ETV Bharat / entertainment

ছলমানৰ বাসগৃহত গুলীচালনাৰ ঘটনাৰ গোচৰ CBI লৈ হস্তান্তৰ, এটা অভিযুক্তক চিনাক্ত - Firing Outside Salman Khan House

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 9:54 AM IST

Firing Outside Salman Khan House : মুম্বাই আৰক্ষীয়ে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ঘৰৰ বাহিৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্ত অপৰাধ শাখাক হস্তান্তৰ কৰিছে । দেওবাৰে দুজন অচিনাক্ত ব্যক্তিয়ে চলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰিছিল ৷ ইতিমধ্যে মুম্বাই আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ নীৰিক্ষণ কৰি এটা অভিযুক্ত গুৰুগ্ৰামৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ।

Etv BharatFiring Outside Salman Khan House
ছলমানৰ বাসগৃহত গুলীচালনাৰ ঘটনাৰ গোচৰ CBI লৈ হস্তান্তৰ, এটা অপৰাধী চিনাক্ত

চিটাৰা ডেস্ক, 15 এপ্ৰিল : দেওবাৰে বলীউডৰ ভাইজান ছলমান খানৰ ঘৰৰ বাহিৰত দুই দুৰ্বৃত্তই গুলীচালনা কৰাৰ ঘটনা তদন্ত অব্যাহত আছে ৷ ইতিমধ্যে এই ঘটনাৰ তদন্তৰ দায়িত্ব মুম্বাইৰ অপৰাধ শাখালৈ স্থানান্তৰ কৰা হৈছে । মুম্বাই আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে ।

ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ লোকসকলক অৱগত কৰি মুম্বাই আৰক্ষীয়ে কয় যে এই ঘটনা সুপৰিকল্পিতভাৱে পৰিকল্পনা কৰা যেন লাগিছে ৷ কিয়নো অভিযুক্তদুয়োয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত মুখখন হেলমেটেৰে ঢাকি ৰাখিছিল । ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ বাবে অপৰাধ শাখাৰ দহটাতকৈও অধিক দল মোতায়েন কৰা হৈছিল ।

ইফালে দিল্লী আৰক্ষীৰ বিষয়াসকলৰ মতে, বলীউডৰ অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰা দুই ব্যক্তিৰ এক অভিযুক্ত গুৰুগ্ৰামৰ বুলি ধাৰণা কৰা হৈছে । বান্দ্ৰা আৰক্ষীৰ এজন বিষয়াই জনোৱা অনুসৰি অস্ত্ৰ আইন আৰু আইপিচি ধাৰা 307 (হত্যাৰ চেষ্টা)ৰ অধীনত আততায়ীদ্বয়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে । অভিযুক্তদ্বয়ে মুঠ চাৰি ৰাউণ্ড গুলী চালনা কৰিছিল ৷ ঘটনাস্থলীৰ পৰা এটা সজীৱ কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছিল ।

এই ঘটনাৰ পিচতে 14 এপ্ৰিলৰ বিয়লি ছলমান খানক সতৰ্ক কৰি অমোল বিষ্ণোয়ে ফেচবুকযোগে এক পোষ্ট কৰিছিল ৷ এই ঘটনাক এক ট্ৰাইবাৰ বুলিহে কৈছিল অনমোলে ৷ অভিনেতাৰগৰাকীৰ ঘৰৰ বাহিৰত গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছিল অনমোলে ৷

বিগত বৰ্ষৰ মাৰ্চ মাহত অভিনেতাগৰাকীৰ কৰ্মক্ষেত্ৰত এক ইমেইলযোগে ভাবুকি প্ৰেৰণ কৰিছিল লৰেন্স বিষ্ণোয়ে ৷ তাৰ মুম্বাই আৰক্ষীয়ে লৰেন্স বিষ্ণোই, গোল্ডি ব্ৰাৰ আৰু আন এজন ব্যক্তিৰ বিৰুদ্ধে আইপিচি ধাৰা 120-বি (অপৰাধমূলক ষড়যন্ত্ৰ), 506-2 (অপৰাধমূলক ভাবুকি), আৰু 34 (উমৈহতীয়া উদ্দেশ্য)ৰ অধীনত এক অভিযোগ (এফআইআৰ) দাখিল কৰিছিল ৷

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ দায়িত্ব স্বীকাৰ : এয়া ট্ৰেইলাৰহে আছিল, এয়া অন্তিম সতৰ্কবাণী - Firing in Salman Khan house

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.