ETV Bharat / entertainment

সুস্মিতাই কয় তেওঁৰ জীৱনত পুৰুষ নাই : ৰহমানে কয় যি আছে সেয়া স্পষ্ট - Sushmita Rohman relationship status - SUSHMITA ROHMAN RELATIONSHIP STATUS

Sushmita Rohman bond : সুস্মিতা সেন আৰু ৰহমান শ্বলৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে । অৱশ্যে, সুস্মিতা আৰু ৰহমান দুয়োজনেই প্ৰেমৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছে ।

Rohman Shawl Says There's Something Special Days after Sushmita Sen Announced She Does not Have a Man in Her Life
সুস্মিতা সেন আৰু ৰহমান শ্বল (ANI)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 3:06 PM IST

চিটাৰা ডেস্ক, 22 জুলাই : শেহতীয়াকৈ এটা বঁটা প্ৰদান অনুষ্ঠানৰ পৰা সুস্মিতা সেন আৰু ৰহমান শ্বলৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিচত তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা পুনৰ প্ৰাণ পাই উঠিছে ৷ নেটিজেনে পুনৰ তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত নানান জল্পনা-কল্পনা কৰিবলৈ লৈছে ৷ অৱশ্যে, শেহতীয়া এক সাক্ষাৎকাৰৰ সময়ত, প্ৰাক্তন মিছ ইউনিভাৰ্ছে শ্বেয়াৰ কৰিছে যে তেওঁ কিছু সময়ৰ পৰা অকলশৰীয়াকৈ আছে । আনহাতে, ৰহমান শ্বলে দাবী কৰিছে যে তেওঁলোক দুয়োৰে মাজত যি আছে, সেয়া ‘বিশেষ কিবা’ ৷

Rohman Shawl Says There's Something Special Days after Sushmita Sen Announced She Does not Have a Man in Her Life
সুস্মিতা সেন আৰু ৰহমান শ্বল (ANI)

শেহতীয়াকৈ এটা নিউজৱায়াৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, ৰহমানক সুস্মিতা সেনৰ সৈতে বৰ্তমান তেওঁৰ সম্পৰ্কৰ স্থিতিৰ বিষয়ে সোধা হৈছিল ৷ প্ৰশ্নটোৰ উত্তৰ দি তেওঁ কয়, "আমি ছয় বছৰ ধৰি একেলগে আছো, গতিকে নতুন কি ?" তেওঁ লগতে কয় যে তেওঁলোক সদায় বন্ধু আছিল আৰু এই সম্পৰ্কৰ কেতিয়াও পৰিৱৰ্তন নহয় ।

শ্বলে লগতে উল্লেখ কৰিছে যে তেওঁলোকে "কিবা এটা বিশেষ" শ্বেয়াৰ কৰে, যিটো যথেষ্ট স্পষ্ট । ইয়াৰ বিপৰীতে শেহতীয়াকৈ সুস্মিতাই ৰিয়া চক্ৰৱৰ্তীৰ শ্ব’ চেপ্টাৰ 2 ত প্ৰকাশ কৰিছে যে তেওঁৰ জীৱনত ‘পুৰুষ নাই’ । তেওঁ উল্লেখ কৰে, "আজি আমি ইয়াত বহি থকাৰ সময়ত মোৰ জীৱনত কোনো পুৰুষ নাই । মই এতিয়া কিছুদিনৰ পৰা অকলশৰীয়াকৈ আছো ।" সেনে লগতে কয় যে তেওঁ তিনি বছৰ ধৰি অবিবাহিত হৈ আছে আৰু তেওঁৰ কাৰো প্ৰতি “আগ্ৰহ” নাই ।

লগতে পঢ়ক : 30 বছৰীয়া এক গৌৰৱোজ্জ্বল যাত্ৰা: ভাৰতলৈ প্ৰথমবাৰৰ বাবে আহিছিল মিছ ইউনিভাৰ্ছ খিতাপ - Miss Universe Sushmita Sen

প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীয়ে লগতে কয় যে সম্পৰ্কৰ পৰা বিৰতি লোৱাটো ‘বিস্ময়কৰ’ আৰু কাৰোবাৰ লগত থকা আটাইতকৈ বেছি দীঘলীয়া সময় আছিল প্ৰায় পাঁচ বছৰ । হৃদয় ভগাৰ ওপৰত মন্তব্য কৰি তেওঁ কয় যে তেওঁৰ এই বয়সত হৃদয় ভগাৰ দৰে ঘটনা একো নাই । বৰঞ্চ সকলো অনুভৱ প্ৰকাশ কৰি সম্পৰ্কত প্ৰেম, যত্ন আৰু শক্তি বিনিয়োগ কৰে তেওঁ । 2021 চনত সম্পৰ্ক শেষ বুলি কোৱাৰ পূৰ্বে সুস্মিতা আৰু ৰহমানে কিছুসময় ধৰি ডেট কৰিছিল । অৱশ্যে দুয়োৱে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে ।

পেছাদাৰী ফ্ৰণ্টত সুস্মিতাই শেহতীয়াকৈ সমালোচকৰ প্ৰশংসিত ধাৰাবাহিক আৰ্য: দ্য অন্তিম ৱাৰৰ তৃতীয় ছিজনত অভিনয় কৰিছিল । ৰাম মাধৱনী পৰিচালিত ছবিখনত ইলা অৰুণ, বিকাশ কুমাৰ আৰু চিকন্দৰ খেৰ আদিয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰিমিয়াৰ হোৱা এই ধাৰাবাহিকখন এতিয়া ডিজনী প্লাছ আৰু হটষ্টাৰত উপলব্ধ ।

লগতে পঢ়ক : ব্ৰেকআপৰ পিচতো থাকি যোৱা মৰমৰ বাবেই সুস্মিতাৰ কাষত ৰহমান - Sushmita Rohman latest video

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.