ETV Bharat / entertainment

ৰেণুকাস্বামী হত্যাকাণ্ড গোচৰ: তদন্ত অব্যাহত থকাৰ লগে লগে দৰ্শনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি - RENUKASWAMY MURDER CASE

author img

By ETV Bharat Entertainment Team

Published : Sep 9, 2024, 7:18 PM IST

Renukaswamy murder case: ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অভিনেতা দৰ্শনৰ ন্যায়িক জিম্মা 2024 চনৰ 12 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে । যিটো 24 নং এ চি এম এম আদালতৰ দ্বাৰা কৰা হৈছে । দলটোৱে দৰ্শন আৰু বিভিন্ন কাৰাগাৰৰ আন 16 জন অভিযুক্তৰ সৈতে এক ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত কৰিছিল ।

Renukaswamy Murder Case: Darshan's Judicial Custody Extended as Investigation Continues
অভিনেতা দৰ্শন (ETV Bharat)

চিটাৰা ডেস্ক, 9 ছেপ্টেম্বৰ : ৰেণুকাস্বামী হত্যাকাণ্ডৰ লগত জড়িত অভিনেতা দৰ্শন আৰু আন 16 জন অভিযুক্তৰ ন্যায়িক জিম্মা 2024 চনৰ 12 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে 24 নং অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ আদালতে । ভিডিঅ’ কনফাৰেন্সৰ সময়ত ন্যায়িক জিম্মা বৃদ্ধি কৰা হয় । য’ত সকলো অভিযুক্ত তেওঁলোকৰ স্থানান্তৰিত কাৰাগাৰৰ পৰা উপস্থিত হৈছিল ।

আৰক্ষীয়ে 3991 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে

চৰকাৰী অধিবক্তা প্ৰসন্ন কুমাৰে গোচৰটোৰ সৈতে জড়িত 60টা ডিজিটেল প্ৰমাণ থকা হাৰ্ড ডিস্ক আৰু পেন ড্ৰাইভ দাখিল কৰে । এই প্ৰমাণৰ প্ৰতিলিপি দুদিনৰ ভিতৰত অভিযুক্তক প্ৰদান কৰা হ’ব বুলি আদালতক জনোৱা হয় । শেহতীয়াকৈ বেল্লাৰী কেন্দ্ৰীয় কাৰাগাৰলৈ বদলি হোৱা দৰ্শন ইয়াৰ পূৰ্বে বেংগালুৰুৰ পাৰাপ্পানা অগ্ৰহৰা কেন্দ্ৰীয় কাৰাগাৰত আছিল । তেওঁৰ ছবি ভাইৰেল হোৱাৰ বাবে তেওঁক জেলৰ পৰা বদলি কৰা হৈছিল য’ত তেওঁক ভি আই পি সুবিধা দি থকা হৈছিল বুলি অভিযোগ উত্থাপিত হয় । দাবী কৰা হৈছিল যে দৰ্শনে আন অভিযুক্তৰ সৈতে তাত চিগাৰেট খাইছিল ।

লগতে পঢ়ক : জেলত ধুম্ৰপানৰ সৈতে কফিত চুমুক কয়েদী অভিনেতা দৰ্শনৰ, নিলম্বিত সাত বিষয়া - Actor Darshan Renukaswamy murder

এই হত্যাকাণ্ডৰ তদন্ত চূড়ান্ত পৰ্যায়ত আছে

ৰেণুকাস্বামী হত্যাকাণ্ডৰ তদন্ত চূড়ান্ত পৰ্যায়ত আছে, শেহতীয়াকৈ আৰক্ষীয়ে 3991 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে । বেংগালুৰু আৰক্ষী আয়ুক্ত বি দয়ানন্দই জনোৱা মতে, 24 নং অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশৰ আদালতত দাখিল কৰা হৈছে 7টা খণ্ড আৰু 10 টা ফাইলৰ 3991 পৃষ্ঠাৰ অভিযোগনামা । আৰক্ষীৰ বিবৃতিত কোৱা হৈছে যে সকলো প্ৰমাণসহ এখন চাৰ্জশ্বীট প্ৰস্তুত কৰা হৈছে । এই অভিযোগত মুঠ 231টা প্ৰমাণ, তিনিজন প্ৰত্যক্ষদৰ্শী, এফএছএল আৰু চিএফএছএলৰ প্ৰতিবেদনৰ পৰা 8 জন সাক্ষী, চি আৰ পি চি 161 আৰু 164 ৰ অধীনত ৰেকৰ্ড কৰা 27 জন লোকৰ বক্তব্য, 29 টা পাংচাৰ, 8 জন চৰকাৰী বিষয়া (তহচিলদাৰ, চিকিৎসক আৰু আৰটিঅ’ পৰিদৰ্শক), 56জন আৰক্ষীৰ ভাষ্য অন্তৰ্ভুক্ত হৈ আছে ।

লগতে পঢ়ক : ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰ : বেল্লাৰী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰিত কৰা হ’ল অভিনেতা দৰ্শনক - Actor Darshan Renukaswamy Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.