ETV Bharat / entertainment

বি এল টি এমত অংশগ্ৰহণ ৰামোজী ফিল্ম চিটীৰ : প্ৰদৰ্শন কৰা হৈছে সফলতাসমূহ - Ramoji film city

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:50 PM IST

Achievement of Ramoji Film City : ভাৰতত ব্যৱসায়িক আৰু এম আই চিই ভ্ৰমণ বজাৰ দিল্লীত আয়োজন কৰা হৈছে । হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটীয়েও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে । য’ত ৰামোজী ফিল্ম চিটীৰ সাফল্যসমূহ প্ৰদৰ্শন কৰা হৈছে ৷

RAMOJI FILM CITY
বি এল টি এমত অংশগ্ৰহণ ৰামোজী ফিল্ম চিটীৰ (ETV Bharat)

নিউজ ডেস্ক, 29 আগষ্ট : দিল্লীৰ দ্বাৰকা চেক্টৰ-25ৰ যশোভূমী প্ৰদৰ্শনী স্থানত আয়োজন কৰা হৈছে ভাৰতত ব্যৱসায়িক অৱসৰ আৰু এম আই চি ই ভ্ৰমণ বজাৰ (বিএলটিএম) ৷ ই এক ব্যৱসায় আৰু বিপণনৰ প্ৰচাৰৰ অনুষ্ঠান ৷ য’ত ভাৰতৰ উপৰিও বিশ্বৰ ভ্ৰমণকাৰী আৰু ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰিছে ৷ হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীয়েও সফলতাসমূহ প্ৰদৰ্শন কৰি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে ৷

বিশ্বৰ অন্যতম বৃহৎ ফিল্ম চিটী :

ৰামোজী ফিল্ম চিটীৰ হৈ দিল্লীত কৰ্মৰত বিক্ৰী আৰু বিপণন বিভাগৰ জ্যেষ্ঠ মেনেজাৰ অমৃত প্ৰসাদে কয় যে ৰামোজী ফিল্ম চিটীয়ে তৃতীয়বাৰৰ বাবে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । বিপণন আৰু ভ্ৰমণৰ প্ৰচাৰৰ বাবে এইখন এখন ভাল মঞ্চ । ৰামোজী ফিল্ম চিটী হায়দৰাবাদত আছে । তাৰ পৰা কিছু বিশেষ লোকো এই অনুষ্ঠানলৈ আহিছে ।

ৰামোজী ফিল্ম চিটী পৃথিৱীৰ সৰ্ববৃহৎ ফিল্ম চিটী । প্ৰতি বছৰে ইয়াত ৩৫০ খনতকৈও অধিক চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হয় । ডাঙৰ পৰ্দাৰ বহুতো বিখ্যাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ ৰামোজী ফিল্ম চিটীত কৰা হৈছে- যেনে বাহুবলী, পুষ্পা-১, পুষ্পা-২, কল্কি, চেন্নাই এক্সপ্ৰেছ, সিংঘম আৰু ধামাল ৷ ৩৩০০ তকৈও অধিক হিন্দী আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ইয়াৰ উপৰিও বহুতো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ বৰ্তমান চলি আছে ।

ৰামোজী ফিল্ম চিটীত বিলাসী হোটেলো আছে :

অমৃত প্ৰসাদে কয় যে ৰামোজী ফিল্ম চিটী কেৱল চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে নহয়, ইয়াত বহু হোটেলো আছে । তেওঁ কয় যে বৰ্তমান ফিল্ম চিটীখনত পঞ্চতাৰকা, তিনিতাৰকা, চাৰিতাৰকা আৰু ২ তাৰকা হোটেলকে ধৰি প্ৰতিটো শ্ৰেণীৰ হোটেল আছে ৷ সৰ্বমুঠ ৬০০ তকৈও অধিক কোঠা আছে । ইয়াৰ বাহিৰেও ৰামোজী ফিল্ম চিটীত সৰ্বাধিক কনফাৰেন্স হল আছে । য’ত যিকোনো মুকলি অনুষ্ঠান, ডীলাৰ মিট, বিক্ৰী সভা, বঁটা প্ৰদান অনুষ্ঠান আদি আয়োজন কৰিব পৰা যায় ।

ৰামোজী ফিল্ম চিটীত কাৰ্নিভেল :

ৰামোজী ফিল্ম চিটী 1,666 একৰ (674 হেক্টৰ)ত ভূমিজুৰি বিস্তৃত । কেৱল ভাৰতৰে নহয়, বিদেশৰ পৰাও পৰ্যটক আহে ফিল্ম চিটীখন ভ্ৰমণ কৰিবলৈ । তেওঁ কয় যে প্ৰতিদিনে ৪ ৰ পৰা ৫ হাজাৰ পৰ্যটকে ৰামোজী ফিল্ম চিটী দৰ্শন কৰিবলৈ আহে ৷ দৰ্শণাৰ্থীসকলে এটা দিনৰ ভ্ৰমণ কৰিব পাৰে৷ য’ত ফিল্ম চিটী দৰ্শন কৰিবলৈ অহা পৰ্যটকসকলক এচি আৰু নন-এচি বাছৰ দ্বাৰা ফিল্ম চিটীলৈ লৈ যোৱা হয় । ৰামোজী ফিল্ম চিটীলৈ যোৱাৰ সময় হৈছে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ ৷ ২৬ ছেপ্টেম্বৰৰ পৰা ৰামোজী ফিল্ম চিটীত ডি২ডি কাৰ্নিভাল আৰম্ভ হ'ব । এই ভ্ৰমণ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব আৰু নিশা ১০ বজালৈকে চলিব ।

তেওঁ জনায় যে ভাৰতৰ বিজনেছ লিজাৰ এণ্ড এমআইচিই ট্ৰেভেল মাৰ্কেটত ৬০০ তকৈও অধিক বিক্ৰেতা আৰু ৬০ খনতকৈও অধিক দেশৰ লোকে অংশগ্ৰহণ কৰে । বিক্ৰী আৰু বিপণন দলৰ হৰি নায়াৰ আৰু বিক্ৰী আৰু বিপণনৰ উপ-সভাপতি য়াদু ৰায়েও হায়দৰাবাদ ফিল্ম চিটিৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছিল ৷ আজি প্ৰথম দিন আৰু এই অনুষ্ঠানটো ৩১ আগষ্টলৈকে চলিব । প্ৰথম দিনটোত এটা ভাল সঁহাৰি পোৱা গৈছে ।

প্ৰথম দিনাই, যথেষ্ট সংখ্যক কৰ্পোৰেট আৰু ট্ৰেভেল এজেণ্ট আহিছিল । ৰামোজী ফিল্ম চিটীৰ বিষয়ে তথ্য পাবলৈ সমগ্ৰ দেশৰ মানুহে ইয়ালৈ আহি আছে । ৰামোজী ফিল্ম চিটীৰ এটা ৱেবছাইট আছে । য'ৰ পৰা আপুনি আন তথ্য লাভ কৰিব পাৰে । দিল্লীৰ ৰামোজী ফিল্ম চিটীৰ কাৰ্যালয় ঝাণ্ডেৱালান এক্সটেনচনত আছে ৷

লগত পঢ়ক : ঈনাডুৰ ৫০ বছৰ : গণতন্ত্ৰৰ পোষকতা আৰু প্ৰেছ স্বাধীনতা ৰক্ষাৰ উত্তৰাধিকাৰ

ৰামোজী ফিল্ম চিটীৰ উচ্চ প্ৰশংসা গুজৰাটৰ পৰ্যটন মন্ত্ৰী মুলুভাই বেৰাৰ

ৰামোজী ফিল্ম চিটিলৈ শ্ৰেষ্ঠ সজ্জা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.