হায়দৰাবাদ : আল্লু অৰ্জুনৰ নতুন ছবি ‘পুষ্পা ২: দ্য ৰুল’ ৫ ডিচেম্বৰত সমগ্ৰ বিশ্বৰ চিনেমাগৃহত মুক্তি লাভ কৰিছে । বুধবাৰে হায়দৰাবাদত মুক্তিৰ পূৰ্বে প্ৰদৰ্শিত হৈছিল প্ৰিমিয়াৰ শ্ব’ ৷ প্ৰিমিয়াৰ শ্ব’ৰ সময়তে ঘটে এক দুৰ্ভাগ্যজনক ঘটনা ৷ এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ থিয়েটাৰত উপস্থিত লোকৰ ঠেলাহেঁচাৰ বলি হয় । মহিলা অনুৰাগীগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
বুধবাৰে নিশা পুষ্পা ২ ৰ প্ৰিমিয়াৰ স্ক্ৰীণিং অনুষ্ঠিত হয় । নিশা প্ৰায় ১০.৩০ বজাত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত উপস্থিত হয় আল্লু অৰ্জুন । প্ৰিয় তাৰকাক চাবলৈ যথেষ্টসংখ্যক অনুৰাগীয়ে ভিৰ কৰে । আৰ টি চি এক্স ৰোডত অৱস্থিত সন্ধ্যা থিয়েটাৰৰ বাহিৰত আৰক্ষীয়ে লাঠিচাৰ্জৰ আশ্ৰয় ল’বলগীয়া হয় । এই সময়ত হঠাতে হুলস্থূলৰ সৃষ্টি হয় । এই হুলস্থূলত এগৰাকী মহিলাকে ধৰি ২ৰ পৰা ৩জন লোক আহত হোৱাৰ খবৰ আহিছে ।
#Hyderabad: #Pushpa2 Release at Sandhya Theatre
— Howdy @ Murali Reddy ! ( Jagan కుటుంబం) (@YSJ_21) December 4, 2024
Revati ( 39), a resident of Dilshuknagar came along with her husband Bhaskar and two children Tej (9), Sanvi (7) to Sandhya 70mm theatre at RTC Roads to watch #pusha2 premiere show.
Owing to the chaos, Revathi fell unconscious… pic.twitter.com/JaE5GB0ypP
গোটেই ঘটনাটো দৰাচলতে কি ?
ছ'চিয়েল মিডিয়া আৰু বাতৰি অনুসৰি, দিলসুখনগৰৰ বাসিন্দা ৰেৱতীয়ে (৩৯) তেওঁৰ স্বামী ভাস্কৰ আৰু পুত্ৰ আৰু কন্যা সন্তানৰ সৈতে পুষ্পা ২ চাবলৈ গৈছিল । নিশা প্ৰায় ১০:৩০ বজাত ৰেৱতী আৰু তেওঁৰ পৰিয়াল থিয়েটাৰৰ পৰা ওলাই অহাৰ সময়ত ঠেলাঠেলিত সোমাই পৰে । প্ৰাপ্ত খবৰ অনুসৰি, অনুৰাগীসকলে আল্লু অৰ্জুনক ওচৰৰ পৰা চাবলৈ থিয়েটাৰৰ ফালে দৌৰি যায় আৰু বাহিৰলৈ ওলাই অহা লোকসকলৰ সৈতে ঠেলাহেঁচাত লিপ্ত হয় ।
One woman died & two others including a kid injured after heavy crowd thronged into the Sandhya Theatre in #Hyderabad to have a glance at actor #AlluArjun who arrived there for #PushpaTheRule screening. Police tried to save her but unfortunately declared dead. Kid is safe. pic.twitter.com/BgwpOhxKKm
— Sowmith Yakkati (@YakkatiSowmith) December 4, 2024
এই হুলস্থূলত ৰেৱতী আৰু তেওঁৰ পুত্ৰ আহত হয় । লগে লগে আৰক্ষী জোৱান আৰু ওচৰৰ মানুহে ৰেৱতী আৰু তেওঁৰ পুত্ৰক ভিৰৰ পৰা উলিয়াই আনে । পিছত তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । সন্তানটিক ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ লৈ যোৱা হয়, য’ত তেওঁৰ অৱস্থা সংকটজনক হৈ আছে । কিন্তু দুৰ্ভাগ্যবশতঃ আঘাতপ্ৰাপ্ত ৰেৱতীৰ মৃত্যু ঘটে । তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ লৈ যোৱা হয় ।
Why take a kid to a place knowing there would be a stampede. This is soo irresponsible on the part of parents. The boy fell unconscious and is said to be critical. Prayers for him.
— @Coreena Enet Suares (@CoreenaSuares2) December 4, 2024
Stampede like situation at Sandhya Theatre before the release of #Pushpa2… pic.twitter.com/NXZHBbdApX
এই দুৰ্ঘটনাৰ পিছতে কৰ্তৃপক্ষই অঞ্চলটো ঘেৰাও কৰি থিয়েটাৰৰ গেট বন্ধ কৰি দিয়ে । আনহাতে, ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত নিৰাপত্তা বাহিনীকো মাতি অনা হয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত আৰক্ষীয়ে লাঠি চাৰ্জ কৰি থকা দেখা গৈছে ।
আই এ এন এছৰ মতে, থিয়েটাৰৰ বাহিৰত হোৱা বিশৃংখলতাৰ মাজতে থিয়েটাৰৰ মূল গেটো খহি পৰে । যিহেতু আল্লু অৰ্জুন সেই সময়ত থিয়েটাৰৰ ভিতৰত আছিল, আৰক্ষীয়ে অতিৰিক্ত বাহিনী মোতায়েনৰ সৈতে নিৰাপত্তা বৃদ্ধি কৰে ।
পৰিচালক সুকুমাৰৰ ‘পুষ্পা ২: দ্য ৰুল’ বৃহস্পতিবাৰে একাধিক ভাষাত মুক্তি দিয়া হয় ৷ প্ৰিমিয়াৰ শ্ব'বোৰ বুধবাৰে নিশা ৯.৩০ বজাত তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু বেংগালুৰুৰ নিৰ্বাচিত ছবিগৃহত প্ৰদৰ্শন কৰা হৈছিল ।
লগতে পঢ়ক : অনুৰাগীৰ সৈতে 'পুষ্পা ২: দ্য ৰুল'ৰ প্ৰিমিয়াৰ শ্ব’ চালে পুষ্পা টীমে