ETV Bharat / entertainment

চয়তানে ভংগ কৰিছে খোদ অজয় দেৱগনৰ পূৰ্বৰ বহু ছবিৰ অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 5:32 PM IST

Shaitaan Box Office Collection Day 7: ঘৰুৱা বক্স অফিচ সংগ্ৰহৰ পৰাই ‘চয়তান’এ অজয় ​​দেৱগনৰ পূৰ্বৰ বহু ছবিৰ বিশ্বব্যাপী সংগ্ৰহৰ অভিলেখ ভংগ কৰিবলৈ আৰম্ভ কৰিছে ।

Shaitaan box office collection day 7, Shaitaan broken records of many previous films of Ajay Devgn
চয়তান বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: ৮ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছে অজয় ​​দেৱগন, আৰ মাধৱন আৰু জ্যোতিকাৰ ছবি ‘চয়তান’ । ছবিখন মুক্তিৰ মাত্ৰ ৭ দিন হৈছে, কিন্তু ছবিখনৰ সংকলনলৈ চাই এনে লাগে যেন এই ছবিখন অতি সোনকালেই অজয় ​​দেৱগনৰ আন এখন এশ কোটি টকাৰ ছবি হ’বলৈ গৈ আছে । ইতিমধ্যেই অজয় দেৱগনৰ ছবি ‘দৃশ্যাম’ৰ অভিলেখ ভংগ কৰিলে চয়তানে । ইফালে দ্বিতীয় উইকেণ্ড ওচৰ চাপি আহিছে আৰু ছবিখনে যিদৰে উপাৰ্জন কৰিছে সেয়া দেখি এনে লাগে যে ছবিখনে অতি সোনকালে আন এখন অজয় ​​দেৱগনৰ ছবিৰ বিশ্বব্যাপী অভিলেখ ভংগ কৰিব ।

ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি প্ৰথম দিনাই ‘চয়তান’এ ১৪.৭৫ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় দিনা ১৮.৭৫ কোটি, তৃতীয় দিনা ২০.৫ কোটি, চতুৰ্থ দিনত ৭.২৫ কোটি, পঞ্চম দিনা ৬.৫ কোটি আৰু ষষ্ঠ দিনত ৬.২৫ কোটি টকা উপাৰ্জন কৰে । ৭ ম দিনৰ বক্স অফিচ সংগ্ৰহৰ সৈতে জড়িত প্ৰাৰম্ভিক পৰিসংখ্যাও পোহৰলৈ আহিছে, সেই অনুসৰি ছবিখনে এতিয়ালৈকে ২.২৩ কোটি টকাৰ ব্যৱসায় কৰিছে । এতিয়ালৈকে ছবিখনে মুঠ ৭৬.২৩ কোটি টকা উপাৰ্জন কৰিছে ।

উল্লেখ্য যে, ২০১৫ চনত মুক্তি পোৱা অজয় ​​দেৱগনৰ ছবি ‘দৃশ্যাম’ৰ বিশ্বব্যাপি সংগ্ৰহ আছিল প্ৰায় ৬৭ কোটি টকা । যিটো ৭৪ কোটিতকৈ অধিক উপাৰ্জন কৰি ৬ দিনতে এই অভিলেখ ভংগ কৰিলে ‘চয়তানে’এ । ছবিখনে প্ৰতিদিনে যিদৰে ছয় কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰি আছে সেয়া দেখি এনে লাগে যে অতি সোনকালে ছবিখনে ২০১০ চনত মুক্তি পোৱা ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ৰ বিশ্বব্যাপী বক্স অফিচ সংগ্ৰহৰো অভিলেখ ভংগ কৰিব ।

বলীউড হাংগামাৰ তথ্য অনুসৰি ১৪ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখনে সমগ্ৰ বিশ্বতে ৮২.১৩ কোটি টকা উপাৰ্জন কৰিছিল । উল্লেখ্য যে, বিশ্বজুৰি সংগ্ৰহৰ ক্ষেত্ৰত ‘চয়তান’এ ইতিমধ্যে ১০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছে ।

অজয় দেৱগনৰ ৱৰ্ক ফ্ৰন্ট

এই ছবিখনৰ পিচত এপ্ৰিল মাহত পুনৰবাৰ ছবিগৃহত মুক্তি পাব অজয় ​​দেৱগনৰ ছবি ‘মৈদান’ । ইয়াৰ পিচত তেওঁৰ Raid 2 আৰু Singham Again মুক্তি পাব । অজয়ৰ আন এখন ছবি ‘দে দে প্যাৰ দে’ও এই ছবিসমূহৰ পিচত ২০২৫ চনৰ ১ মে’ত মুক্তি পাব ।

লগতে পঢ়ক: শ্বাহৰুখ খানৰ আইকনিক পোজ অনুসৰণ কৰিলে হলিউডৰ ছুপাৰষ্টাৰ এড শ্বীৰাণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.