ETV Bharat / entertainment

শিল্পী ৰমেন বৰুৱাবিহীন ৭টা দিন: শীঘ্ৰে উভতি আহিবলৈ আহ্বান শিল্পী সমাজৰ - Ramen Baruah Missing

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 6:37 PM IST

Music composer Ramen Baruah: আজিও সন্ধান নাই বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ । প্ৰিয় শিল্পীগৰাকীক সোনকালে উভতি আহিবলৈ আহ্বান প্ৰতিগৰাকী শিল্পীৰ ।

RAMEN BARUAH MISSING
আজিও সন্ধান নাই বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ (ETV Bharat)

গুৱাহাটী, 28 জুলাই: অসমীয়া সংগীত জগতৰ গুৰি ধৰোঁতা শিল্পী ৰমেন বৰুৱা এতিয়াও সন্ধানহীন ৷ বিগত ৭ দিন ধৰি কোনো সন্ধান নাই বিশিষ্ট সংগীত শিল্পীগৰাকীৰ ৷ ২২ জুলাই তাৰিখৰ পৰাই সন্ধানহীন হৈ আছে বিশিষ্ট শিল্পীগৰাকী ৷ ২২ জুলাইৰ পুৱা প্রায় ১০.০০ বজাৰ পৰা লতাশিলস্থিত নিজ বাসভৱনৰ সমীপতে থকা গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল শিল্পীগৰাকী আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে ৷

শিল্পীগৰাকীক বিচাৰি বৰ্তমানো অব্যাহত আছে অভিযান ৷ ইফালে শিল্পী গৰাকীৰ নিখোজৰ খবৰে মৰ্মাহত কৰিছে সাংস্কৃতিক জগৰত পৰা আৰম্ভ কৰি প্ৰতিগৰাকী গুণমুগ্ধক ৷

ইফালে, শিল্পীগৰাকী নিখোজৰ সন্দৰ্ভত মন্তব্য কৰি বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জীয়ে কয়, "ৰমেন দা আমাৰ মাজত নাই সেইটো ভবাৰ চেষ্টা নকৰো কেতিয়াও, কাৰণ জানো ৰমেন দা আমাৰ মাজলৈ ঘূৰি আহিব ৷ যদি নাহে ৰমেন দাৰ সেই অভাৱ কোনো দিনাই পূৰণ নহয় ৷ অসমীয়া সংস্কৃতিক জগতত তেওঁৰ যিটো দান সেইটো, তেখেতৰ সৃষ্টিশৈলীৰে যেনেকৈ আগুৱাই লৈ গৈছে আমি সেই অভাৱ খুব অনুভৱ কৰিম ৷ সেই অভাৱ পূৰণ নহয় বুলি ভাবো ৷ কিন্তু ৰমেন দা ঘূৰি আহিব, ৰমেন দা আমাৰ মাজত থাকিব ৷"

ইফালে, ৰমেন বৰুৱা নিখোজৰ খবৰ আৰু তেওঁৰ ব্যক্তিত্বৰ সন্দৰ্ভত সংগীত শিল্পী মনীষা হাজৰিকাই মন্তব্য কৰি কয়, "ৰমেন দাৰ যি ব্যক্তিত্ব, যি গৰাকী ব্যক্তিক লৈ অসমীয়া ৰাইজে গৰ্ব কৰে সেইগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা নোহোৱা হোৱাটো মোৰ বাবে অতি দুখৰ খবৰ ৷ সুস্থ-সবলে তেখেতে আকৌ আমাৰ মাজলৈ উভতি আহক ৷ মানুহজনৰ কিবা কথাত অভিমান হ'ব পাৰে, অভিমানটো ত্যাগ কৰি ৰমেন দা আমাৰ মাজত উভতি আহক সেইটোয়ে মই কামনা কৰিম ৷"

এই সন্দৰ্ভত বিশিষ্ট চলচিত্ৰ নিৰ্মাতা মঞ্জুলা হাজৰিকাই মন্তব্য কৰি কয়, "ৰমেন দা নোহোৱা হোৱা ৭ দিন হ'ল ৷ ৰমেন দা অবিহনে আমাৰ সংগীত জগত যেন শূণ্য হৈ পৰিছে ৷ ইতিবাচক চিন্তাধাৰাৰে কওঁ ৰমেন দা ঘূৰি আহক ৷'

ইফালে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে এই সম্পৰ্কে কয়, "আমি সকলোৱে আশা কৰিছোঁ ৰমেন দা আমাৰ মাজলৈ পুনৰ উভতি আহক ৷ সেই ব্যক্তিগৰাকী প্ৰতি অসমবাসীৰ যি মৰম শ্ৰদ্ধা সেয়া ভাবিব নোৱৰা ৷ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰমেন দা নিশ্চয় আমাৰ মাজলৈ উভতি আহিব ৷ কিবা এটা হৈছে কিন্তু ৰমেন দা আহিব ৷"

বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰাই এই সন্দৰ্ভত কয়, "মই কালি দ্বীপেন দাৰ লগত কথা পাতিছো ৷ দ্বীপেন দাই কৈছে ৰমেন দা হয়তো ক’ৰবাত সোমাই আছে, তেনেকুৱা এটা আশা কৰা হৈছে ৷ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰমেন দা সোনকালে সু-শৰীৰে আমাৰ মাজত উভতি আহক ৷"

পৰিচালক ঝুলন কৃষ্ণ মহন্তই এই সন্দৰ্ভত কয়, "ৰমেন বৰুৱা, দ্বীপেন বৰুৱা অসমৰ সংগীত, অসমৰ কাৰণে তেওঁলোকৰ যি অৱদান, অসমীয়া মানুহ সঁচাকৈ মৰ্মাহত হৈ আছে ৷ ৰমেন দা সু-শৰীৰে উভতি আহিব বুলি আমি সকলোৱে সেৱা কৰো ৷'

ইফালে, অভিনেত্ৰী জলি লস্কৰে এই সন্দৰ্ভত কয়, "ৰমেন বৰুৱা দেৱক মই বহুত খিনিত পাইছোঁ ৷ তেখেতৰ লগত সময় কটাইছোঁ ৷ বহুত কম কথা কয় ৷ সকলোৱে তেওঁৰ অৱদানৰ কথা জানে ৷ সেই মানুহজন নোহোৱা হোৱাটো এতিয়াও মনে মানি ল'ব পৰা নাই ৷"

লগতে পঢ়ক: এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ: স্নিফাৰ ডগৰ সহায়ত যশস্বী শিল্পীগৰাকীৰ সন্ধানত অভিযান - Ramen Baruah missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.