ETV Bharat / entertainment

IFFM ৰ ৰাষ্ট্ৰদূত হিচাপে ঘোষণা হ’ল অভিনেতা ৰাম চৰণৰ নাম - RAM CHARAN AT IIFM 2024 - RAM CHARAN AT IIFM 2024

Ram Charan Ambassador at IFFM :মেগা-ব্লকবাষ্টাৰ ছবি আৰ আৰ আৰৰ তাৰকা ৰাম চৰণক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণত ভাৰতীয় কলা আৰু সংস্কৃতিৰ ৰাষ্ট্ৰদূত বঁটাৰে সন্মানিত কৰা হ’ব । এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হৈছে ৰাম চৰণ ।

Ram Charan reacts as he becomes first Indian celebrity to be awarded the Ambassador for Indian Art And Culture at IFFM
ৰাম চৰণ (IMAGE- ANI)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:37 PM IST

চিটাৰা ডেস্ক, 19 জুলাই : দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ । ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণ (আই এফ এফ এম)ৰ 15 সংখ্যক সংস্কৰণৰ বাবে আৰ আৰ আৰৰ তাৰকা ৰাম চৰণক এম্বেছাডৰ অতিথি হিচাপে ঘোষণা কৰা হৈছে । সন্মানীয় অতিথি হোৱাৰ উপৰিও ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাম চৰণক ভাৰতীয় কলা-সংস্কৃতিৰ ৰাষ্ট্ৰদূত বঁটাৰে সন্মানিত কৰা হ’ব । এই সন্মান লাভ কৰা ভাৰতীয় চিনেমাৰ প্ৰথমজন অভিনেতা হিচাপে পৰিগণিত হৈছে ৰাম চৰণ । ৰাম চৰণৰ ছবি আৰ আৰ আৰে বিশ্বব্যাপী বক্স অফিচত 1000 কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিছিল । আৰ আৰ আৰৰ হিট গীত নাটু-নাটুৱে অস্কাৰ অনুষ্ঠানত শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাতো অস্কাৰ লাভ কৰে ।

ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ প্ৰতি বছৰে 15 আগষ্টৰ পৰা 25 আগষ্টলৈ মেলবৰ্ণত ভিক্টোৰিয়ান ৰাজ্য চৰকাৰে আয়োজন কৰে । মেলবৰ্ণ হৈছে দক্ষিণ-পূব অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ উপকূলীয় ৰাজধানী ।

দক্ষিণৰ চুপাৰষ্টাৰ ৰাম চৰণৰ প্ৰতিক্ৰিয়া

ৰাম চৰণে এই সাফল্যক লৈ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰাম চৰণে কয়, "আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় চলচ্চিত্ৰৰ বৈচিত্ৰ্য আৰু সমৃদ্ধি প্ৰদৰ্শন কৰা মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ অংশ হ'বলৈ পাই মই অত্যন্ত সন্মানিত, আমাৰ চলচ্চিত্ৰ উদ্যোগক প্ৰতিনিধিত্ব কৰা আৰু সমগ্ৰ বিশ্বৰ মোৰ অনুৰাগী আৰু চিনেমাপ্ৰেমীসকলৰ সৈতে সংযোগ স্থাপন কৰাটো মোৰ সৌভাগ্যৰ বিষয় । আৰ.আৰ.আৰ.ৰ সফলতা আৰু সমগ্ৰ বিশ্বতে ই লাভ কৰা মৰম যথেষ্ট হৈছে আৰু এই মুহূৰ্তটো মেলবৰ্ণৰ দৰ্শকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মই অত্যন্ত উৎসাহিত আৰু ৰোমাঞ্চিত, মেলবৰ্ণত আমাৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ এই সন্মানীয় সুযোগৰ বাবে মই অপেক্ষা কৰি আছোঁ ।"

ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণ পৰিচালকৰ বিবৃতি

ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণৰ সঞ্চালক মিতু ভৌমিক লেঙে কয়, "ৰাম চৰণৰ আগমনে উৎসৱটোত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি কৰিব, আৰ আৰ আৰত তেওঁৰ কামে কেৱল নতুন বস্তু সৃষ্টি কৰাই নহয়, আজি ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম প্ৰভাৱশালী অভিনেতা হিচাপে তেওঁৰ স্থান সুদৃঢ় কৰিছে । আমি তেওঁক মেলবৰ্ণলৈ স্বাগতম জনাই আনন্দিত হৈছো আৰু উৎসৱটোত দৰ্শকৰ সৈতে তেওঁৰ কৃতিত্ব উদযাপন কৰিবলৈ অপেক্ষা কৰি আছো ।"

ৰাম চৰণৰ ৱৰ্কফ্ৰণ্ট

ৰাম চৰণ তেওঁৰ আটাইতকৈ প্ৰতীক্ষিত ৰাজনৈতিক ছবি গেম চেঞ্জাৰৰ বাবে বাতৰিত আছে । পৰিচালক শংকৰে এই ছবিখন নিৰ্মাণ কৰিছে । ৰাম চৰণৰ অনুৰাগীসকলে গেম চেঞ্জাৰ চলচ্চিত্ৰখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, কিন্তু ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই । ইয়াৰ উপৰিও, ৰাম চৰণৰ ছবি আৰ16 সাজু আছে, য'ত বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰক তেওঁৰ সৈতে মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : স্বামী ৰামচৰণৰ সমৰ্থনত অভিভূত উপাসনা - Upasana Kamineni Ram Charan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.