ETV Bharat / entertainment

‘মোক্ষ’, ৰবি শৰ্মা-শৰৎ ছাক্সেনাৰ যুটিয়ে দিব অনন্য সোৱাদ - RAVI SARMA SARAT SAXENA NEW FILM

শীঘ্ৰেই আহি আছে অভিনেতা ৰবি শৰ্মাৰ কাহিনীৰে দ্বিতীয়খন ছবি ‘মোক্ষ’ ৷ কালি অনুষ্ঠিত হয় ছবিখনৰ মহুৰত অনুষ্ঠান ।

Ravi Sarmas new film titled moksh muhurat event at Jyoti Chitrabon guwahati
ৰবি শৰ্মাৰ কাহিনীৰে দ্বিতীয়খন ছবি ‘মোক্ষ’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 12, 2024, 10:56 AM IST

গুৱাহাটী : অসমীয়া ছবিজগৰ জনপ্রিয় অভিনেতা ৰবি শৰ্মাৰ কাহিনীৰে মুক্তিপোৱা প্ৰথমখন অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’ৰ অপাৰ সফলতাৰ পাছত অসমীয়া ছবিজগতত অভিনেতা ৰবি শৰ্মাৰ আন এক সংযোজন ‘মোক্ষ’ । সোমবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় অভিনেতাগৰাকীৰ আহিবলগীয়া নতুন অসমীয়া ছবিখনৰ মহুৰত অনুষ্ঠান ৷

ৰবি শৰ্মা সহিতে বিশিষ্ট ব্যক্তিয়ে মুকলি কৰে ছবিখনৰ পোষ্টাৰ ৷ উক্ত অনুষ্ঠানত অসমীয়া সাংস্কৃতিক জগতৰ লগত জড়িত বহু বিশিষ্ট ব্যক্তিৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী উপস্থিত থাকে ।

ৰবি শৰ্মাৰ ভাষ্য (ETV Bharat Assam)

ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা ৰবি শৰ্মাই কয়, “এইবাৰ মই দ্বিতীয়বাৰৰ বাব স্ক্ৰীপ্টখন কৰিবলৈ লৈছো । মোক্ষ প্ৰাপ্তি, ‘মোক্ষ’ এটা সংস্কৃত শব্দ । এখন নতুন ধৰণৰ ছবি মই দৰ্শকক দিবলৈ প্ৰয়াস কৰিছো । আমাৰ বাবে এইয়া এটা ডাঙৰ প্ৰত্যাহ্বান, কাৰণ এনেকুৱা ধাৰাৰ কাহিনী আমাৰ মানুহে চুটি ছবি বা নাটকত দেখিছে যদিও ছবি ৰূপে দেখা নাই । ছবিখনৰ কাহিনী হিচাপে বাজেট বহু কম । লগতে ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনাই । যিটো আমাৰ বাবে এটা গৌৰৱ বিষয় । ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ২০২৫ বৰ্ষত আমি ছবিগৃহত দৰ্শকৰ বাবে উপলব্ধ কৰিম ছবিখন ।”

এছ এইচ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবিখনৰ কাহিনী ৰবি শৰ্মাৰ । ছবিখন পৰিচালনা কৰিব মিৰ্জা আৰিফে । লগতে ছবিখনত অভিনয় কৰিব মৃদুল চুতীয়া, সঞ্জীৱ হাজৰিকা, বিভাষ চক্ৰৱৰ্তী, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ মুখাৰ্জী আদিকে ধৰি বহু নবীন-প্ৰবীণ তাৰকাই । ছবিখনৰ সংগীত প্ৰণয় দত্তৰ । টেকনিক পৰিচালনাত থাকিব ঝুলন কৃষ্ণ মহন্ত । ৰাজ্যৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ তথা উত্তৰ বংগৰ বিভিন্ন ঠাইত কৰা হ’ব ছবিখনৰ দৃশগ্ৰহণ ।

উল্লেখ্য যে, ২০০০ চনৰে পৰা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ সৈতে জড়িত থাকি নিৰলসভাৱে এই উদ্যোগটোৰ উত্থানৰ বাবে প্ৰয়াস কৰি যোৱা অভিনেতা ৰবি শৰ্মাই অসমবাসীক ‘শ্ৰী ৰঘুপতি’ উপহাৰ দি অসমীয়া ছবি উদ্যোগটোলৈ যি টাৰ্নিং পইণ্ট আনিলে সেয়া সকলোৱে অৱগত ।

তেওঁৰ কাহিনীৰে প্ৰথমখন ছবি ‘শ্ৰী ৰঘুপতি’ৰ বক্স অফিচ কালেকশ্যন আছিল ১৩.৮১ কোটি টকা । এতিয়া তেওঁৰ দ্বিতীয়খন ছবিক লৈ আশাবাদী অভিনেতাজনৰ লগতে জড়িত অন্যান্য কলা-কুশলীসকল ।

লগতে পঢ়ক : স্ক্ৰীপ্টৰ কামত ব্যস্ত হৈ আছে ৰবি শৰ্মা, ঘোষণা কৰিলে নতুন ছবিৰ নাম - Ravi Sarma latest announcement

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.