ETV Bharat / entertainment

লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱ 2024 ত সন্মানিত হ'ব শ্বাহৰুখ - SRK Locarno Film Festival 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 4:33 PM IST

SRK Locarno Film Festival 2024: শ্বাহৰুখ খানে আকৌ এবাৰ বিশ্বত ভাৰতৰ নাম আলোকিত কৰিছে । শ্বাহৰুখ খানক ১০ আগষ্টত প্ৰদান কৰা হ'ব এটা আন্তঃৰাষ্ট্ৰীয় বঁটা ।

Shah Rukh Khan makes India Proud Again Actor To Be Honored At Locarno Film Festival 2024
শ্বাহৰুখ খান (ETV Bharat)

চিটাৰা ডেস্ক, 2 জুলাই : হিন্দী চলচ্চিত্ৰৰ 'বাদশ্বাহ' শ্বাহৰুখ খান তেওঁৰ কামৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত । শ্বাহৰুখ খানৰ অনুৰাগী পৃথিৱীৰ প্ৰতিটো কোণত বিয়পি আছে । শ্বাহৰুখ খানৰ অনুৰাগীসকলে তেওঁৰ চলচ্চিত্ৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে । 2023 চনত, শ্বাহৰুখ খানে একেৰাহে তিনিখন চুপাৰহিট ছবি পাঠান, জৱান আৰু ডাংকি অনুৰাগীলৈ আগবঢ়াইছিল ৷ শ্বাহৰুখ ভাৰতীয় চলচ্চিত্ৰৰ একমাত্ৰ তাৰকা যিয়ে এবছৰত তিনিখনকৈ হিট দি বক্স অফিচত আঢ়ৈ হাজাৰতকৈও অধিক উপাৰ্জন কৰিছে । শ্বাহৰুখৰ ভাৰতীয় চলচ্চিত্ৰলৈ এক মহান অৱদান আছে ।

শ্বাহৰুখ খানে তেওঁৰ অৱদানৰ বাবে দেশী-বিদেশী বিভিন্ন বঁটা অৰ্জন কৰিছে । এতিয়া ভাৰতীয় ছুপাৰষ্টাৰগৰাকীক আন এক সন্মানীয় বিদেশী বঁটাৰে সন্মানিত কৰা হ’ব । আগন্তুক ৭ আগষ্টত ছুইজাৰলেণ্ডৰ লোকাৰ্ণোত আয়োজন কৰা হৈছে ‘লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱ ২০২৪’। ১৭ আগষ্টত সমাপ্ত হ’ব লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱ ২০২৪ । শ্বাহৰুখ খানক এই চলচ্চিত্ৰ মহোৎসৱত সন্মান জনোৱাৰ বিষয়ে লোকাৰ্ণো এছ’চিয়েশ্যনে নিজৰ এক্স হেণ্ডেলত উল্লেখ কৰিছে ।

লগতে পঢ়ক : ৰিচা-আলীৰ ছবি ‘‘গাৰ্লছ উইল বি গাৰ্লছ’’ৰ IFFLA ত বৃহৎ জয় - Richa Ali movie Girls Will Be Girls

এই বঁটা লাভ কৰিব শ্বাহৰুখ খানে

আগন্তুক ১০ আগষ্টত ২০২৪ চনৰ লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত শ্বাহৰুখ খানক কেৰিয়াৰ এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হ’ব । ইয়াৰ লগতে শ্বাহৰুখে পিয়াজা গ্ৰেণ্ডে বঁটাও লাভ কৰিব । একে সময়তে অহা ১১ আগষ্টত শ্বাহৰুখ খানে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । শ্বাহৰুখ খানৰ ছবি দেৱদাস (২০০২) ও লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব ।

লোকাৰ্ণোৰ কলাত্মক পৰিচালকে কি ক’লে?

লোকাৰ্ণোৰ কলাত্মক পৰিচালক জিঅ’না এ নাজাৰোৱে কয়, ‘লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱলৈ শ্বাহৰুখ খানক নিমন্ত্ৰণ কৰাৰ সপোন বাস্তৱায়িত হৈছে, ভাৰতীয় চিনেমালৈ তেওঁৰ অৱদান প্ৰশংসনীয় ৷ শ্বাহৰুখ খান জনসাধাৰণৰ সৈতে জড়িত এজন নায়ক, যিয়ে নিজৰ অনুৰাগীক কেতিয়াও নিৰাশ নকৰে , তেওঁ ৰাইজৰ প্ৰকৃত নায়ক, ডাউন টু আৰ্থ, শ্বাহৰুখ আমাৰ সময়ৰ কিংবদন্তি ।’

লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱৰ অতীতৰ বিজয়ী

ইয়াৰ পূৰ্বে ফ্ৰান্সেস্কো ৰ’জি, ব্ৰুনো গাঞ্জ, ক্লডিয়া, জনী টু, হেৰী বেলাফণ্ট, পিটাৰ ক্ৰিষ্টিয়ান ফাটাৰ, চাৰ্জিঅ’ কেষ্টেলিট্টো, ভিক্টৰ এৰিক, জেন বাৰ্কিন, ডান্টে স্পিনোটি, কোষ্টা গাভ্ৰাছ আৰু ছাই মিং লিয়াঙক লোকাৰ্ণো বঁটাৰে সন্মানিত কৰা হৈছে । চিনেমালৈ বিশ্বৰ যিকোনো অভিনেতাৰ অভূতপূৰ্ব অৱদানৰ বাবে লোকাৰ্ণো বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক : প্ৰতিযোগিতামূলক বন্ধুত্বহে আছে নেকি ৰজনীকান্ত-কমল হাছানৰ ! - Kamal Haasan Rajinikanth friendship

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.