ETV Bharat / entertainment

মাত্ৰ তিনিদিনতে ব্যয় কৰা ধন আদায় কৰিলে অজয় দেৱগনৰ চয়তানে

Shaitaan Box Office Collection: ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে ‘চয়তান’ ছবিখনে ৷ মাত্ৰ তিনিদিনতে ব্যয় কৰা ধন আদায় কৰিলে অজয় ​​দেৱগন আৰু আৰ মাধৱনৰ অভিনীত ছবিখনে ৷

Shaitaan Box Office Collection Day 3: Ajay-Madhavan Starrer Crosses Rs 50 Cr Mark in Opening Weekend
চয়তান বক্স অফিচ সংগ্ৰহ
author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:24 PM IST

চিটাৰা ডেস্ক, ১১ মাৰ্চ: অজয় ​​দেৱগন আৰু আৰ মাধৱনৰ থ্ৰিলাৰ-একশ্যন ছবি ‘চয়তান’এ দৰ্শকক যথেষ্ট মনোৰঞ্জন দিছে । যোৱা ৮ মাৰ্চত ছবিগৃহত মুক্তি পোৱা ছবিখনে আৰম্ভণিৰে পৰাই ভাল উপাৰ্জন কৰি আহিছে । ঘৰুৱা বক্স অফিচৰ লগতে গোটেই বিশ্বজুৰি ছবিখনে ভাল ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰথম দিনাই বিশ্বজুৰি ছবিখনে উপাৰ্জন কৰে ২২.৫ কোটি টকা । দ্বিতীয় দিনা ছবিখনে ২৫.৪ কোটি টকাৰ ব্যৱসায় কৰে । দেওবাৰে ছবিখনৰ উপাৰ্জন আৰু অধিক বৃদ্ধি পায় আৰু ছবিখনে ২৭.১ কোটি টকা উপাৰ্জন কৰে ৷ মুক্তিৰ মাত্ৰ তিনিদিনতে ছবিখনে বিশ্বজুৰি মুঠ ৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ‘চয়তান’ৰ বাজেট ৬০-৬৫ কোটি টকা ৷ যদি এনে হয়, তেন্তে মাত্ৰ তিনি দিনতে ছবিখনে ব্যয় কৰা ধন আদায় কৰিবলৈ সক্ষম হৈছে । ঘৰুৱা বক্স অফিচতো ভাল ব্যৱসায় কৰি আছে ‘চয়তানে’।

উল্লেখ্য যে, গুজৰাটী ছবি বশৰ পুনৰ্নিৰ্মাণ ‘চয়তান’ । বিকাশ বাহলৰ পৰিচালনাত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে অজয় ​​দেৱগনে । ছবিখনত অজয় ​​দেৱগন আৰু আৰ মাধৱনৰ উপৰিও জ্যোতিকা আৰু জানকী বডিৱালাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

অজয় দেৱগনৰ ৱৰ্ক ফ্ৰন্ট

এই বছৰটোত অজয় ​​দেৱগনৰ বহুকেইখন ছবি ছবিগৃহত মুকলি হ’ব । ‘চয়তান’ৰ পিচত অভিনেতাগৰাকীৰ ছবি ‘মৈদান’ অহা ২৩ জুনত মুক্তি পাব । ইয়াৰ পিচত অজয়ক দেখা যাব ‘ৰেইড ২’ত । চলিত বৰ্ষৰ ২৪ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ‘ৰেইড ২’ । ইয়াৰ উপৰিও তেওঁক ৰোহিত শ্বেট্টীৰ ‘সিংঘম এগেইন’ ছবিখনতো দেখা যাব । অজয় দেৱগনৰ লগতে ৰণবীৰ সিং, দীপিকা পাডুকন আৰু অৰ্জুন কাপুৰকো দেখা যাব ‘সিংঘম এগেইন’ত ।

লগতে পঢ়ক: পুনৰ অস্কাৰৰ মঞ্চ কঁপালে আৰ আৰ আৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.