ETV Bharat / entertainment

ভাৰত-চীনৰ যুদ্ধৰ বাবে প্ৰেমিকাৰ সৈতে বিয়াত বহিব পৰা নাছিল ৰতন টাটা

Ratan Tata Love Story: ৰতন টাটাই বলীউডৰ এই অভিনেত্ৰীগৰাকীক বিয়া কৰাব বিচাৰিছিল, কিন্তু ভাৰত-চীনৰ যুদ্ধৰ বাবে তেওঁ বিয়া কৰাব নোৱাৰিলে ।

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

Ratan tata Simi Garewal love story they did not able to marry because of Indo China war
ৰতন টাটাৰ প্ৰেম কাহিনী (Photo : IANS)

চিটাৰা ডেস্ক, 10 অক্টোবৰ : ৰতন টাটা এতিয়া আমাৰ মাজত নাই । 86 বছৰ বয়সত ৰতন টাটাই বিশ্বক চিৰবিদায় জনায় । তেওঁৰ দৰে এগৰাকী পৰোপকাৰী ব্যক্তিৰ মৃত্যুত সমগ্ৰ দেশে চকুপানী নিগৰাইছে । ৰতন টাটা এজন ব্যৱসায়ী হোৱাৰ লগতে এজন মহান ব্যক্তি আছিল, যিজনে জনসাধাৰণৰ বাবে জীৱন উছৰ্গা কৰিছিল ৷ আজি মৃত্যুৰ পিছতো তেওঁ সকলোৰে বাবে অমৰ । ৰতন টাটা তেওঁৰ নীতিত দৃঢ় আছিল, যি দৃঢ়তা তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে দৃশ্যমান আছিল ।

আপোনালোকে জানেনে ৰতন টাটাই বিয়া কৰিব বিচৰা ছোৱালীজনী এগৰাকী অভিনেত্ৰী আছিল ৷ কিন্তু কিবা কাৰণত ছোৱালীজনীৰ সৈতে বিয়াত বহিব নোৱাৰিলে তেওঁ ৷ পিছে পুনৰ কোনো ছোৱালীৰ প্ৰেমতো নপৰিল টাটা ৷ 25 বছৰ বয়সতে এইগৰাকী অভিনেত্ৰীয়ে ৰতন টাটাৰ হৃদয়ত নিজৰ স্থান দখল কৰিছিল । ৰতন টাটাৰ বিয়া কিয় নহ’ল জানো আহক-

কাক ডেট কৰিছিল ৰতন টাটাই ?

1937 চনত মুম্বাইত জন্মগ্ৰহণ কৰা ৰতন টাটা ভাৰতৰ এক মূল্যৱান ৰত্ন । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিজৰ যৌৱন কালত ৰতন টাটাও প্ৰেমত পৰিছিল । সেই সময়ত ৰতন টাটাৰ কেৰিয়াৰ বিশেষ একো নাছিল আৰু কোনেও তেওঁক ইমান চিনি পোৱা নাছিল । ৰতন টাটাই সেই সময়ত আমেৰিকাত কাম কৰি আছিল । সেই সময়ছোৱাতে ৰতন টাটাৰ হৃদয় বলীউডৰ মোহময়ী অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক ছিমি গৰেৱালৰ ওপৰত আবদ্ধ হৈ পৰিছিল । ৰতন আৰু ছিমিয়ে এজনে আনজনক দীঘলীয়া সময় ধৰি ডেট কৰিছিল ।

ভাৰত-চীন যুদ্ধৰ সময়ত বিয়া হোৱাৰ কথা আছিল

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰতন টাটা আৰু ছিমি গৰেৱালে 1962 চনত বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰিছিল । ছিমিয়ে তেওঁৰ পৰিয়ালক ৰতন টাটাৰ বিষয়ে অৱগত কৰিছিল, কিন্তু ছিমিৰ পৰিয়ালে এই বিবাহত সন্মতি জনোৱা নাছিল । পৰিয়ালৰ সিদ্ধান্তৰ পিছতে ৰতন আৰু ছিমিয়ে জীৱনত পৃথক হৈ থাকিবলৈ লয় আৰু দুয়োৱে তেওঁলোকৰ মাজত কেৱল বন্ধুত্বপূৰ্ণ সম্পৰ্কহে ৰাখে । কোৱা হয় যে, ইণ্ডো-চীন যুদ্ধৰ বাবে এই বিবাহ সম্ভৱপৰ হৈ উঠা নাছিল ।

লগতে পঢ়ক : ৰতন টাটাৰ মৃত্যুত বলীউডত শোকৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.