ETV Bharat / entertainment

অমন চেহৰাৱতলৈ বলীউড তাৰকাৰ শুভেচ্ছাবাৰ্তা - Paris Olympics And Bollywood stars

author img

By ETV Bharat Entertainment Team

Published : Aug 10, 2024, 7:04 PM IST

Celebs wishes to Aman Sehrawat: পেৰিছ অলিম্পিক 2024 ত ভাৰতীয় মল্লযোদ্ধা অমন চেহৰাৱতে পুৰুষৰ ফ্ৰীষ্টাইল কুস্তিত ভাৰতক ব্ৰঞ্জৰ পদকৰ সোৱাদ দিয়ে ৷ এতিয়া বলীউডৰ পৰা টলীউডলৈকে প্ৰায়সকল তাৰকাই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে ।

Paris Olympics 2024: Samantha Ruth Prabhu to Ranveer Singh these celebs wish Aman Sehrawat to win Bronze in mens Freestyle wrestling
বলীউড তাৰকাৰ শুভেচ্ছাবাৰ্তা (IANS)

চিটাৰা ডেস্ক, 10 আগষ্ট : ভাৰতৰ তাৰকা মল্লযোদ্ধা অমন চেহৰাৱতে পেৰিছ অলিম্পিকত পুৰুষৰ ফ্ৰীষ্টাইল 57 কিলোগ্ৰাম কুস্তিত ব্ৰঞ্জৰ পদক জিকি ভাৰতীয়সকলক গৌৰৱান্বিত কৰিছে । তেওঁৰ বিজয় বলীউডৰ পৰা টলীউডলৈকে চেলেব্ৰেটীসকলে উদযাপন কৰিছে ৷ ছ'চিয়েল মিডিয়াত অমনক সামান্থা ৰুথ প্ৰভু, ৰণবীৰ সিং, ৰকুল প্ৰীত সিং, কৰীণা কাপুৰৰ দৰে তাৰকাসকলে অভিনন্দন জনাইছে ।

Paris Olympics 2024: Samantha Ruth Prabhu to Ranveer Singh these celebs wish Aman Sehrawat to win Bronze in mens Freestyle wrestling
তাৰকাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Instagram Story)

চেলেব্ৰিটীৰ শুভেচ্ছাবাৰ্তা

পুৰুষৰ ফ্ৰীষ্টাইল 57 কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতক এই অলিম্পিকৰ ষষ্ঠ পদক প্ৰদান কৰে অমন চেহৰাৱাটে । কোটি কোটি ভাৰতীয়ই তেওঁক ছ’চিয়েল মিডিয়াত অভিনন্দন জনাইছে । বি টাউনৰ বহু চেলেব্ৰিটীয়ে ছ’চিয়েল মিডিয়াত অমনক শুভেচ্ছা জনায় । দক্ষিণৰ তাৰকা সামান্থা ৰুথ প্ৰভুৱে অমনৰ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘অভিনন্দন অমন চেহৰাৱত ।’ অমন আৰু জেভেলিন থ্ৰ' বিজয়ী নীৰজ চোপ্ৰাক অভিনন্দন জনাই মহেশ বাবুৱে লিখিছে, ‘শুভেচ্ছা, মই অতি সুখী আৰু গৌৰৱ অনুভৱ কৰিছো ।’ বলীউডৰ অভিনেত্ৰী ৰকুল প্ৰীত সিঙে লিখিছে, ‘আন্তৰিক অভিনন্দন অমন চেহৰাৱত, ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে আপোনাক অভিনন্দন, ভাৰতক গৌৰৱান্বিত কৰিছে ।’ অভিনেত্ৰী কীৰ্তি সুৰেশে অমনক অভিনন্দন জনাই লিখিছে, ‘ভাৰতৰ কনিষ্ঠতম অলিম্পিক বিজয়ী অমন চেহৰাৱতলৈ শুভেচ্ছা, কি ঐতিহাসিক বিজয় ।’

বলীউড অভিনেতা ৰণবীৰ সিঙে অমনৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, ‘হাৰিয়ানাৰ সিংহ ।’ এষা গুপ্তাই লিখিছে, ‘অমন চেহৰাৱত, আপুনি আপোনাৰ বিজয়েৰে লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে । আপুনি আমাক বহুত গৌৰৱান্বিত অনুভৱ কৰোৱালে ।’ ইয়াৰ উপৰিও কৰীণা কাপুৰ খান, বিকী কৌশল, দীপিকা পাডুকন, সোণালী বেন্দ্ৰে, মীৰা ৰাজপুতৰ দৰে তাৰকাসকলে অমনক পদক জয় কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে জনাইছে অভিনন্দন

ভাৰতীয় মল্লযোদ্ধা অমন চেহৰাৱতে 9 আগষ্টত পেৰিছ অলিম্পিকত পুৰুষৰ ফ্ৰীষ্টাইল 57 কিলোগ্ৰাম কুস্তিত পুয়েৰ্টো ৰিকোৰ ডাৰিয়ান ক্ৰুজক 13-5 গ'লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে । এই জয়ৰ সৈতে ভাৰতে পেৰিছ অলিম্পিকত ষষ্ঠ পদক লাভ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক এই বিজয়ৰ বাবে অভিনন্দন জনাই কয়- ‘আমাৰ মল্লযোদ্ধাসকলক ধন্যবাদ, আমি আৰু অধিক গৌৰৱান্বিত ! পেৰিছ অলিম্পিকত পুৰুষৰ ফ্ৰীষ্টাইল 57 কিলোগ্ৰাম শাখাত ব্ৰঞ্জ পদক অৰ্জন কৰাৰ বাবে অমন চেহৰাৱতক অভিনন্দন জনাইছো ।’

লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ পুৰুষ হকীত ভাৰতলৈ ব্ৰঞ্জ পদক : উল্লাসিত চলচ্চিত্ৰ জগত - Bollywood Stars on Mens Hocky

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.