গুৱাহাটী, 7 জুন : বহুদিনৰ অন্তত এখন শিশু ভিত্তিক ছবি মুক্তি পোৱাৰ দিশে ৷ ছবিখনৰ নাম “ইউ আৰ মাইন” ৷ বাণিজ্যিক আৰু সমসাময়িক ছবিৰ ধামখুমীয়াত বহুদিন ধৰি নিৰ্মাণ হোৱা নাছিল শিশু ভিত্তিক চিনেমা ৷ এতিয়া এক দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত এই নতুন প্ৰজেক্টটো লৈ আশাবাদী প্ৰজেক্টটোৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী ৷
বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ন’ভটেলত অনুষ্ঠিত হয় ছবিখনৰ পোষ্টাৰ মুকলি অনুষ্ঠান । উক্ত অনুষ্ঠানত উপস্থিত থাকে অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী, সুস্মিতা মুখাৰ্জী, অথৰ্ব বিশ্ব শৰ্মা, সংকলিতা ৰয়কে ধৰি ছবিখনৰ লগত জড়িত অন্যান্য কলা-কুশলীসকল । শীঘ্ৰেই ছবিগৃহলৈ আহিব অসমৰ পটভূমিত এদল অসমীয়া শিল্পীৰে অভিনীত এই ছবিখন ৷ মন কৰিবলগীয়া যে “ইউ আৰ মাইন” শীৰ্ষক ছবিখন এখন হিন্দী শিশু ছবি ।
ৰেট ৰেচ ফ্ৰেমছৰ সহযোগত সুবীৰ ৰাজীৱ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ প্ৰযোজনা সুবীৰ দত্তৰ । এক হৃদয়স্পৰ্শী কাহিনীৰে নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে সুমন অধিকাৰীয়ে । মূলতঃ মাজুলীৰ পটভূমিত নিৰ্মাণ কৰা এই ছবিখনত গাঁৱৰ এগৰাকী ১২ বছৰীয়া ছোৱালীৰ কাহিনী দেখুওৱা হৈছে ৷ এই ছবিখনৰ মূল চৰিত্ৰ "মিছমি" ৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰতিভাশালী শিশু নৃত্যশিল্পী ফ্ল’ৰিনা গগৈয়ে । মাজুলীৰ লগতে গুৱাহাটীতো কৰা হৈছে ছবিখনৰ দৃশগ্ৰহণ ।
ছবিখনৰ চিত্ৰনাট্য সংকলিতা ৰয়ৰ । ছবিখনৰ আৱহ সংগীত কৰিছে সুমন অধিকাৰী, ৰাজীৱ ৰয়চৌধুৰী আৰু দুদুল শইকীয়াই । অতি সোনকালেই ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিব ছবিখনে । ছবিখনক লৈ আশাবাদী ছবিখনৰ প্ৰযোজক তথা কলা-কুশলীসকল ।
পোষ্টাৰ মুকলি অনুষ্ঠানত অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী ফ্ল’ৰিনাৰ প্ৰশংসাত পঞ্চমুখ ৷ সিদ্ধাৰ্থ মুখাৰ্জীয়ে শিশুৰ ওপৰত আধাৰিত চিনেমাৰ নিৰ্মাণ কমি গৈছে বুলি অনুভৱ কৰে বুলি ব্যক্ত কৰে ৷ কিন্তু তেওঁলোকে লৈ অহা ছবিখন শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চাব পৰা এখন ছবি বুলি অভিহিত কৰে তেওঁ ৷
আনহাতে এই ছবিখনত অভিনয় কৰিবলৈ পাই বহু কাম শিকিবলৈ পালে বুলি মন্তব্য কৰে ফ্ল’ৰিনাই ৷ "মিছমি" চৰিত্ৰটোৰ সৈতে নিজৰে মিল পালে ফ্ল’ৰিনাই ৷
লগতে পঢ়ক : "প্ৰেম সংকোচন নেহী, প্ৰেম বিস্তাৰ হে" প্ৰেমৰ বাৰ্তাৰে শীঘ্ৰেই আহি আছে কুকি - Kooki hindi movie