চিটাৰা ডেস্ক, 17 এপ্ৰিল : বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই শহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি অমৰ সিং চমকিলাৰ সফলতাৰ পিচতে ছবিখনৰ লগত জড়িত বিভিন্ন পোষ্টেৰে তেওঁৰ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰিছে ৷ ছবিখনত দিলজিৎ আৰু পৰিণীতিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখন মুক্তিৰ পিচতে দৰ্শকৰ লগতে চলচ্চিত্ৰ উদ্যোগৰ বহু লোকে প্ৰশংসা কৰিছে ।
শেহতীয়াকৈ, পৰিণীতিয়ে প্ৰকাশ কৰিছিল যে এটা সময় আছিল যেতিয়া চলচ্চিত্ৰ উদ্যোগত তেওঁৰ সহ-অভিনেতাসকলে তেওঁক ছবিখনৰ এই চৰিত্ৰটো গ্ৰহণ নকৰিবলৈ সতৰ্ক কৰি দিছিল । শেহতীয়া এক সাক্ষাৎকাৰত পৰিণীতিয়ে কৈছিল যে তেওঁৰ সহ-তাৰকাসকলে তেওঁক কৈছিল, 'এই ছবিখন নকৰিব, আপুনি আপোনাৰ কেৰিয়াৰ সমাপ্ত কৰিব পাৰে ৷'
পৰিণীতিয়ে পঞ্জাৱী লোকগায়ক অমৰ সিং চমকিলাৰ পত্নী আৰু গায়িকা সংগী অমৰজোত কৌৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ১৬ কিলোগ্ৰাম ওজন বৃদ্ধি কৰিছিল । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কৈছিল, 'মোৰ মনত আছে যে মোৰ কিছুমান সহ-তাৰকাই কৈছিল যে মই এই ছবিখন কৰিবলৈ কিয় সন্মতি প্ৰকাশ কৰিছিলো ? এইখন ছবিয়ে মোৰ কেৰিয়াৰ ধ্বংস কৰি দিব পাৰে ৷ কিন্তু মই কাৰো কথাই নুশুনিলো, মোৰ মনে মোক ক'লে, নহয়, মই এখন ছবি কৰিম ।'
- " class="align-text-top noRightClick twitterSection" data="">
পৰিণীতিয়ে লগতে কয় যে, ইমতিয়াজ আলীৰ চলচ্চিত্ৰখনত অভিনয় কৰাটো তেওঁৰ বাবে এক সপোন সঁচা হোৱাৰ দৰে আছিল ৷ তেওঁ চমকিলাৰ দৃশ্য়গ্ৰহণৰ সময়ত ভালেকেইটা কামৰ সুযোগ হেৰুৱাব লগা হৈছিল ৷ তেওঁৰ ওজন বঢ়া দেখি বহুতো লোকে অনুমান কৰিছিল যে, তেওঁ গৰ্ভৱতী হৈছে, তেওঁৰ বটক্স হৈছিল ৷ তেওঁৰ বিষয়ে ভিন্নধৰণৰ উৰাবাতৰিও বিয়পিছিল ৷
লগতে পঢ়ক: বিশেষ পোষ্টাৰযোগে অমৰ সিং চমকিলালৈ শ্ৰদ্ধাঞ্জলি আমুলৰ - Amar Singh Chamkila