ETV Bharat / entertainment

আৰ মাধৱনৰ ক’লা যাদুৰ পৰা কন্যাক ৰক্ষা কৰিব পাৰিবনে অজয়ে ?

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 7:06 PM IST

Shaitaan Trailer Out: অজয় দেৱগন আৰু আৰ মাধৱন অভিনীত ছবি ‘চয়তান’ৰ ট্ৰেইলাৰ মুকলি । ট্ৰেইলাৰত চয়তানৰ ৰূপত দেখা গৈছে আৰ মাধৱনক ৷

Shaitaan Trailer Out: Ajay Devgn Is a Helpless Dad as R Madhavan Hypnotises His Daughter - Watch
চয়তানৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী: বলীউডত পুনৰ উভতি আহিছে ভূতৰ ছবিৰ যুগ । দৰ্শকক ভয় খুৱাবলৈ সাজু হৈছে অজয় ​​দেৱগন আৰু আৰ মাধৱন ৷ দৰাচলতে আজি অজয় ​​দেৱগন আৰু আৰ মাধৱন অভিনীত ছবি ‘চয়তান’ৰ গাৰ নোম শিয়ৰি উঠা ট্ৰেইলাৰ মুকলি পাইছে । ইয়াৰ ট্ৰেইলাৰ মুকলি কৰাৰ লগতে অজয় ​​দেৱগনে নিজৰ ইনষ্টাগ্ৰামত ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰিছে । ছবিখনৰ ট্ৰেইলাৰ যথেষ্ট ভয়ানক । ছবিখনত অজয় ​​দেৱগনক নায়ক আৰু চয়তানৰ চৰিত্ৰত দেখা গৈছে আৰ মাধৱনক । ট্ৰেইলাৰৰ পৰা ক’ব পাৰি যে দুয়োৰে মাজত কঠোৰ প্ৰতিযোগিতা দেখা পোৱা যাব ।

মুক্তি পালে ‘চয়তান’ৰ টিজাৰ

বহু সময়ত আমি দেখিছো বা শুনিছো যে ক’লা যাদু কৰিবলৈ মানুহৰ আকৃতিৰ পুতলা ব্যৱহাৰ কৰা হয় । ঠিক তেনেদৰেই এই ছবিখনতো ব্লেক মেজিক আৰু পুতলাৰ সৈতে মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰা দেখা যাব । এই ক’লা যাদুৰ আভাস অজয় ​​দেৱগন, আৰ মাধৱন আৰু জ্যোতিকা অভিনীত ‘চয়তান’ৰ ট্ৰেইলাৰত দেখা গৈছে ।

ট্ৰেইলাৰৰ পৰা স্পষ্ট হৈ পৰিছে যে অজয় ​​দেৱগন, জ্যোতিকা আৰু তেওঁলোকৰ কন্যাই এই ক’লা যাদু আৰু চয়তানৰ মুখামুখি হ’ব । ক’লা যাদু কৰা এই চয়তানটো আন কোনো নহয় আৰ মাধৱন, যিয়ে ক’লা যাদু কৰি অজয় ​​দেৱগনৰ ঘৰত প্ৰৱেশ কৰি অজয়ৰ কন্যাক নিজৰ নিয়ন্ত্ৰণত লয় । ইয়াৰ পিচত আৰ মাধৱনৰ নিৰ্দেশনাত পুতলাৰ সকলো কাম কৰে অজয়ৰ কন্যাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ ট্ৰেইলাৰটো নিশ্চয়কৈ আপোনাকো ভয় খুৱাব

এই ছবিখনত অজয় ​​দেৱগনে চয়তানক হৰুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰা দেখা যাব ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰথমবাৰৰ বাবে এই ছবিখনৰ জৰিয়তে আৰ মাধৱনক খলনায়কৰ চৰিত্ৰত দেখা যাব । ৰোমাঞ্চকৰ ট্ৰেইলাৰটোৰ প্ৰতিটো মুহূৰ্ততে চাচপেন্সেৰে ভৰা ।

'চয়তান' জিঅ' ষ্টুডিঅ’, অজয় দেৱগন ফিল্মছ আৰু পেনোৰামা ষ্টুডিঅ' ইণ্টাৰনেশ্যনেলৰ দ্বাৰা উপস্থাপন কৰা হৈছে আৰু দেৱগন, জ্যোতি দেশপাণ্ডে, কুমাৰ মংগত পাঠক আৰু অভিষেক পাঠকে প্ৰযোজনা কৰিছে । ছবিখন ৮ মাৰ্চত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: গাৰ নোম শিয়ৰি উঠা চয়তানৰ টিজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.