 গৰাকী জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকা উন্মোচন কৰিছে । এই একচেটিয়া তালিকাখন আই এম ডি বি অনুসৰণ কৰা বিশ্বৰ 200 নিযুতৰো অধিক মাহিলী ব্যৱহাৰকাৰীৰ প্ৰকৃত পেজ ভিউৰ ওপৰত আধাৰিত কৰি সংকলিত কৰা হৈছে । অভিনেত্ৰী শৰ্বাৰী ৱাগে একেৰাহে তৃতীয় সপ্তাহৰ বাবে আই এম ডি বিৰ জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ৷

শেহতীয়াভাৱে শৰ্বাৰী ৱাগৰ হৰৰ-কমেডী ছবি মুঞ্জ্যা আৰু মহাৰাজত তেওঁ কৰা বিশেষ অভিনয়ৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি এই সপ্তাহত আটাইতকৈ জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটী হিচাপে তেওঁ নিজৰ স্থান দৃঢ় কৰি তুলিছে ।

জনপ্ৰিয় ৱেব ছিৰিজ মিৰ্জাপুৰত মাধুৰী যাদৱৰ চৰিত্ৰত অভিনয় কৰি ব্যাপক স্বীকৃতি লাভ কৰা ঈশা তালৱাৰে তালিকাৰ দ্বিতীয় স্থান দখল কৰে । হৰ্ষিতা গৌৰ, শ্বেতা ত্ৰিপাঠী আৰু আলী ফজলকে ধৰি মিৰ্জাপুৰ 3 ৰ অভিনেতা-অভিনেত্ৰীসকলেও ক্ৰমে 3য়, দশম আৰু 11 নম্বৰ স্থান লাভ কৰে । মিৰ্জাপুৰৰ তৃতীয় ছিজনে অভিলেখ ভংগ কৰি ভাৰতৰ সৰ্বাধিক দৰ্শিত অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু 5 জুলাইত এমাজন প্ৰাইম ভিডিঅ’ত ইয়াৰ প্ৰিমিয়াৰ হৈছিল ।

একশ্যন ভৰপূৰ থ্ৰিলাৰ ছবি কিলেৰে অভিষেক ঘটোৱা লক্ষ্যই এই তালিকাত 6ষ্ঠ স্থান দখল কৰিছে । শ্বেৰনাভাজ জিজিনা, অনংশ্বা বিশ্বাস, পৰিচালক এছ শংকৰ, আলয়া এফকে ধৰি আন উল্লেখযোগ্য চেলেব্ৰিটীসকলে ক্ৰমে 13, 15, 22 আৰু 27 নম্বৰ স্থান লাভ কৰিছে ।

লগতে পঢ়ক : কোন আছে IMDB ৰ সৰ্বাধিক দৰ্শন কৰা ভাৰতীয় তাৰকাৰ তালিকাৰ শীৰ্ষত ? - IMDB MOST VIEWED STAR OF DECADE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.