ETV Bharat / entertainment

অনন্ত ৰাধিকাৰ বিবাহনুষ্ঠানত উপস্থিত থাকিব ৰাজস্থানৰ এইগৰাকী লোকশিল্পী - Anant and Radhika Wedding

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 11:58 AM IST

Updated : Jul 10, 2024, 5:41 PM IST

Anant and Radhika Wedding: কেৱল দেশ তথা ৰাজ্যতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ খ্যাতি অৰ্জন কৰা সীমান্তৱৰ্তী জয়সালমেৰ জিলাৰ লোকশিল্পী তথা বলীউডৰ গায়ক মামে খানে অংশ ল’ব কোটিপতি মুকেশৰ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত ৷ এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ মামে খানে বিয়পাব নিজৰ কণ্ঠৰ যাদু ।

folk artist Mame Khan will perform at the wedding of Anat Ambani and Radhika Merchant in Mumbai
অনন্ত ৰাধিকাৰ বিবাহনুষ্ঠানত উপস্থিত থাকিব ৰাজস্থানৰ এইগৰাকী লোকশিল্পী (INSTAGRAM)

চিটাৰ ডেস্ক, 10 জুলাই: মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাইছে কেৱল দেশ তথা ৰাজ্যতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ স্বীকৃতি তথা সমাদৰ অৰ্জন কৰা লোকশিল্পী তথা বলীউডৰ গায়ক মামে খান । এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ মামে খানেও নিজৰ কণ্ঠৰ যাদু বিয়পাবলৈ সাজু হৈছে । ইয়াৰ বাবে আম্বানী পৰিয়ালে তেওঁক নিমন্ত্ৰণী পত্ৰ আৰু বিয়াৰ কাৰ্ড প্ৰেৰণ কৰিছে ।

লোকশিল্পী তথা বলীউডৰ গায়ক মামে খান (ETV Bharat)

বিয়ালৈ যাবলৈ উৎফুল্লিত কণ্ঠশিল্পীগৰাকী: বলীউডৰ গায়িকা তথা লোকশিল্পী মামে খানে এটা ভিডিঅ’ মুকলি কৰি এই কথা নিশ্চিত কৰিছে । এই ভিডিঅ'টোত তেওঁ কৈছে যে নিমন্ত্ৰণৰ পিচত তেওঁ বিয়ালৈ যাবলৈ বৰ উৎসাহিত হৈছে । বিয়াৰ অনুষ্ঠানত ৰাজস্থানী লোক সংগীতৰ লগতে তেওঁৰ বলীউডৰ গীত পৰিবেশন কৰিব বুলিও তেওঁ কয় ।

জনাই দিও যে, জয়সালমেৰ জিলাৰ লোকশিল্পী মামে খান বলীউডত অতি জনপ্ৰিয় । তেওঁ গোৱা বহু গীতে চিনেমাৰ পৰ্দাত আলোড়নৰ সৃষ্টি কৰিছে, য’ত হৃতিক ৰোশনে অভিনীত লাক বাই চান্স ছবিৰ ‘বাভো ৰে বাভো’ গীতটো অতি জনপ্ৰিয় হৈ উঠিছিল । এই গীতটোৱে জয়সালমেৰৰ মামে খানক বলীউডতো স্থান দিলে । ইয়াৰ বাহিৰেও তেওঁ কোক ষ্টুডিঅ’ত গোৱা ‘চৌধাৰী’ গীতটোৰ দ্বাৰা তেওঁ সাত সাগৰৰ সিপাৰে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল । জয়সালমেৰৰ এইগৰাকী লোকশিল্পী মামে খানক ২০১৬ চনত জিমা বঁটাৰে সন্মানিত কৰা হয় ।

ৰেড কাৰ্পেটত খোজ দিয়া প্ৰথমজন লোকশিল্পী: জয়সালমেৰ জিলাৰ সাট্টো গাঁৱৰ বাসিন্দা মামে খানক ৰাজস্থান সংগীত নাটক একাডেমীয়ে ২০২২ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰিছে । কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত খোজ দিয়া ভাৰতৰ প্ৰথমজন লোকশিল্পী আছিল মামে খান । ৰাজস্থানী লোকগীতৰ লগতে বলীউডৰ গীতলৈও নিজৰ সুৰীয়া কণ্ঠৰে মামে খান যথেষ্ট জনপ্ৰিয় হৈ পৰিছে ।

১২ জুলাইত হ’ব বিবাহনুষ্ঠান: আপোনালোকক জনাই দিও যে, দেশৰ ডাঙৰ ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে ১২ জুলাইত মুম্বাইৰ বি কে চিৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে । কেৱল এয়াই নহয়, বছৰৰ আটাইতকৈ ডাঙৰ বিয়াখনৰ বিষয়ে বহুদিনৰ পৰাই চৰ্চা চলি আছে । এই বিবাহৰ পূৰ্বে তেওঁলোকৰ দুটা প্ৰি-ৱেডিং ফাংচন অনুষ্ঠিত হৈ যায় ।

লগতে পঢ়ক: গাত হালধি লাগিলেই, মাজত মাথো আৰু কিছু সময় ৰাধিকাৰ শিৰত অনন্তৰ নামৰ সেন্দুৰ লাগিবলৈ - Anant Radhika Wedding details

Last Updated : Jul 10, 2024, 5:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.