ETV Bharat / entertainment

অসমতে অসমীয়াৰ দ্বাৰা নিৰ্মিত ছবিৰ দৰ্শনী বিচাৰি প্ৰতিবাদ - Kooki hindi movie

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:08 PM IST

Kooki hindi movie : পুনৰ বিপদত পৰিছে অসমীয়া পৰিচালক তথা কলা-কুশলীয়ে নিৰ্মাণ কৰা এখন ছবি । দৰ্শনী বিচাৰি খাবলগীয়া হৈছে হাবাথুৰি । সেয়ে অসমীয়া কলা-কুশলীৰে নিৰ্মিত হিন্দী কথাছবি 'কুকি'ৰ বাবে দৰ্শনী বিচাৰি সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ।

Protests in Assam for screenings for films made by Assamese
দৰ্শনী বিছাৰি প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী,২৭ জুন: ২৮ জুনত মুক্তি পাব এদল অসমীয়া পৰিচালক তথা কলা-কুশলীয়ে নিৰ্মাণ কৰা হিন্দী কথাছবি 'কুকি' ৷ ছবিখন মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে অনুৰাধা ছবিগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে 'কুকি'ৰ‌ কলা-কুশলী, তথা শুভাকাংক্ষীয়ে ৷ 'কুকি'ৰ বাবে ছবিগৃহত দৰ্শনী দিব নিবিচৰাৰ অভিযোগ ছবিগৃহৰ মালিকপক্ষ‌ৰ বিৰুদ্ধে । বিগ বাজেটৰ ছবি কল্কিৰ‌ বাবেই 'কুকি'ৰ দৰ্শনী বাতিল কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ।

দৰ্শনী বিচাৰি প্ৰতিবাদ (ETV Bharat Assam)

অনুৰাধা ছবিগৃহত এটা‌ দৰ্শনী দিয়াৰ‌ কথা আছিল যদিও, মালিক পক্ষই বাতিল কৰিছে কুকিক দৰ্শনী দিয়াৰ‌ সিদ্ধান্ত । সেয়ে ছবিখনৰ বাবে দৰ্শনী বিচাৰি বিভিন্ন ছবিগৃহৰ‌ সন্মুখত গণতান্ত্ৰিক প্ৰতিবাদ‌‌ সাব্যস্ত কৰে ছবিখনৰ লগত জড়িত শিল্পী‌, কলা-কুশলীসকলে । চলিত বৰ্ষৰ কান ছবি মহোৎসৱত প্ৰদৰ্শিত হোৱা ছবি কুকিৰ দৰ্শনী নোপোৱাৰ সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ শুভাকাংক্ষী ত্ৰিনয়ন বৰুৱাই কয়, "যিখন ছবি কান ছবি মহোৎসৱত দেখুওৱা হৈছে সেইখন ছবি কিন্তু আজি অসমৰ ছবিগৃহসমূহে দেখুৱাবলৈ বিচৰা নাই । ইয়াৰ আঁৰত এটা বহিৰাগত দুষ্টচক্ৰ জড়িত হৈ আছে । যি চক্ৰই অসমত অসমীয়া শিল্পীসকল উঠি অহাটো বিচৰা নাই । সেয়ে আজি আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছো । আজিৰ এই প্ৰতিবাদ কেৱল কুকিৰ বাবে নহয়, এই আন্দোলন অসমীয়া ছবিৰ ভৱিষ্যতৰ বাবে ।"

উল্লেখযোগ্য যে, ২৮ জুনত দেশৰ ১০০ টা ছবিগৃহত মুক্তি লাভ কৰাৰ কথা ছবিখনে । আহিবলগীয়া এই ছবিখনত অভিনয় কৰিছে ৰিতিশা খাউণ্ড, ৰাজেশ টেইলাং, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকনা, ৰঞ্জীৱ লাল বৰা, মনোজ বৰকটকী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ আদিকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷

লগতে পঢ়ক: ‘কুকি’ৰ এটা শ্বটৰ পিচত কিয় এঘণ্টা কান্দিছিল অভিনেত্ৰী ৰিতিশাই - Kooki

মুক্তি পালে ‘কুকি’ৰ টীজাৰ আৰু ট্ৰেইলাৰ - Kooki hindi movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.