ETV Bharat / entertainment

বানে ধুই নিয়া তেলেংগানা-অন্ধ্ৰ প্ৰদেশলৈ প্ৰভাস-আল্লু অৰ্জুনৰ সহায়ৰ হাত - Prabhas Allu Arjun Flood donation

author img

By ETV Bharat Entertainment Team

Published : Sep 4, 2024, 5:35 PM IST

Prabhas-Allu Arjun donation: অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা দুয়োখন ৰাজ্যতে বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে । বহু টলীউডৰ তাৰকাই সহায়ৰ হাত আগবঢ়াইছে । এতিয়া ছুপাৰষ্টাৰ প্ৰভাস আৰু আল্লু অৰ্জুনৰ নামো এই তালিকাত অন্তৰ্ভুক্ত হৈছে । দুয়োজনে কিমান কোটি টকা আগবঢ়াইছে জানো আহক-

Prabhas and Allu Arjun Extend Generous Support for Telangana And Andhra Pradesh Flood Relief donates crores
প্ৰভাস-আল্লু অৰ্জুন (ETV Bharat/ANI)

চিটাৰা ডেস্ক, 4 ছেপ্টেম্বৰ : যোৱা কিছুদিন ধৰি তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত লাখ লাখ লোক গৃহহীন হৈ পৰিছে । সহায়ৰ বাবে আগবাঢ়ি আহিছে দক্ষিণৰ বহু তাৰকা ৷ মহেশ বাবু আৰু চিৰঞ্জীৱীৰ পিছত এতিয়া প্ৰভাস আৰু আল্লু অৰ্জুনৰ নামো এই তালিকাত সংযোজন হৈছে । দুয়োগৰাকী ছুপাৰষ্টাৰে বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে । শেহতীয়াকৈ প্ৰভাসে বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে এক বৃহৎ অনুদান ঘোষণা কৰিছে । তেওঁ তেলুগু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সাহায্য পুঁজিলৈ 2 কোটি টকাৰ অনুদান আগবঢ়াইছে অৰ্থাৎ দুয়োখন ৰাজ্যলৈ 1 কোটি টকাকৈ অনুদান আগবঢ়াইছে ।

প্ৰভাস আৰু আল্লু অৰ্জুনৰ সহায়ৰ হাত

কল্কি 2898 এডিৰ তাৰকা প্ৰভাসে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানালৈ বান সাহায্যৰ বাবে 2 কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । তেওঁ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 কোটি টকাকৈ অনুদান আগবঢ়াইছে । ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰি আল্লু অৰ্জুনে লিখিছে, ‘তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ বানৰ ফলত হোৱা ক্ষতি আৰু দুখ-কষ্টৰ বাবে মই গভীৰ শোক প্ৰকাশ কৰিছো । এই কঠিন সময়ত মই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 কোটি টকা দান কৰি দুয়োখন ৰাজ্যকে সহায় সহযোগিতা আগবঢ়াইছো আৰু লগতে সকলোৰে সুৰক্ষাৰ বাবেও প্ৰাৰ্থনা কৰিছো । একেদৰে আল্লু অৰ্জুনে তেলুগু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত প্ৰতিখন ৰাজ্যলৈ 50 লাখ টকাকৈ আগবঢ়াইছে ।

সহায় আগবঢ়োৱা তাৰকাসকল

তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত বৰষুণৰ বাবে পৰিস্থিতি বেয়ালৈ গতি কৰিছে ৷ চৰকাৰৰ লগতে টলীউডৰ তাৰকাও আগবাঢ়ি আহিছে সহায়ৰ বাবে । ইয়াৰ পূৰ্বে কল্কি 2898 এডিৰ নিৰ্মাতা আৰু জুনিয়ৰ এন টি আৰে কোটি কোটি টকা আগবঢ়াইছিল । ইয়াৰ পিছত মহেশ বাবু আৰু চিৰঞ্জীৱীয়ে মুখ্যমন্ত্ৰী পুঁজিলৈ বৰঙণি আগবঢ়াইছে । উল্লেখ্য যে, কল্কি 2898 এডি নিৰ্মাতা আৰু চাউথ ছুপাৰষ্টাৰ জুনিয়ৰ এনটিআৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এক কোটি টকাকৈ অনুদান আগবঢ়াইছে । আনহাতে মহেশ বাবু আৰু চিৰঞ্জীৱীয়ে দুয়োখন ৰাজ্যলৈ 50 লাখ টকাকৈ অনুদান আগবঢ়াইছে ।

লগতে পঢ়ক : অন্ধ্ৰ-তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ জুনিয়ৰ এন টি আৰৰ কোটি টকা - Jr NTR donates to flood relief fund

বান বিভীষিকা : অন্ধ্ৰ প্ৰদেশ সাহায্য পুঁজিলৈ অনুদান কল্কি 2898 এডিৰ নিৰ্মাতাৰ - Kalki makers donate Andhra flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.